✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম
===========================
শ্ৰদ্ধাৰ ৰতন টাটাৰ বিষয়ে এতিয়া মই বিশেষণ লগাই লগাই ৰচনা লিখাৰ প্ৰয়োজন নাই। সমগ্ৰ পৃথিৱীয়েই তেখেতৰ বিষয়ে জ্ঞাত। সমগ্ৰ দেশতেই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আলোচনা বিলোচনা চলিয়েই আছে, শোকত ভাগি পৰিছে বহুতো। গতিকে এই মূহুৰ্তত মই নতুনকৈ তেওঁৰ বিষয়েনো কি লিখিম?

কিন্তু মনে নমনাত ইয়াত মই ক'ব বিচাৰিছোঁ মানৱ হিতৈষী টাটাৰ জীৱ-জন্তুৰ প্ৰতি থকা ভালপোৱা। বিশেষকৈ মালিক বিহীন জীৱৰ বাবেও তেখেতেই আছিল ভগৱান।

আজিৰ অন্ত্যেষ্টিক্ৰিয়াত অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ লৈ অনা হৈছিল তেওঁৰ মৰমৰ 'গোৱা'ক। প্ৰভু ভক্ত 'গোৱা'ই গম পাইছিল তাৰ গৰাকীৰ অৱস্থা। 'গোৱা' হৈছে ৰতন টাটাৰ পোহনীয়া দেশী, ৰাষ্টাত ঘূৰি ফুৰা মালিকবিহীন এটা কুকুৰ। ১১ বছৰমান আগতে এবাৰ গোৱালৈ যাওঁতে সি ৰতন টাটাৰ পিছে পিছে ঘূৰি ফুৰিছিল। তাকে দেখি মৰম লাগি টাটাই কুকুৰটোক 'বম্বে হাউচ'লৈ লৈ আহে য'ত আছিল আৰু অজস্ৰ মালিকবিহীন ৰাষ্টাৰ; আমাৰ ভাষাত কবলৈ গলে 'ভটুৱা কুকুৰ'। গোৱাৰ পৰা অনাৰ বাবে ইয়াৰ নাম দিয়া হ'ল 'গোৱা'। সকলোকে ভাল পায় যদিও গোৱা সকলো সময়তে টাটাৰ লগতে থাকিছিল আনকি ই অফিচলৈও নিৰ্বিঘ্নে অহা যোৱা কৰিছিল।

সকলো‌ জীৱৰ প্ৰতি মৰম থাকিলেও টাটাৰ মালিক বিহীন ৰাষ্টাৰ কুকুৰৰ প্ৰতি বিশেষ টান আছিল আৰু তাহাতৰ বাবে কি কৰিব পাৰি সেই চিন্তাতে আছিল।
অৱশেষত টাটাৰ বহুদিনীয়া সপোনৰ ফচল, যোৱা জুন মাহত মুকলি হ'ল। এইখন হ'ল এখন পাছমহলীয়া অনাথ অঘৰী জীৱ-জন্তুৰ অত্যাধুনিক চিকিৎসালয়।

শেষত ৰতন টাটাৰ জীৱ প্ৰেমৰ এটা উদাহৰণ দি সামৰিব বিচাৰিছোঁ।
ৰতন টাটাক সমাজলৈ আগবঢ়োৱা অৰিহণাৰ প্ৰতি সন্মান জনাই বৃটিছ ৰাজপৰিয়ালৰ ফালৰ পৰা "জীৱন যোৰা সাধনাৰ" বাবে সন্মান দিয়াৰ ব্যৱস্থা কৰা হ'ল ২০১৮ চনত। দিন বাৰ ঠিক কৰিলে। টাটাও সন্মত হ'ল।
কিন্তু অন্তিম সময়ত তেওঁ সেই যাত্ৰা বন্ধ কৰিলে। তাৰ কাৰণ হ'ল তেওঁৰ মৰমৰ কুকুৰ এটাৰ সেই সময়ত স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটিছিল গতিকে টাটাই ৰজাৰ সন্মানতকৈ কুকুৰৰ জীৱনৰ প্ৰতি বেছি আগ্ৰহ প্ৰকাশ কৰিলে।
তেওঁৰ এই কাহিনীটো বৰ্ণাইছে সুহেল চেঠে। টাটাই চুহেলক কৈছিল যে তেওঁৰ মৰমৰ কুকুৰ এটাৰ অসুখ বৰ বেছি আৰু তেওঁ নিজেই তাৰ সম্পূৰ্ণ প্ৰতিপালনত ব্যস্ত হৈ আছে সেয়ে সেই সময়ত কুকুৰটোক এৰি যোৱাটো সম্পূৰ্ণ অমানৱীয় আৰু তেওঁৰ বাবে এয়া এক অসম্ভৱ কথা।
এইজনেই হ'ল মহান মানৱ, এজন দেৱতা, (আচলতে ভগৱান, দেৱতা এইবোৰ বেলেগত নাথাকে, আমাৰ মাজতে থাকে কেৱল আমি চিনিব নোৱাৰোঁ বা চিনাত পলম কৰোঁ), সকলোৰে হিতৈষী মহান উদ্যোগপতি ৰতন টাটা।
তেখেতৰ অৱদান সকলো ক্ষেত্ৰতে কোনেও পাহৰিব নোৱাৰিব আৰু তেখেত সদায় অমৰ হৈ ৰব আমাৰ মনৰ মাজত তেখেতৰ কৰ্মৰাজীৰ মাজেদি।
তেখেতলৈ পুনৰ শ্ৰদ্ধা জনায় এতিয়ালৈ সামৰিছো🙏
ধন্যবাদ 🙏
==================================
বিক্ৰম জ্যোতি বৰদলৈ
৯৯৫৪৩০৬৬৫৪

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

আদা বেপাৰীক জাহাজৰ খবৰ!===========================