✍️ বেমাৰ হোৱাটো ভাল! (তিনিবছৰ আগৰ এই লেখাটো সময়ৰ আহ্বানত পুনৰ প্ৰকাশ কৰিলোঁ)
'বেমাৰ হোৱাটো ভাল', বেমাৰত পৰিব লাগে। হয় ঠিকেই পঢ়িছে, মাজে মাজে কেইবছৰমানৰ মূৰে মূৰে আমি বেমাৰত পৰাটো আজিৰ দিনত খুবেই জৰুৰী হৈ পৰিছে। বেমাৰ মানে মই কোনো মাৰাত্মক দূৰাৰোগ্য বেমাৰৰ কথা কোৱা নাই, কিন্তু চাৰি পাচদিনমানৰ বাবে বিচনাত পৰাকৈ জ্বৰ পানী লগা জাতীয় বেমাৰৰ কথাহে কৈছোঁ। আজিকালি এই যান্ত্ৰিক যুগত আমিবোৰ ইমানেই যন্ত্ৰ হৈ পৰিছোহক যে আনৰ লগত বাদেই দিলোঁ নিজৰ লগতো এষাৰ কথা পাতিবলৈ সময়ৰ অভাৱ হৈ পৰিছে। আৰু নিজৰ মাজত অকনমান সময় যি বিচৰণ কৰিব নোৱাৰে বা নকৰে সি প্ৰকৃতাৰ্থতে যন্ত্ৰলৈ ৰূপান্তৰিত হয়। আগৰ দিনত মানুহে খেতি খোলা সামৰি বা অইন প্ৰয়োজনীয় কাজখিনি কৰি অ'টাই বাহিৰৰ চোতালতে বা জুহালৰ কাষত বহি সমনীয়াৰ লগত সুখ দুখৰ কথা পাতিছিল আৰু অকলশৰীয়া অৱস্থাত সুবিশাল আকাশৰ মাজত নিজৰ অৱস্থিতি বিচাৰিছিল। এই অভ্যাসৰ বাবেই তেওঁলোকৰ মনবোৰ বহল হৈছিল, মানবীয় গুণবোৰৰ বিকাশ ঘটিছিল। মাজে মাজে যদি আপুনিও আকাশৰ ফালে একোবাৰ চোৱাৰ অভ্যাস কৰে দেখিব আপোনাৰ মনৰ পৰাও অহংকাৰ ভাব নাইকিয়া হৈছে, আপুনি বুজি উঠিব কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ আপুনি আৰু তাতোকৈ ক্ষুদ্ৰ আপোনাৰ অহংকাৰ। বৰ্তমানৰ যুগত আগতেই কৈ অহাৰ দৰেই ...