✍️ ব'ম ফুটাও আহক 😇

        "আৰে মই কৈছোঁ নে নাই সি মোক নোসোধাকৈ বা মোলৈ ফোন নকৰাকৈ কোনো ডিছিচনেই নলয়। ৰয়েলছত জইন কৰোতেও মোক সুধিছিল, ময়েই কলো যা অলপ এক্সপোজাৰ পাবি, গৈ আহ। কালিও লগ কৰিবলৈ বিচাৰিছিল কিন্তু মই আকৌ গুৱাহাটীলৈ যাবলৈ সময়েই মিলাব নোৱাৰিলো ন"।      
       এইদৰে কৈয়েই হেমন্ত দাই গ্ৰুপটোৰ মাজৰপৰা ওলাই কেপিৰ পিকসোপা পেলাই আহি আকৌ আৰম্ভ কৰিবলৈ ধৰিছিলে কিন্তু শ্ৰোতা প্ৰায় শূণ্য হোৱাত সেইদিনালৈ সমাপ্ত হ'ল , সমাপ্ত হ'ল মানে এই ব'ম ফুটুৱা কাৰ্যসূচীৰ।
আপোনালোকে আকৌ সচাসচি ব'ম ফুটুৱা বুলি ভাবি থকা নাছিলটো ?

       আচলতে হেমন্ত দাই কৈ আছিল ৰিয়ানৰ কথা, হেমন্ত দাই হেনো ক্লাবত খেলোতে সি তেনেই সৰু ল'ৰা আছিল আৰু তেতিয়াই হেনো হেমন্তদাই তাক ক্ৰিকেটৰ কখগঘ শিকাইছিল। সচা মিছা আমি কোনেও নাজানো, কোনো সেই সময়ৰ মানুহো লগ পোৱা নাই যি দেখিছিল আৰু কোনোদিনেই দূৰ দূৰণিলৈও ৰিয়ানৰ লগত কোনো সম্পৰ্ক থকাৰ ফটো এখনো দেখা নাই। এদিন ৰিয়াজদাইহে আমি ভাবি থকা কথাটো একদম কনফাৰ্ম কৰি দিলে বোলে হেমন্তদাই সেইবোৰ বাদেই ৰিয়ানক লাইভ দেখিয়েই পোৱা নাই আৰু মাত্ৰ মানুহৰ মাজত সুবিধা পালেই এই ধৰণৰ ডাঙৰ ডাঙৰ কথা আৰম্ভ কৰি দিয়ে, যিবোৰকে আমি ব'ম ফুটোৱা বুলি কও, মানে কথাৰ ব'ম।
    
        এইটো আছিল ব'ম ফুটুৱাৰ বিষয়ে জানিবলৈ দিয়া এটা উদাহৰণহে মাত্ৰ, সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত নহয়।
        কিন্তু আপুনি আপোনাৰ চাৰিওফালে চাওক লগতে নিজকো চাবলৈ নাপাহৰিব দেই, দেখিব ব'ম ফুটাব নোৱাৰিলেও কথাৰ ফুলজাৰি মৰা মানুহ অগণন, তাৰে মাজৰ হয়তো এজন আপুনি নিজেই।
  প্ৰায় প্ৰতিজন মানুহৰে নিজকে অলপ জহোৱা, মানে প্ৰকৃততকৈ অলপ বেছি বেছি দেখুওৱাৰ প্ৰৱণতা এটা থাকে আৰু সুবিধা পালেই তেওঁলোকে তাৰ সদ্ব্যৱহাৰ কৰে। কিছুমানৰখিনি শুনি থাকিব পৰা বিধৰ, মানে কথাৰ ফুলজাৰি।
কিছুমানৰখিনি আকৌ বৰ শ্ৰুতিকতু হয় । এনেদৰেই শ্ৰুতিকটু হৈ‌ হৈয়েই এসময়ত কথাৰ ব'মৰ ৰূপত বিস্ফোৰিত হয়গৈ। এইধৰনৰ মানুহ সৰ্বত্ৰ বিদ্যমান আৰু এয়া মানুহৰ স্ব-অভ্যাসত পৰিণত হয়গৈ যিটো তেওঁৰ বাবে কোনো অস্বাভাৱিক নহয় তেনেই স্বাভাৱিক।
      আচলতে এনে মানুহৰ সৃষ্টি হয় কৰপৰা আৰু কেনেকৈ সেয়া ভাবি চাবলগীয়া।
     মই কোনো মনোবিজ্ঞানীও নহয় আৰু ইয়াৰ ছাত্ৰও নহয় কিন্তু কিছুমান কথা মই বৰ সূক্ষ্মভাবে বিশ্লেষণ কৰি ভাল পাওঁ। এইদৰেই এই ব'ম ফুটুৱা মানুহৰ বিশ্লেষণ কৰি মই এটা সাধাৰণ সাদৃশ্য দেখা পাইছোঁ। এই বিষয়েই দুআষাৰ লিখি (নে দুটামান ব'ম ফুটাই) এই বিষয়টো আজিলৈ সামৰিম।
প্ৰত্যেক মানুহৰে শৈশৱ কালছোৱা একে নহয়। বাল্যকালৰ সময়ছোৱাতকৈ আকৌ বেলেগ হয় পিছৰ জীৱন। সকলোৰে শৈশৱ কালছোৱা একে নহ'লেও এটা মিল প্ৰায় সকলোৰে শৈশৱত পোৱা যায় আৰু সেয়া হৈছে ডাঙৰ হৈ ডাঙৰ কিবা এটা হোৱাৰ আৰু কৰাৰ সপোন। এই ডাঙৰ কিবা এটাটো সকলোৰে বেলেগ হ'ব পাৰে। কোনোবাই ভাবে ডাঙৰ চাকৰিয়াল হ'বলৈ, কোনোৰ সপোন খেলুৱৈ বা অভিনেতা হোৱাৰ এনেধৰণৰ। মুঠতে লক্ষ সকলোৰে বা প্ৰায় সকলোৰে একেই ডাঙৰ মানুহ হোৱা আৰু বিখ্যাত হোৱা।
     লাহে লাহে সময় আগবাঢ়ে আৰু ল'ৰালিৰ সপোনবোৰ দেখোন কমি আহে। মানুহবোৰ ডাঙৰ হৈ আহে, তাতোকৈ সৰু হৈ আহে তেওঁলোকৰ সপোনবোৰ আৰু এটা সময় আহে যেতিয়া সেই সৰুকালৰ সপোনৰ কথা প্ৰায় পাহৰি পেলাই অধিকাংশই সংগ্ৰাম কৰিবলগীয়া হয় ভাতমুঠি যোগাৰ কৰাত। জীৱন যুদ্ধত তেওঁলোক এনেদৰে সোমাই পৰে যে তেওঁলোকৰ সপোনবোৰো এতিয়া সপোনৰ দৰেই হৈ পৰে, ৰাতিটো কি দেখিছিল পুৱাতেই পাহৰি যোৱা।
    
     এইদৰেই যুজি যুজি অৱশেষত বহুতেই জীৱনত স্থিৰতা কিছুপৰিমানে হ'লেও ঘূৰাই পায়। জীৱন যুদ্ধত তেওঁলোক পৰাজিত সৈনিক, পলৰীয়া সেনা কিন্তু হ'লেও জীৱিত সৈনিক। আৰু ঠিক এনে বহুসংখ্যক মানুহেই আকৌ আৰম্ভ কৰে সপোন দেখাৰ, নাই আচলতে কোৱাটো ভুল হৈছে। ঠিক এনে বহুসংখ্যক মানুহেই আকৌ আৰম্ভ কৰে নিজৰ সপোন কোৱাৰ, নিজৰ অসম্পূৰ্ণ, নিজৰ বাবে অসম্ভৱ সপোনৰ কথা। অধিকাংশই স্বজ্ঞানে নাজানে আচলতে তেওঁলোকে কি কৈ আছে। একক চাৰি কৰি, চাৰিক ষোল্ল কৰি কৈ কৈ তেওঁলোক ইমানেই অভ্যস্ত হৈ পৰে যে এটা সময়ত তেওঁলোকে নিজৰ মিছাখিনিকে নিজেও সচা বুলি ভাবিবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে ধৰক বহুতৰেই মেট্ৰিক পৰীক্ষাৰ সময়ত সদায় সেই একেই কাহিনী, কিয় আৰু কেই নম্বৰৰ কাৰণে তেওঁ ষ্টেণ্ড নকৰিছিল, ফাৰ্ষ্ট ডিভিজন নাপাইছিল বা ফেইল কৰিছিল, তাৰ বাবে জগৰীয়া কোন আদি।
আকৌ কিছুমানৰ মহা বীৰত্বৰ কাহিনী, কেনেকৈ তেওঁ কেৰাণী থাকোঁতে মহা প্ৰতাপী IAS অফিচাৰক ফেপেৰী পাতি ওভটি ধৰি ৰাইজৰ সুবিধাৰ্থে কাম কৰা  কাহিনীবোৰ (যিবোৰৰ নিৰপেক্ষ বৰ্ণনাও সকলোৰে মুখে মুখে আৰু সকলোৱেই জানে কেনেকৈ কেৰাণীজনহে যে আচলতে ভিলেইন প্ৰমাণিত হৈছিল তেওঁৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে) আৰু এইসময়তে তেওঁলোকে ব'ম ফুটুৱাও আৰম্ভ কৰে।

      অলপ অচৰপ ফাকি বা ফুটনি সকলোৱেই কয় আৰু মাৰে কিন্তু ওপৰত উল্লেখিত সকলে সেই সাধাৰণ সীমা কেতিয়াবাই লংঘন কৰি ক'ৰবাত পাইগৈ। অসীমতহে থাকে তেওঁলোকৰ সীমা।
      তেওঁলোকে কথাৰ ব'মবোৰ কাচিৎহে মিছা বুলি মানি লয় আৰু কাচিৎহে নমৰাকৈ থাকে, নহলে তেওঁলোকে সেইবোৰকে সচা সাজি নিজৰ ব্যৰ্থ জীৱনত ঢোকা ভেজা দি পোনাই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখে। এনেধৰণৰ মানুহেই কয় আৰু ভাৱেও যে মুখ্যমন্ত্ৰীয়ে ৰাষ্টাইদি হাতজোকাৰী যাওতে তেওক দেখি চিনি পাইহে হাত জোঁকাৰি অভিনন্দন জনাইছিল (কিয় নিৰ্বাচনৰ প্ৰচাৰত আহোতে তেওঁক লগ পাইছিল যে, তেতিয়াই চিনাকি হোৱা আকৌ 🤓)।
এই ধৰণৰ মানুহৰ মানসিক অৱস্থাটো অতিমাত্ৰাই দূৰ্বল। সকলোৱেই অনুমান কৰিব পৰা ঘটনা এটা যেতিয়া ঘটে আৰু যিটোৰ বিষয়ে ইতিমধ্যে প্ৰায় সকলোৱেই আলচ কৰিয়েই আছিল অলপ দিনৰ পৰা, কিন্তু এইসকল বোমাৰুৱে (?) ভাবে যে তেওঁলোকে কোৱা বাবেহে এইবোৰ হৈছে। এইদৰেই এওঁলোকে নিজৰ বাবে অলপ হ'লেও ৰোমাঞ্চ আৰু গুৰুত্ব গোটাই লবলৈ চেষ্টা কৰে।
এয়া ঠিক ৰাতিপুৱা কুকুৰা চৰায়ে ডাক দি ভবাৰ দৰে যে সি ডাক দিয়া বাবেহে ৰাতিপুৱাইছে, নহ'লে ৰাতিয়েই হৈ থাকিলেহেতেন।
     অতিমাত্ৰা বিৰক্তিকৰ হ'লেও যদিহে নিজৰ আৰু আনৰ বাবে হানিকাৰক নহয়, এনে ব্যৰ্থ পৰাজিত সকলক তেওঁলোকৰ সপোনপুৰীতে মানে 'মূৰ্খৰ স্বৰ্গতে'ই থাকিবলৈ দিয়া উচিত। অন্ততঃ তাতেই তেওঁলোক সুখত থাকক, ৰজা হৈ থাকক আৰু ইচ্ছা অনুসৰি বোমা বিস্ফোৰণ কৰি থাকক 👽।
    
      আৰু এইবোৰ মহা পণ্ডিতৰ দৰে বিশ্লেষণ কৰি লিখি ময়ো দুটামান যে ব'মেই ফুটাইছো গম পাইছোঁ, কোৱা নিষ্প্ৰয়োজন। ধন্যবাদ।
   --------------++++++++++-------------

©️: বিক্ৰম জ্যোতি বৰদলৈ
📲: ৯৯৫৪৩০৬৬৫৪
✍️: readbikram@blogspot.com

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================