Skip to main content

সুধা মূৰ্তি- বহুতৰে আদৰ্শ, প্ৰেৰণাৰ উৎস।

     অলপদিনৰ আগতে বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি দেখিছিলো সেইবাৰৰ কপিল শৰ্মা শ্ব'ৰ এগৰাকী অতিথি হ'ব পদ্মভূষণ সন্মানেৰে সন্মানিত সুধা মূৰ্তি। অনুষ্ঠানটোৰ প্ৰচাৰ হৈ গ'ল নিশ্চয়, যদিও মোৰ কতো ক্লিপ এটাও চাবলৈ নহ'ল। এতেকে সেই অনুষ্ঠানত মূৰ্তিয়ে কি ক'লে বা নকলে মই নাজানো কিন্তু ই মোক আকৌ মনত পেলাই দিলে এইগৰাকী সমাজ সেৱী, মানৱ হিতৈষী, বিশিষ্ট লেখিকা, অভিযন্তা, গণিতজ্ঞ, ইনফ'ছিছৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য, ইনফ'ছিছ ফাউণ্ডেশ্যনৰ স্ৰষ্টা আৰু কি কি ক'ম বা আৰু কি কি গুণসম্পন্ন নাজানো কিন্তু আৰু বহুতো বিশেষণেৰে বিভূষিত যে সেয়া নিশ্চিত বিষয়ে। 
     বহু বছৰৰ আগতেই এখেতৰ বিষয়ে দুই চাৰিষাৰিমান লিখিছিলোঁ আৰু তেতিয়াই ভাবিছিলো তেখেতৰ বিষয়ে অধিক অধ্যয়ন কৰি আকৌ লিখিম। পিছে আমি ক্ষুদ্ৰ মনুষ্যৰ ব্যস্ততাৰ অন্তই নাইযে !!! ক'বলৈ লাজেই লাগে। বাৰু সেইবোৰ থাকক আজি পাৰিলে তেখেতৰ বিষয়ে আকৌ দুই এষাৰ কথাকে পুনৰ লিখো। ৰিপিটেই হ'ব কিন্তু ভাল মানুহৰ বিষয়ে বাৰে বাৰে লিখিলেও আৰু পঢ়িলেও আমনি নালাগে।
     ১৯৫০ চনত কৰ্ণাটকৰ এক অভিজাত, শিক্ষিত আৰু ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা সুধা মূৰ্তিয়ে (পৈত্ৰিক উপাধি কুলকাৰ্ণি) অতি সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ সৰ্বোচ্চ নম্বৰেৰে উত্তীৰ্ণ হৈ সেই সময়ত কৰ্ণাটক চৰকাৰে দিয়া নগদ ধনৰ পুৰস্কাৰ লাভ কৰিছিল। মূৰ্তিৰ দেউতাক আছিল এজন চাৰ্জন। তেওঁ কৰ্ণাটক মেডিকেল কলেজৰ প্ৰসূতি বিভাগৰ এজন অধ্যাপক আছিল। আনহাতে সুধাৰ মাক আছিল এগৰাকী শিক্ষক। গতিকে সুধা মূৰ্তিয়ে ছোৱালী হৈও পঢ়া শুনাত বিশেষ বাধা পোৱা নাছিল। কিন্তু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈ তেওঁ নিজৰ পিছৰ পঢ়া-শুনাৰ বিষয়ে যেতিয়া নিজৰ সিদ্ধান্তৰ কথা জনালে তেতিয়া সুধা মূৰ্তিৰ নিজৰ ভাষাতেই ক'বৰ দৰে ঘৰত বোমা বিস্ফোৰণ হোৱাৰ দৰেই হ'ল। 
     ইয়াৰ কাৰণটো হ'ল সুধাই উচ্চ শিক্ষাৰ বাবে অভিযান্ত্ৰিক শিক্ষাক বাছনি কৰিছিল আৰু সেই সময়ত ছোৱালীৰ বাবে সেয়া আছিল প্ৰায় নিষিদ্ধ। ৰক্ষণশীল সমাজৰ হৈ পঢ়িবলৈ পোৱাটোৱেই এক ডাঙৰ সফলতা আছিল কিন্তু অভিযান্ত্ৰিক শিক্ষা গ্ৰহণত সকলোৱেই একেমুখে বিৰোধিতা কৰিছিল। কিন্তু নাছোৰবান্দা সুধা মূৰ্তিৰ সমুখত সেই বিৰোধিতা নিটিকিল আৰু তেওঁ বি কে বি অভিযান্ত্ৰিক মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে আৱেদন দাখিল কৰিলে। উচ্চতৰ মাধ্যমিকৰ সুন্দৰ নম্বৰৰ ভিত্তিত তেওঁ তাত অতি সহজেই স্থান লাভ কৰিছিল কিন্তু তাতো বেলেগ ধৰণৰ বহু বাধা আহিছিল যিবোৰৰ বিষয়ে সুধা মূৰ্তিয়ে নিজেই লিখিছে। 
     অৰ্হতাৰ ফালৰ পৰা কলেজত নামভৰ্তিত বাধা দিয়াৰ কোনো উপাই নথকাত কলেজৰ অধ্যক্ষই সুধা মূৰ্তিক নাম ভৰ্তি কৰি দিলে কিন্তু কেইবাটাও চৰ্তও বান্ধি দিলে যেনে কলেজলৈ সদায় চাদৰ মেখেলা পৰিধান কৰি আহিব লাগিব, কলেজৰ কোনো ল'ৰা বা পুৰুষৰ লগত কথা পাতিব নোৱাৰিব, কলেজ কেন্টিনত প্ৰৱেশ নিষিদ্ধ ইত্যাদি। সুধাই আটাইবোৰ চৰ্ততে সন্মতি দিলে আৰু নামভৰ্তি কৰিলে।
এইখিনিতে কিন্তু সমস্যাৰ অন্ত নপৰিল বৰং তাতোকৈ ডাঙৰ সমস্যা কেইটামান আলোচনা কৰিবলৈ মুৰ্তি পৰিয়ালক অধ্যক্ষই মাতিহে পঠিয়ালে। অধ্যক্ষৰ বাবে এইকেইটা সচাই সমস্যা আছিল। প্ৰথম সমস্যাটো হ'ল কলেজখনত পুৰুষৰ বাদে কোনো মহিলা নাছিল সেয়েহে মহিলাৰ বাবে কোনো প্ৰসাৱগাৰৰ বা বাথৰুমৰ ব্যৱস্থা নাছিল। দ্বিতীয়তে মহিলাৰ বাবে কোনো অতিৰিক্ত কোঠা নাছিল য'ত শ্ৰেণী নথকা সময়ত বহিব পাৰি। 
সৰ্বোপৰি ৰক্ষণশীল এখন সমাজৰ মাজত সকলো পুৰুষৰ লগত এগৰাকী মহিলাই পঢ়িব সেইটোৱেই মুখ্য বাধা আছিল। কাৰণ এইটো কৰাৰ পিছত সমাজে বা অধ্যক্ষক কি ৰূপে গ্ৰহণ কৰে সেয়াও এক চিন্তনীয় বিষয় আছিল তেওঁৰ বাবে। 
বাৰু যাই কি নহওঁক, বহু বাধা বিঘিনিৰ মাজেদি হ'লেও অৱশেষত সুধা মূৰ্তিৰ কলেজত নামভৰ্তি হ'লগৈ।

     প্ৰথম দিনা সুধাই এখন বগা কপাহী কাপোৰৰ চাদৰ পৰিধান কৰি গৈছিল আৰু সেইখনৰ নিচিনা কাপোৰেই তেওঁ কলেজীয়া দিনকেইটাত পিন্ধিছিল। বৰ্তমানেও তেখেতে অতি সাধাৰণ ধৰণৰ পোছাক পৰিধান কৰে চাবচোন। 
অধ্যক্ষই তেওঁক মাতি আনি ক'লে তেওঁ পাব পৰা সমস্যাবোৰৰ কথা লগতে ওপৰ মহলাৰ এটা কোঠা তেওঁৰ বাবে খালি কৰাই থোৱাৰ কথাও ক'লে যিটো শুনি সুধা মূৰ্তিয়ে বিৰাত ফূৰ্তি পালে আৰু প্ৰথমে ৰূমটোকে চাবলৈ গ'ল। পিছে ৰুমৰ অৱস্থা দেখি হতাশ হৈ পৰে। ধুলিৰে পোত খাই থকা হয়তো এইটো বেয়া হোৱা সামগ্ৰীৰ গুদাম টাইপৰ ৰুমহে আছিল। চকিদাৰক এটা ঝাৰু আৰু এখন ভিজা কাপোৰ বিচাৰি যোগাৰ কৰি লৈ সুধাই নিজেই চাফ চিকুনৰ কামত লাগি গ'ল আৰু অৱশেষত কোনোমতে মানুহ বঢ়িব পৰা কৰিলে।
ক্লাছত তেওঁ অকলশৰীয়াকৈ বঢ়িব লগা হৈছিল আৰু কেতিয়াবা কিছুমান সহপাঠীৰ ঠাত্তা-মস্কৰাৰো সন্মুখীন হ'ব লগীয়া হৈছিল। 
সুধা মূৰ্তি কিন্তু কোনো ক্ষেত্ৰতে অকনো হতাশ হোৱা নাছিল আৰু প্ৰত্যেক পৰীক্ষাতে সৰ্বোচ্চ নম্বৰেৰে উত্তীৰ্ণ হৈছিল। এইদৰেই পঢ়ি তেওঁ স্নাতক পৰীক্ষাত সকলো বিষয়ৰ ভিতৰত ৰাজ্যৰ ভিতৰতে এক নম্বৰ স্থানেৰে উত্তীৰ্ণ হৈছিল। তেওঁ অভিযন্তা ডিগ্ৰী লাভ কৰিছিল ইলেকট্ৰিকেল বিভাগত। পৰীক্ষাত তেওঁ দেখুওৱা অসাধাৰণ প্ৰতিভা আৰু পাৰদৰ্শিতাৰ বাবে তেওঁক সোনৰ পদকেৰে সন্মানিত কৰা হৈছিল।

     ইয়াৰ পিছত তেওঁ মন মেলিলে স্নাতকোত্তৰ শিক্ষাৰ বাবে আৰু বিষয় হিচাপে বাচি ল'লে কম্পিউটাৰ বিজ্ঞান। মনত ৰাখিব এয়া আমি পাতি থকা কথাবোৰ ১৯৭৩/ ৭৪ চনৰ দেই। সেইসময়ত আমাৰ ইয়াত কম্পিউটাৰ বাদেই তাৰো এক দশকমান পিছতহে টিভি টো কোনোমতে অভিজাত দুই একৰ ঘৰ পাইছিলহি।
স্নাতকোত্তৰ পৰীক্ষাতো তেওঁ অসাধাৰণ প্ৰতিভাৰে ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্সৰ পৰা পুনৰ এক নম্বৰ স্থানেৰে উত্তীৰ্ণ হৈছিল। পুণৰ তেওঁক কৰ্ণাটকৰ মুখ্য মন্ত্ৰীয়ে সোণৰ পদকেৰে সন্মানিত কৰিছিল।

     অৱশেষত ভাৰতবৰ্ষত তেওঁৰ শিক্ষা সমাপ্ত হৈছিল। আৰু উচ্চতৰ শিক্ষাৰ বাবে তেওঁ এটা স্কলাৰশ্বিপ লাভ কৰি আমেৰিকালৈ যাবলৈ যো জা চলাই থাকোঁতেই ঘটিছিল এটা ঘটনা যিটোৱে তেওঁৰ লগতে বহুতৰে জীৱন পৰিক্ৰমা সম্পূৰ্ণ ৰূপে সলাই পেলাইছিল। ঘটনাটো আছিল এটা বিজ্ঞাপনৰ, চাকৰিৰ বিজ্ঞাপন। বিদেশলৈ যোৱা সম্পূৰ্ণ নিশ্চিত হোৱাৰ পিছত তেওঁ বাতৰি কাকতত টাটা গ্ৰুপৰ এটা বিজ্ঞাপন দেখা পালে, য'ত উল্লেখ আছিল যে চাকৰিবোৰ কেৱল পুৰুষৰ বাবেহে সেয়েহে কেৱল পুৰুষেহে যেন আৱেদন জনাই। টাটা গ্ৰুপৰ TELCO ৰ নিয়োগ সম্বন্ধীয় জাননীত কেৱল পুৰুষ প্ৰাৰ্থিকহে আৱেদন কৰিবলৈ আহ্বান জনোৱা বিজ্ঞাপনতো দেখি তেওঁ JRD TATA লৈ এখন পোষ্ট কাৰ্ডৰ দ্বাৰা এই লিংগ বৈষম্যৰ অভিযোগ কৰিলত বিশেষ ভাবে এওক সাক্ষাৎকাৰলৈ নিমন্ত্ৰণ কৰে আৰু অৰ্হতাৰ ভিত্তিত নিৰ্বাচন কৰে। এও টকা ঘটিবলৈ চাকৰি কৰা নাছিল, মাত্ৰ নিজকে পৰীক্ষা কৰিব আৰু আনকো দেখুৱাব বিচাৰিছিল যে কামত তেওঁ কোনো কাৰণতেই আনতকৈ হেয় নহয়। 
এৱেই আছিল টেলকোৰ প্ৰথম গৰাকী মহিলা অভিযন্তা আৰু কৰ্মচাৰী। কিন্তু টাটাত চাকৰিত সোমায় তেওঁ সহজতে ওলাই আহিব নোৱাৰিলে আৰু তাতেই মণ বঢ়িলে। টেলক'ত কৰা ৮ বছৰীয়া চাকৰিৰ অভিজ্ঞতাই এওঁৰ জীৱনলৈ বহুতো পৰিবৰ্তন আনে। 
তাতেই তেওঁ লগ পায় নাৰায়ণ মুৰ্তিক যাৰ লগতে পিছত তেওঁ বিবাহত বঢ়িছিল।
টেলক'ত কাম কৰা সময়ছোৱাত তেওঁ JRD Tata ক লগ পাইছিল আৰু তেখেতৰ এগৰাকী অনুগামী হৈ পৰিছিল। পিছৰ জীৱনত JRD Tataৰ যথেষ্ট প্ৰভাৱ সুধা মূৰ্তিৰ কাম কাজত দেখা পোৱা যায়।
নাৰায়ণ মুৰ্তিয়ে ইনফ'ছিছ স্থাপন কৰাত আগভাগ লৈছিল সুধাই আৰু প্ৰথম টকাও বিনিয়োগ কৰিছিল তেৱেঁই, ১০,০০০ টকাৰে।
অৱশেষত ইনফ'ছিছ গঠন হোৱাৰ বাবে তেওঁ টেলক'ৰ চাকৰিৰ পৰা অব্যাহতি ল'লে। টাটাক সৌজন্যমূলক সাক্ষাৎ কৰিবলৈ যাওতে টাটাই তেওঁৰ নতুন প্ৰজেক্টৰ বাবে শুভেচ্ছা জনাই কিছু কথা কৈছিল যিখিনিৰ সুদুৰপ্ৰসাৰী প্ৰভাৱ মুৰ্তিৰ জীৱনত পৰিছিল।
     ভৱিষ্যত জীৱনৰ সফলতা কামনা কৰি টাটাই তেওঁক এটা উপদেশ দিছিল যে তুমি যদি বহুত টকা পইচা ঘটিব পাৰা তেন্তে তাৰ সিংহভাগ তুমি সমাজলৈ আগবঢ়াবা কাৰণ মনত ৰাখিবা যে সমাজে মৰম কৰা বাবেহে তুমি সফল হৈছা। লগতে এইটোও কৈছিল যে ধন টকা পইচাৰ মালিক কোনো নহয়, তুমি মাত্ৰ তোমাৰ ওচৰত থকা টকাখিনিৰ trustee হে, ক্ষণিকৰ ৰক্ষকহে। টকাই সদায় হাত সলাই থাকে এতেকে সেইবোৰক লৈ অহংকাৰী হ'ব নালাগে। আৰু যদি তুমি জীৱনত সফল হোৱা তেনেহলে সমাজলৈ এয়া তুমি সূতে মুলে ঘূৰাই দিবলৈ চেষ্টা কৰিবা কাৰণ সমাজখন তোমাৰ প্ৰতি সদয় হোৱাৰ বাবেহে তুমি জীৱনত সফল হৈছা।
এই এষাৰ কথা সুধামূৰ্তিয়ে পাহৰি ন'গল আৰু ব্যৱসায়িক সফলতা লাভ কৰাৰ পিছতে গঠন কৰিলে Infosys Foundationৰ। এইটো হৈছে সমাজৰ কামত জড়িত এটা সংস্থা। আৰু এই সমগ্ৰ টাটাৰ প্ৰভাৱ নাৰায়ণ মূৰ্ত্তিৰ ওপৰতো পৰিছিল। প্ৰকৃততে নাৰায়ণমূৰ্তি JRD Tataৰ ভক্ত আৰু ৰটন টাটাৰ এজন অনুৰাগী তথা ঘনিষ্ঠ বন্ধু বুলি ক'লেও ভুল নহ'ব। তেওঁলোকৰ মাজৰ ডাঙৰ সাদৃশ্যটো হ'ল যে কেৱল মাত্ৰ ব্যৱসায় সাম্ৰাজ্যৰ বিস্তাৰেই তেওঁলোকৰ উদ্দেশ্য নহয়। সামাজিক দায়বদ্ধতাক গুৰুত্ব দি ব্যৱসায় চলোৱাহে তেওঁলোকৰ উদ্দেশ্য। এইখিনিতে এটা কথা মনত পৰিল, এবাৰ সাংবাদিকে ৰটন টাটাক প্ৰশ্ন কৰিলে যে কেইবাপুৰুষ ধৰি ব্যৱসায় কৰাৰ পিছতো তেওঁ কিয় ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি নহয় আৰু আম্বানি কেনেকৈ আটাইতকৈ ধনী হ'ল। টাটাই উত্তৰত ক'লে যে আম্বানি হ'ল ব্যৱসায়ী আৰু টাটা হ'ল ঔদ্যোগপতি। লগতে এইটোও ক'লে যে তেওঁ ভাৰতবৰ্ষক এখন সুখী দেশ হিচাপেহে চাব বিচাৰে, Economic Superpower হিচাপে নহয়। (টাটা নো কেনেকৈ ধনী হ'ব যেতিয়া তেওঁ মুঠ আয়ৰ ৬৬% দানেই কৰে)!!

     এইদৰেই সুধা মূৰ্তিয়ে নিজৰ কেৰিয়াৰ নিজেই বনাই লৈছিল। ইনফ'ছিছ গঠনৰ প্ৰাৰম্ভিক অৱস্থাৰপৰা এতিয়ালৈকে জড়িত হৈ আছে। এই ফাউণ্ডেছনে মূলতঃ দুখীয়া মানুহৰ বাবে কাম কৰে। তেওঁ বিল গেটছ ফাউণ্ডেশ্যনৰ ভাৰতীয় শাখাৰ লগতো ওতঃপ্ৰোত ভাবে জড়িত। মানৱ হিতৈষী, সমাজ সংস্কাৰক এইগৰাকী মহীয়সীৰ চিনাকি ইয়াতেই শেষ হোৱা নাই। তেওঁ প্ৰকৃততে বেছি বিখ্যাত লেখিকা হিচাপেহে। তেখেতে ভালেমান কিতাপ লিখি উলিয়াইছে, বিশেষকৈ শিশুহঁতৰ উপযোগী কিতাপ। 

     এইগৰাকী বিশিষ্ট মহিলাক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰিছে।
এখেতৰ পৰিয়ালৰ বাকী সকলো সদস্য নিজৰ নিজৰ কৰ্মক্ষেত্ৰত বিখ্যাত। তেওঁৰ দুটা সন্তান আৰু বৰ্তমান ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী ৰিচি চুনাক হৈছে তেওঁৰ জোঁৱাই।
এইগৰাকী সফল নাৰীৰ কিন্তু এতিয়াও কোনো ধৰণৰ আভিজাত্যবাদী মন নহ'ল। এতিয়াও তেওঁ অতি সাধাৰণ শাৰী এখনেই পৰিধান কৰে। বৰ্তমানলৈকে তেখেত অগণন সন্মানেৰে সন্মানিত হৈছে। সমাজ সেৱা, সাহিত্য ৰচনা আৰু অন্যান্য অৱদানৰ বাবে দেশ বিদেশৰ সন্মানীয় কিমান পুৰষ্কাৰ লাভ কৰিছে  হিচাপ নাই। দেশ বিদেশৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ তেখেত ভিজিটিং প্ৰফেছাৰো। তেখেতৰ লিখনীৰ ভিত্তিত কেইবাখনো চিনেমাও বনোৱা হৈছে।

     এই সমগ্ৰ লেখনীটোত মৌলিক উপাদান একো নাই। গৰিষ্ঠ তথ্যসমূহ মূৰ্তিয়ে নিজেই লিখা ৰচনাৰ পৰা সংগৃহীত। মাত্ৰ ভাল মানুহ এগৰাকীৰ জীৱন গাঠা পঢ়ি ভাল লগাত অধিক সংখ্যক মানুহে পঢ়িব পৰা কৰিবলৈ এটা চেষ্টাহে কৰিছোঁ। ভৱিষ্যতে তেখেতৰ বিষয়ে অধিক লিখাৰ সমল আছে আৰু ওলাব, তেতিয়া পুণৰ লিখিম। এইগৰাকী মহীয়সীৰ দীৰ্ঘায়ু কামনা কৰি আজিলৈ ইমানতেই সামৰিলো।
ধন্যবাদ।

পুনঃ 
    কেতিয়াবাই লিখিম লিখিম ভাবি থকা কথাখিনি খৰধৰকৈ আজি যেনে তেনে জোৰা তাপলি মাৰি লিখি উঠিলত হে ভাল লাগিছে।‌‌ কিন্তু ইয়াত বহুতো ভুল ভ্ৰান্তি থাকিব পাৰে, পালে আঙুলিয়াই দিব। 



ৰচনাকাল: ১১/০৬/২০২৩


Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================