আদা বেপাৰীক জাহাজৰ খবৰ!===========================
মামা-মামী, সা-সম্পত্তি, মিঞা, উজনি-নামনি, নানা ৰকমৰ জেহাদ, কোন বেছি অসমীয়া, সৰ্বোপৰি বিশাল, তাৰ্কিক আৰু চুমি, আকৌ চুমিয়ে পিন্ধা কোটি টকীয়া আঙঠি, অৰ্ধকোটি টকীয়া মেখেলা চাদৰ আৰু অন্যান্য কাপোৰ কানি আদিবোৰ ট্ৰেণ্ডিং নিউজ হৈ গোটেইখন জমি থকাৰ সময়তে আমাৰ প্ৰায়সকলেই নজনা বা জনা সকলেও পাহৰি পেলোৱা 'সুনীতা উইলিয়ামছ'ক লৈ কোনো ধৰণৰ উদ্বীগ্নতা কাৰো হোৱা যেন পৰিলক্ষিত হোৱা নাই।
অথচ এইগৰাকী প্ৰায় ৬০ বছৰীয়া মহিলা জুন মাহৰ ৫ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ বয়িং ষ্টাৰলাইনাৰত উৰি গৈছিল মাত্ৰ ৮ দিনৰ বাবে আমাৰ বাবেই, মানে বৃহৎ অৰ্থত সমগ্ৰ পৃথিৱীৰে মঙ্গলৰ বাবেই এওলোকৰ এই যাত্ৰাবোৰ আৰু গৱেষণাবোৰ। কিন্তু ষ্টাৰলাইনাৰখনত দেখা দিয়া কাৰিকৰী সমস্যাৰ বাবে নাছাই তেওঁলোকৰ ওভতনি যাত্ৰা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়ে।
সেই তেতিয়াৰ পৰাই তেওঁ তাতেই আছে বিভিন্ন গৱেষণাত ব্যস্ত হৈ। এতিয়া খবৰ অনুসৰি তেওঁ হয়টো ২০২৫ৰ ফেব্ৰুৱাৰীতহে উলটিব পাৰে, মানে আচলতে তেখেতৰ ওভতনি যাত্ৰা এতিয়াও অনিশ্চিত।
এই মূহুৰ্তত এটাই নিশ্চিত যে এইবাৰ বয়িং ষ্টাৰলাইনাৰত নহয়, এইবাৰ নাছাই সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত নিৰ্মান কৰা পৃথিৱীৰ অন্যতম ধনী ব্যক্তি এল'ন মাস্কৰ স্পেছএক্সৰ ড্ৰেগন মহাকাশযানত উঠিহে হয়তো পৃথিৱীলৈ উভতিব।
নাছাই অলপো ৰিস্ক লব বিচৰা নাই, বিশেষকৈ ২০০৩ চনৰ কল্পনা চাউলা আৰু আন ৬ জন মহাকাশ বিজ্ঞানীৰ দূৰ্ঘটনাৰ পিছত।
"Our mission is successful and we are all fine here," এইষাৰেই আছিল কল্পনা চাউলাৰ অন্তিম বাক্য পৰিয়ালৰ সৈতে।
পিছৰ গৱেষণাত ধৰা পৰিছিল যে কল্পনা চাউলাহত যোৱা তেওঁলোকৰ ৰকেটটোৰ পৰা সামান্য পৰিমাণে ফ'ম অলপ এৰাই গৈছিল, আৰু এই অকনমান ফ'মেই ৭ জনকৈ বিদগ্ধ পণ্ডিত, মহাকাশ বিজ্ঞানীৰ প্ৰাণ লৈছিল।
এইবোৰ কাৰণতেই এইবাৰো এইখন সম্পূৰ্ণ নিখুঁত বুলি কোনেও দাবী কৰিব নোৱাৰে।
মহাকাশ অভিযানত সৰ্বত্ৰে বিপদৰ আশংকা থাকেই। সেই সকলোবোৰ অতিক্ৰমি এই মহান বিজ্ঞানী গৰাকী তথা অন্যান্য সহযোগী সকলে অলপ কাম কৰি থকা নাই! সেয়া দুৰ্দান্ত সাহসিকতাৰ পৰিচায়ক।
আকৌ চিন্তা কৰি চাওকচোন ৮ দিনৰ বাবে যোৱা মহিলা গৰাকী থাকিব লগীয়া হৈছে আঠ মাহৰ ওপৰত, তাকো ওভতনিৰ কোনো পাৰফেক্ট উপায় নোহোৱাকৈ। তাত খোৱা-বোৱাৰ কথা আছে, পানী, অক্সিজেনৰ কথা আছে লগতে আছে ৰেডিয়েচন তথা উল্কাপিণ্ডৰ ভয় (অৱশ্যে এই বিষয়ত মই একেবাৰেই অজ্ঞ, ওপৰত উল্লেখিত হ'ব পৰা সমস্যা কেইটা কেৱল মোৰ অনুৰ্বৰ মস্তিষ্কৰ প্ৰতীক মাত্ৰহে)।
এতিয়া আমি আমাৰ ফালৰ কথালৈ আহো। কোনোবা এটা স্থানত এঘন্টাও বেছি ৰ'বলগীয়া হ'লেই আমি ফেচবুক গেলাই পেলাওঁ, গালি পাৰি পাৰি। অফিচত যদি ১০ মিনিটো বেছি ৰ'বলগীয়া হয়, সেয়াতো এক ব্ৰেকিং নিউজেই হৈ পৰে।
তেওঁলোকৰ লগত আমাৰ পাৰ্থক্যবোৰ ইমান বেছি হয় যে যদিও আমি সকলো মানুহেই তথাপি তেওঁলোকৰ প্ৰজাতি আৰু আমাৰ প্ৰজাতি একে কেতিয়াও হ'ব নোৱাৰে যেন বোধ হয়।
এইবোৰ ক'লেই শতকৰা ৯০-৯৫ টায়েই ইতিকিং কৰিব, বোলে 'আদা বেপাৰীয়ে জাহাজৰ খবৰ লৈছে'। উপায় নাই।
এইখিনি পঢ়ি যদি চাইছে কোনো দূৰ্ভগীয়াই, নিশ্চয় কিছু ব'ৰ পাইছে নহয় নে? সেয়েহে অলপ ৰসৰ যোগান ধৰো ৰব।
আমাৰ দুৰ্ধৰ্ষ হিন্দুত্ববাদীসকলৰ জ্ঞাতাৰ্থে জনাই থব বিচাৰোঁ যে সুনীতাৰ দেউতাক এজন ভাৰতীয় হিন্দু আৰু সুনীতাও খুব সম্ভৱ হিন্দুয়েই।
এয়া পঢ়া শুনাৰ পাছত এতিয়া অন্ততঃ দুজনমানৰ মন-হৃদয় এইবোৰ গলাৰ সম্ভাৱনা আছে, যদিহে উল্লিখিত অঙ্গ-প্ৰত্যঙ্গবোৰ আছেগৈ।
আমি ইয়াত বহি সকলোবোৰ সুকলমে উভতি অহাৰ কামনা কৰাৰ বাহিৰে একো কৰিব নোৱাৰো। কিন্তু সেই বুলিয়েই যে কেইবছৰমানৰ আগলৈকে কল্পবিজ্ঞানৰ বিষয় হৈ থকা কাহিনী এটা বাস্তৱতে কৰি দেখুওৱা সকলক চেল্যুট এটা বা হাত চাপৰি এটা দিব পাৰো নহয় নে বাৰু?
অন্ততঃ ট্ৰেণ্ডিং নিউজত মিঞা, উজনি নামনি, চুমিয়ে ক'ত কি কিনিছিলে, কি কি খাইছিল, কাৰ কাৰ লগত অবৈধ সম্পৰ্ক আছিল এইবোৰ 'বিগ ব্ৰেকিঙত' ৰাখি হ'লেও চুকতে সৰুকৈ সুনীতাহতৰ নিউজ এটা মাজে-মধ্যে দি থাকে যদিও ভাল লাগিলহেঁতেন।
শিৰোনামাট কৈ অহাৰ দৰেই আদাৰ বেপাৰীকো মাজে মাজে জাহাজৰ খবৰ একেবাৰে নলগাও নহয় এই গ্লোবেলাইজেছনৰ যুগত।
সুনীতা উইলিয়ামছ আৰু সতীৰ্থসকলৰ মঙ্গল কামনাৰে আজিলৈ এৰিছো।
ধন্যবাদ 🙏
✍️ বিক্ৰম জ্যোতি বৰদলৈ
📱৯৯৫৪৩০৬৬৫৪
Comments
Post a Comment