কঙালি বিহুৰ শুভেচ্ছা

কাতি বিহুৰনো কি শুভেচ্ছা জনাম, 

মোৰ নিছিনাবোৰৰ সদায়েই 'কঙাল' 'কঙাল' feel এটা দেখোন থাকেই!

মাহৰ ১-২ তাৰিখে ভালেই দেখোন থাকে,

বেক পকেটটো অলপ ফুলিও থাকে,

মানে ফুলায়েই ৰাখোঁ,

ৰাইজে সেইবোৰ মণ নকৰে জানি 

ভিৰৰ মাজত নিজেই পাৰ্ছটো ওলিয়াই ডাঙৰকৈ কও, 

"চাল্লা এই শকত পাৰ্ছবোৰেই মোৰ ছায়টিকা পেইন কৰিছে"!!

৯-১০ তাৰিখমানলৈ ঠিকেই থাকে

মিছা ক'লে কিডাল হ'ব-

টিপ টপ ড্ৰেছত 

'আম্বানী', আম্বানী ফিল এটাও আহে !

তাৰ পিছৰ পৰাহে জানো কাৰ 'নজৰ' লাগে!!

উপাধিটোহে একে থাকে ফিলটো কিন্তু 

মুকেশৰ নাহে, 'অনিল'ৰহে লাগে!!!

ইফালে যাব নোৱাৰি, সিফালে যাব নোৱাৰি

চবকে কেৱল মোৰ পইছা সোপাহে যেন লাগে, 

ম'বাইলৰ কথানো কি ক'ম!

পঞ্চাশটা কল আৰু মেছেজৰ পঞ্চলিছটাই কেৱল

কঢ়িয়াই আনে বাৰ্তা ল' বেলেঞ্চৰ 

আৰু বাকী কেইটাই ই এম আই বিচাৰে, 

CIBILৰ ধমক দিয়ে !!

সৰুতেযে পঢ়িছিলোঁ 

"কাতি বিহু কঙালি

মাঘৰ বিহু ভোগালী

বহাগ বিহু ৰঙালী"

পিছে কিয় জানো মোৰযে 

কঙালিতে লাগি ধৰিলে

আগবাঢ়িবৈ নোৱাৰিলোঁ 

পাছৰ শাৰীলৈ।

সেয়াই জীৱন 

মোৰ।

প্ৰথমতে কৈছিলোয়েই কঙালি বিহুৰনো কি শুভেচ্ছা জনাম 

তথাপিও সকলোলৈকে 

'হেপ্পী কঙালি বিহু' বুলিলো।

(আফতাৰ অ'ল, সকলোবোৰটো মোৰ দৰে নহয়..........

মানে কঙাল......)

*ধন্যবাদেৰে*


বিক্ৰম জ্যোতি বৰদলৈ

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================