প্ৰকৃতিৰ ওপৰত অত্যাচাৰ
#extreme_weather ✍️✍️✍️ পাৰিপাৰ্শ্বিকতা
=================================
ভাবকছোন এবাৰ, যিকোনো উন্নত দেশ এখনত কেৱল মাত্ৰ ৰাষ্টা-ঘাট বহলোৱাৰ নামত শ শ বছৰীয়া ইমান লাখে লাখে বহুমূলীয়া গছবোৰ কাতিবলৈ দিলেহেতেননে বাৰু?
য'ত পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবেই এয়াৰপৰ্ট বনোৱা প্ৰজেক্ট বন্ধ কৰি দিয়ে যাৰ কাৰণটো আছিল সেই অঞ্চলৰ অলপমান ভূমিয়েদি বিশেষ এবিধ পৰুৱা অহা যোৱা কৰে। য'ত ক্ৰিকেট ষ্টেডিয়ামৰ মাজত থকা গছজোপাও নাকাটে। আৰু এনে হাজাৰটা উদাহৰণ দিব পাৰি পিছে দিলে কি হ'ব, পঢ়িবনো কোনে বা পঢ়িনো লাভ হ'ব কি?
ঠিকেই আমাৰ ৰাষ্টা-ঘাট কেতিয়া সম্পূৰ্ণ হ'ব সেয়া সম্পূৰ্ণ গৌণ, মুখ্য হৈছে গছসোপা কাটি লোৱাটোহে।
সৰুতে কিতাপত পঢ়া পৰিবেশৰ কথাবোৰ, গছ গছনিৰ অৱদানবোৰ এতিয়া আমি বাস্তৱিকতেই উপলব্ধি কৰিবলৈ পাইছো যোৱা তিনি চাৰি বছৰ মানৰ পৰা। অসমো এতিয়া Extreme Weather ৰ কবলত।
গছো আমাক লাগে ৰাষ্টাও আমাক লাগে কিন্তু কোনো উন্নত দেশত আৰু সমাজত এইদৰে কামখিনি কেতিয়াও যে নকৰিলেহেতেন ই ধূৰুপ। প্ৰয়োজন অনুসৰি ৰাষ্টাৰ দিশ সলনি কৰি হ'লেও অধিকাংশ গছ বছালেহেতেন। বিশেষ নকৰি মোৰ নিছিনা গাধ এটাৰ মুৰতে এটা দুটা উপায় ওলাই যায়। য'ত য'ত পাৰি তাত গছখিনি বছাকৈওটো বহলাব পাৰিলেহেতেন কেৱল মাত্ৰ অলপমান ডিজাইনৰ সাল-সলনি কৰি। দ্বিতীয়তে, কিয় গছখিনিকে ডিভাইদাৰত ৰাখি ৰাষ্টাৰ বহলিকৰণ কৰিব নোৱাৰিলেহেতেননে?
ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ কাষৰ গছখিনি কতাৰ ফল কিন্তু আমি পূৰ্ণোদ্যমে পাইছোহক। এইটোৱে পূৰ্ণাংগ প্ৰভাৱ পেলাইছে। ভৱিষ্যতৰ গছবোৰটো নিশ্চয় কাগজতে ডাঙৰ দীঘল হ'বগৈ। আমিও নাথাকিম চাবলৈ।
বহুদিনৰ মূৰত কিবা এটা লিখিবলৈ বাধ্য হ'লো। উফ বৰ গৰম, আৰু নোৱাৰি দেই লিখি থাকিব।
ধন্যবাদ 😱😭🥵🥵🥵
✍️বিক্ৰম জ্যোতি বৰদলৈ
Comments
Post a Comment