Posts

Showing posts with the label #সন্মান #অৰুণদাস

'শ্ৰাদ্ধ'ৰ পৰা 'শ্ৰদ্ধা'লৈ- এক বিৰামহীন দীঘলীয়া যাত্ৰা। (আমি সন্মান দিবলৈ কেতিয়া শিকিম- ১)

শিৰোনামটো পঢ়ি হয়তো বহুতে আচৰিত হৈছে বা একো ধৰিব পৰা নাই, নহয় জানো? এতিয়া ভালকৈ বুজাই কও। আমাৰ জাতিটোৰ এটা দুৰ্নাম আছে 'শৰাধ খোৱা জাতি' বুলি। কথাখিনি শুনিবলৈ যেনেকৈ বেয়া, মানিবলৈ আৰু বেয়া। কিন্তু মই নিজকে এই দুৰ্নামৰ এজন অংশীদাৰ বুলিবলৈ অকনো কুন্ঠাবোধ নকৰোঁ। আৰু এইযে 'আমি' বুলি কৈছোঁ সেয়াও মুখ্যতঃ মই নিজকে কোৱাৰ দৰেই। দীঘলীয়া নকৰি পোনে পোনে আৰম্ভ কৰো। আমি সদায় গুণী জ্ঞানী ব্যক্তিসকলক খুব কমেইহে তেখেতসকলৰ প্ৰাপ্য সন্মান জীৱিত অৱস্থাত বা কৰ্মৰত অৱস্থাত দিয়া দেখিছোঁ। কিন্তু সেই একেজন ব্যক্তিয়েই মৃত্যুৰ পিছত বা অৱসৰৰ পাছত হোৱা বিদায় সভাত হৈ পৰে মহান। 'টক শ্ব', বিভিন্ন আলোচনা বিলোচনা চলে তেওঁৰ মহানতাৰ ওপৰত বা তেখেতৰ কৰ্মৰাজীৰ ওপৰত। দুদিন আগলৈকে মানুহজন জীৱিত নে মৃত সেই খৱৰ নৰখাজনেও সলসলীয়াকৈ তেওঁৰ গুণানুকীৰ্তন কৰিব‌ পৰা হয়। কিন্তু মানুহ এজনৰ মৃত্যুৰ পিছত এইবোৰ 'নাটক' কৰাৰ কিবা অৰ্থ আছে জানো?  মই নাভাবো কিবা লাভ হয় বুলি।  আজিকালিৰ টেঙৰ ধূৰ্ত অলপমানক বাদ দিলে তাহানিৰ বহুতো শিল্পীৰ জীৱনটোৱেই নৰক সদৃশ আছিল। কাৰো পৰা সহায় সহযোগ বাদেই এষাৰ মাতো নোপোৱ...