✍️ বিমূৰ্ত মোৰ নিশাতি
✍️ বিমূৰ্ত মোৰ নিশাতি ----------------------------------------------------- ভূপেন হাজৰিকাৰ বিষয়ে বা তেখেতৰ গানৰ বিষয়ে দুআসাৰ লিখাৰ দুঃসাহস কেনেকৈ কৰিছো নিজেই নাজানো। হয়তো এয়া কৰি নিজকে ভুচুং পহুও সজাব পাৰো, কিন্তু ইমান দিনৰ পৰা ভাবি থকা কথাবোৰ নকলেও মনে নামানে বাবেই এই ৰচনা আৰম্ভ কৰিছো। এইখন হয়তো গোটেই ভুলৰেই সমাহাৰো হ'ব পাৰে, বিজ্ঞজনে শুধৰাই দিলে কৃতাৰ্থ হ'ম। ভূপেন হাজৰিকাৰ গানৰ আটাইতকৈ ডাঙৰ বিশেষত্ব কি বুলি শুধিলে মোৰ উত্তৰ হ'ব যে তেখেতৰ গীতবোৰ কালজয়ী ক্লাচিক আৰু এই গীতবোৰৰ অৰ্থ, ৰস, সোৱাদ ভিন্ন সময়ত ভিন্ন আৰু ভিন্ন জনৰ বাবেও ভিন্ন। তেখেতৰ প্ৰায় সকলো গীতেই Contemporary। সকলো সময়ৰ বাবেই উপযুক্ত অৰ্থাৎ গানবোৰ ভূট, বৰ্তমান আৰু ভৱিষ্যত এই তিনিও কালতেই সমানেই প্ৰযোজ্য। আপুনি সৰুতেই শুনা তেখেতৰ গান এটা আজিও শুনে, নহয়নে। সৰুতে সেই গানটোৰ অৰ্থ বা ৰস আপোনাৰ বাবে যি আছিল আজি সেই একেটা অৰ্থ নাই বা নাপাবও পাৰে, এতিয়া আপুনি সম্পূৰ্ণ এটা বেলেগ মাদকতাও উপলব্ধি কৰিব পাৰে। একেটা গান দিনত আঁতৰৰ পৰা মাইকত বাজি থাকোঁতে শুনি ...