Posts

✍️চাহিত্ব চাভা🤑🤑🤑

"চাহিত্ব চাভাটো হৈ থাকিব লাগে  চাহিত্বিক কুন্টলে কুন্টলে, আৰু বস্তাই বস্তাই চাহিত্ব ছাপা কৰি থাকব' লাগে ন'। না হলেতো আমি ইমান দিনে মৰিয়েই গলোহয় ন' আজি আপনাৰ বাৰিৰ পৰা আপনাৰ ফটো লাগি থকা এইকিতা বস্তাৰ চাহিত্বখিনি আৰু এই বাকী কছৰাবোৰ কিলোহিচাবত অলপ বেছি দামত বিকৰি কৰিয়েতো আমি চলি আচু আৰু ন' চাৰ আৰু কিবা চাহিত্ব কৰিলে খবৰ কিনতু মোকে দিব হা, লাগলে বস্তাত দু-এক টকা বেচি লৈ লব।  আমি যাব এতিয়া হা আৰু বহু জেগাত যাব লাগে ত' চব একদম চিনাকি হৈ গেছে  "এই ভঙা ছিঙা লোহা পালাচটিক কাগজ চাহিত্ব............... " ---তুফান কছৰাৱালা -------------------------------------------------- ✍️ বিক্ৰম জ্যোতি বৰদলৈ     ১৬-১১-২০২৪

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

✍️ পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম =========================== শ্ৰদ্ধাৰ ৰতন টাটাৰ বিষয়ে এতিয়া মই বিশেষণ লগাই লগাই ৰচনা লিখাৰ প্ৰয়োজন নাই। সমগ্ৰ পৃথিৱীয়েই তেখেতৰ বিষয়ে জ্ঞাত। সমগ্ৰ দেশতেই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আলোচনা বিলোচনা চলিয়েই আছে, শোকত ভাগি পৰিছে বহুতো। গতিকে এই মূহুৰ্তত মই নতুনকৈ তেওঁৰ বিষয়েনো কি লিখিম? কিন্তু মনে নমনাত ইয়াত মই ক'ব বিচাৰিছোঁ মানৱ হিতৈষী টাটাৰ জীৱ-জন্তুৰ প্ৰতি থকা ভালপোৱা। বিশেষকৈ মালিক বিহীন জীৱৰ বাবেও তেখেতেই আছিল ভগৱান। আজিৰ অন্ত্যেষ্টিক্ৰিয়াত অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ লৈ অনা হৈছিল তেওঁৰ মৰমৰ 'গোৱা'ক। প্ৰভু ভক্ত 'গোৱা'ই গম পাইছিল তাৰ গৰাকীৰ অৱস্থা। 'গোৱা' হৈছে ৰতন টাটাৰ পোহনীয়া দেশী, ৰাষ্টাত ঘূৰি ফুৰা মালিকবিহীন এটা কুকুৰ। ১১ বছৰমান আগতে এবাৰ গোৱালৈ যাওঁতে সি ৰতন টাটাৰ পিছে পিছে ঘূৰি ফুৰিছিল। তাকে দেখি মৰম লাগি টাটাই কুকুৰটোক 'বম্বে হাউচ'লৈ লৈ আহে য'ত আছিল আৰু অজস্ৰ মালিকবিহীন ৰাষ্টাৰ; আমাৰ ভাষাত কবলৈ গলে 'ভটুৱা কুকুৰ'। গোৱাৰ পৰা অনাৰ বাবে ইয়াৰ নাম দিয়া হ'ল 'গোৱা'। সকলোকে ভাল পায় যদ...

আদা বেপাৰীক জাহাজৰ খবৰ!===========================

   মামা-মামী, সা-সম্পত্তি, মিঞা, উজনি-নামনি, নানা ৰকমৰ জেহাদ, কোন বেছি অসমীয়া, সৰ্বোপৰি বিশাল, তাৰ্কিক আৰু চুমি, আকৌ চুমিয়ে পিন্ধা কোটি টকীয়া আঙঠি, অৰ্ধকোটি টকীয়া মেখেলা চাদৰ আৰু অন্যান্য কাপোৰ কানি আদিবোৰ ট্ৰেণ্ডিং নিউজ হৈ গোটেইখন জমি থকাৰ সময়তে আমাৰ প্ৰায়সকলেই নজনা বা জনা সকলেও পাহৰি পেলোৱা 'সুনীতা উইলিয়ামছ'ক লৈ কোনো ধৰণৰ উদ্বীগ্নতা কাৰো হোৱা যেন পৰিলক্ষিত হোৱা নাই। অথচ এইগৰাকী প্ৰায় ৬০ বছৰীয়া মহিলা জুন মাহৰ ৫ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ বয়িং ষ্টাৰলাইনাৰত উৰি গৈছিল মাত্ৰ ৮ দিনৰ বাবে আমাৰ বাবেই, মানে বৃহৎ অৰ্থত সমগ্ৰ পৃথিৱীৰে মঙ্গলৰ বাবেই এওলোকৰ এই যাত্ৰাবোৰ আৰু গৱেষণাবোৰ। কিন্তু ষ্টাৰলাইনাৰখনত দেখা দিয়া কাৰিকৰী সমস্যাৰ বাবে নাছাই তেওঁলোকৰ ওভতনি যাত্ৰা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়ে। সেই তেতিয়াৰ পৰাই তেওঁ তাতেই আছে বিভিন্ন গৱেষণাত ব্যস্ত হৈ। এতিয়া খবৰ অনুসৰি তেওঁ হয়টো ২০২৫ৰ ফেব্ৰুৱাৰীতহে উলটিব পাৰে, মানে আচলতে তেখেতৰ ওভতনি যাত্ৰা এতিয়াও অনিশ্চিত। এই মূহুৰ্তত এটাই নিশ্চিত যে এইবাৰ বয়িং ষ্টাৰলাইনাৰত নহয়, এইবাৰ নাছাই সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত ন...

প্ৰকৃতিৰ ওপৰত অত্যাচাৰ

#extreme_weather ✍️✍️✍️ পাৰিপাৰ্শ্বিকতা ================================= ভাবকছোন এবাৰ, যিকোনো উন্নত দেশ এখনত কেৱল মাত্ৰ ৰাষ্টা-ঘাট বহলোৱাৰ নামত শ শ বছৰীয়া ইমান লাখে লাখে বহুমূলীয়া গছবোৰ কাতিবলৈ দিলেহেতেননে বাৰু?  য'ত পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবেই এয়াৰপৰ্ট বনোৱা প্ৰজেক্ট বন্ধ কৰি দিয়ে যাৰ কাৰণটো আছিল সেই অঞ্চলৰ অলপমান ভূমিয়েদি বিশেষ এবিধ পৰুৱা অহা যোৱা কৰে। য'ত ক্ৰিকেট ষ্টেডিয়ামৰ মাজত থকা গছজোপাও নাকাটে। আৰু এনে হাজাৰটা উদাহৰণ দিব পাৰি পিছে দিলে কি হ'ব, পঢ়িবনো কোনে বা পঢ়িনো লাভ হ'ব কি?  ঠিকেই আমাৰ ৰাষ্টা-ঘাট কেতিয়া সম্পূৰ্ণ হ'ব সেয়া সম্পূৰ্ণ গৌণ, মুখ্য হৈছে গছসোপা কাটি লোৱাটোহে। সৰুতে কিতাপত পঢ়া পৰিবেশৰ কথাবোৰ, গছ গছনিৰ অৱদানবোৰ এতিয়া আমি বাস্তৱিকতেই‌ উপলব্ধি কৰিবলৈ পাইছো যোৱা তিনি চাৰি বছৰ মানৰ পৰা। অসমো এতিয়া Extreme Weather ৰ কবলত। গছো আমাক লাগে ৰাষ্টাও আমাক লাগে কিন্তু কোনো উন্নত দেশত আৰু সমাজত এইদৰে কামখিনি কেতিয়াও যে নকৰিলেহেতেন ই ধূৰুপ। প্ৰয়োজন অনুসৰি ৰাষ্টাৰ দিশ সলনি কৰি হ'লেও অধিকাংশ গছ বছালেহেতেন। বিশেষ নকৰি মোৰ নিছিনা গাধ এটাৰ মুৰতে এটা ...

কঙালি বিহুৰ শুভেচ্ছা

কাতি বিহুৰনো কি শুভেচ্ছা জনাম,  মোৰ নিছিনাবোৰৰ সদায়েই 'কঙাল' 'কঙাল' feel এটা দেখোন থাকেই! মাহৰ ১-২ তাৰিখে ভালেই দেখোন থাকে, বেক পকেটটো অলপ ফুলিও থাকে, মানে ফুলায়েই ৰাখোঁ, ৰাইজে সেইবোৰ মণ নকৰে জানি  ভিৰৰ মাজত নিজেই পাৰ্ছটো ওলিয়াই ডাঙৰকৈ কও,  "চাল্লা এই শকত পাৰ্ছবোৰেই মোৰ ছায়টিকা পেইন কৰিছে"!! ৯-১০ তাৰিখমানলৈ ঠিকেই থাকে মিছা ক'লে কিডাল হ'ব- টিপ টপ ড্ৰেছত  'আম্বানী', আম্বানী ফিল এটাও আহে ! তাৰ পিছৰ পৰাহে জানো কাৰ 'নজৰ' লাগে!! উপাধিটোহে একে থাকে ফিলটো কিন্তু  মুকেশৰ নাহে, 'অনিল'ৰহে লাগে!!! ইফালে যাব নোৱাৰি, সিফালে যাব নোৱাৰি চবকে কেৱল মোৰ পইছা সোপাহে যেন লাগে,  ম'বাইলৰ কথানো কি ক'ম! পঞ্চাশটা কল আৰু মেছেজৰ পঞ্চলিছটাই কেৱল কঢ়িয়াই আনে বাৰ্তা ল' বেলেঞ্চৰ  আৰু বাকী কেইটাই ই এম আই বিচাৰে,  CIBILৰ ধমক দিয়ে !! সৰুতেযে পঢ়িছিলোঁ  "কাতি বিহু কঙালি মাঘৰ বিহু ভোগালী বহাগ বিহু ৰঙালী" পিছে কিয় জানো মোৰযে  কঙালিতে লাগি ধৰিলে আগবাঢ়িবৈ নোৱাৰিলোঁ  পাছৰ শাৰীলৈ। সেয়াই জীৱন  মোৰ। প্ৰথমতে কৈছিলোয়েই কঙালি বিহুৰনো কি শুভেচ্...

সুধা মূৰ্তি- বহুতৰে আদৰ্শ, প্ৰেৰণাৰ উৎস।

     অলপদিনৰ আগতে বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি দেখিছিলো সেইবাৰৰ কপিল শৰ্মা শ্ব'ৰ এগৰাকী অতিথি হ'ব পদ্মভূষণ সন্মানেৰে সন্মানিত সুধা মূৰ্তি। অনুষ্ঠানটোৰ প্ৰচাৰ হৈ গ'ল নিশ্চয়, যদিও মোৰ কতো ক্লিপ এটাও চাবলৈ নহ'ল। এতেকে সেই অনুষ্ঠানত মূৰ্তিয়ে কি ক'লে বা নকলে মই নাজানো কিন্তু ই মোক আকৌ মনত পেলাই দিলে এইগৰাকী সমাজ সেৱী, মানৱ হিতৈষী, বিশিষ্ট লেখিকা, অভিযন্তা, গণিতজ্ঞ, ইনফ'ছিছৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য, ইনফ'ছিছ ফাউণ্ডেশ্যনৰ স্ৰষ্টা আৰু কি কি ক'ম বা আৰু কি কি গুণসম্পন্ন নাজানো কিন্তু আৰু বহুতো বিশেষণেৰে বিভূষিত যে সেয়া নিশ্চিত বিষয়ে।       বহু বছৰৰ আগতেই এখেতৰ বিষয়ে দুই চাৰিষাৰিমান লিখিছিলোঁ আৰু তেতিয়াই ভাবিছিলো তেখেতৰ বিষয়ে অধিক অধ্যয়ন কৰি আকৌ লিখিম। পিছে আমি ক্ষুদ্ৰ মনুষ্যৰ ব্যস্ততাৰ অন্তই নাইযে !!! ক'বলৈ লাজেই লাগে। বাৰু সেইবোৰ থাকক আজি পাৰিলে তেখেতৰ বিষয়ে আকৌ দুই এষাৰ কথাকে পুনৰ লিখো। ৰিপিটেই হ'ব কিন্তু ভাল মানুহৰ বিষয়ে বাৰে বাৰে লিখিলেও আৰু পঢ়িলেও আমনি নালাগে।      ১৯৫০ চনত কৰ্ণাটকৰ এক অভিজাত, শিক্ষিত আৰু ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহ...

✍️ ব'ম ফুটাও আহক 😇

        "আৰে মই কৈছোঁ নে নাই সি মোক নোসোধাকৈ বা মোলৈ ফোন নকৰাকৈ কোনো ডিছিচনেই নলয়। ৰয়েলছত জইন কৰোতেও মোক সুধিছিল, ময়েই কলো যা অলপ এক্সপোজাৰ পাবি, গৈ আহ। কালিও লগ কৰিবলৈ বিচাৰিছিল কিন্তু মই আকৌ গুৱাহাটীলৈ যাবলৈ সময়েই মিলাব নোৱাৰিলো ন"।              এইদৰে কৈয়েই হেমন্ত দাই গ্ৰুপটোৰ মাজৰপৰা ওলাই কেপিৰ পিকসোপা পেলাই আহি আকৌ আৰম্ভ কৰিবলৈ ধৰিছিলে কিন্তু শ্ৰোতা প্ৰায় শূণ্য হোৱাত সেইদিনালৈ সমাপ্ত হ'ল , সমাপ্ত হ'ল মানে এই ব'ম ফুটুৱা কাৰ্যসূচীৰ। আপোনালোকে আকৌ সচাসচি ব'ম ফুটুৱা বুলি ভাবি থকা নাছিলটো ?        আচলতে হেমন্ত দাই কৈ আছিল ৰিয়ানৰ কথা, হেমন্ত দাই হেনো ক্লাবত খেলোতে সি তেনেই সৰু ল'ৰা আছিল আৰু তেতিয়াই হেনো হেমন্তদাই তাক ক্ৰিকেটৰ কখগঘ শিকাইছিল। সচা মিছা আমি কোনেও নাজানো, কোনো সেই সময়ৰ মানুহো লগ পোৱা নাই যি দেখিছিল আৰু কোনোদিনেই দূৰ দূৰণিলৈও ৰিয়ানৰ লগত কোনো সম্পৰ্ক থকাৰ ফটো এখনো দেখা নাই। এদিন ৰিয়াজদাইহে আমি ভাবি থকা কথাটো একদম কনফাৰ্ম কৰি দিলে বোলে হেমন্তদাই সেইবোৰ বাদেই ৰিয়ানক লাইভ দেখিয়ে...