Posts

Showing posts with the label nixon

অসমৰ প্ৰেক্ষাপটত 'The Assassination of Richard Nixon'

হলিউডৰ এখন বিখ্যাত ছবি হৈছে 'The Assassination of Richard Nixon'। ২০০৪  চনত নিৰ্মিত এই চিনেমাখনৰ পটভূমি হৈছে এক সত্য ঘটনা। ছবিখনৰ মূল চৰিত্ৰ ছেমুৱেল বিক (চমুকৈ ছেম) হৈছে এজন বিফল ব্যক্তি। জীৱনৰ সকলো ক্ষেত্ৰতেই তেওঁ সৰ্বসাধাৰণে বুজি পোৱা সফলতাৰ পৰা বহু নিলগত, অৰ্থাৎ এজন চূড়ান্ত অসফল ব্যক্তি। বৃত্তিগতভাৱে তেওঁ অসফল হোৱাৰ বাবেই স্বামী হিচাপেও তেওঁ অসফল। পত্নীৰ লগত বহু চেষ্টাৰ পিছতো তেওঁক একেলগে ৰখাত সফল নহ'ল।  আচৰিত ধৰণে কিন্তু তেওঁৰ অসফলতাৰ মুখ্য কাৰণ কি জানেনে? তেওঁৰ অসফলতাৰ মুখ্য কাৰণ হৈছে একমাত্ৰ তেওঁৰ সততা আৰু সৰলতা।  ছেম বিকৰ জীৱন কাহিনীটো চিনেমাখনত দেখুওৱা অনুসৰি চমুকৈ আছিল এনেধৰণৰ। ১৯৭৩ চনত ফিলাডেলফিয়াৰ বাসিন্দা ৪৩ বছৰীয়া ছেম বিক সাংঘাটিক ধৰণেৰে হতাশাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগাত পৰিছিল। তেওঁৰ পৰা আতঁৰি থকা পৰিবাৰ তথা তেওঁলোকৰ সন্তানক তেওঁ ঘূৰাই আনিব পৰা নাছিল। আৰ্থিকভাৱেও জুৰুলা। নিজৰ ককায়েকৰ টায়াৰ বিক্ৰী কৰা দোকানখনৰ পৰাও তেওঁ ওলাই আহিছিল আৰু তাৰ কাৰণ হিচাপে কৈছিল যে তেওঁ মিছা কথাৰ আশ্ৰয় লৈ টায়াৰ বিক্ৰী নকৰে। সমাজত চলি থকা বৰ্ণ বৈষম্য বা আন বৈষম্...