Posts

আইন বহিৰ্ভূত হত্যা নে সত্যৰ হত্যা?

      আইন বহিৰ্ভূত হত্যা (Extrajudicial killing)। যাৰ নামেই কয় যে ই এক বেআইনী হত্যাৰ প্ৰক্ৰিয়া কিন্তু ইয়াক ৰূপায়ন কৰে আইন ৰক্ষকেই বা এনেধৰণৰ আইনী ব্যক্তিয়েই সকলো আইনৰ বিৰুদ্ধে গৈ।        Extrajudicial killing is executing a person illegally. It disregards human rights. It is the practice of unlawfully killing of any person without any sanction or legal process, by government authorities. The investigation hardly takes place, there is not even the proper complaint filed. It straight away violates the human rights of individuals, denying them any opportunity of contacting their legal representatives or legal advisors.         বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে পুলিচৰ জিম্মাত থাকোতেই ভালেমান অপৰাধী বা ব্যক্তিৰ অপমৃত্যু ঘটিছে। হয় আৰক্ষীক আক্ৰমণ কৰিবলৈ লওতে আৰক্ষীৰ প্ৰতি আক্ৰমণত, নহয় পলাবলৈ চেষ্টা কৰাৰ সময়ত, নহয় দুৰ্ঘটনাত। এইবোৰ সচা মিছা বিচাৰ কৰিবলৈ আজি এই লেখা আৰম্ভ কৰা নাই। কিন্তু একে সাদৃশ্যৰ ঘটনাবোৰ দেখি যিকোনো সচেতন ন...

👉 ৱেবাকুফ (পুনৰ): (২) অকণমান সজাগ হওছোন আহক ✍️

     ইন্টাৰনেট জগতৰ উৰাবাতৰি আৰু ভুৱাবাতৰিৰ বিষয়ে কিমান ক'ম আৰু কিমান লিখিম। কেইবাটাও প্ৰৱন্ধ ইতিমধ্যে লিখিলোঁ অইন বহুতেও লিখি আছে কিন্তু লাভ হ'লে তিলমাত্ৰও নহল। ছচিয়েল মেডিয়া আৰু ইন্টাৰনেটৰ সকলো কথাই চকুমুদি বিস্বাস কৰাসকলকে যে 'ৱেবাকুফ' বুলি কয় সেই বিষয়েও বিস্তৃতভাবে লিখিলো কিন্তু ফুটুকাৰ ফেন, কমক চাৰি দিনকদিনে বাঢ়িছেহে। ৰাতিপুৱা শুই উঠিয়েই তেনে ৱেবাকুফ এটাই দিয়া কিবা নহয় কিবা এটা চকুত পৰিবৈ যেনে ধৰক ভগৱানৰ ফটো এখন লাইক কৰি শ্বেয়াৰ কৰক ইমানজনক, সৌভাগ্য আপোনাৰ হাতৰ মুঠিত, শ্বেয়াৰ নকৰিলে কিন্তু দূৰ্ভাগ্যই আপোনাক ৰৌৰৱ নৰকত নেপেলোৱালৈকে খেদি ফুৰিব।  আঐ দেহি, দেখিছেনে স্বয়ং ভগৱানো এতিয়া ৰৈ আছে আপোনাৰ লাইক আৰু শ্বেয়াৰৰ বাবেহে !! ইউনিছেফ বা ইউনেস্ক'ই আমাৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰীয় সংগীতক পৃথিৱীৰ শ্ৰেষ্ঠ ঘোষণা কৰাধৰণৰ চিৰসেউজ বোৰটো আছেই।       JIOৰ 4G সেৱা আৰম্ভ হোৱাৰ পাছত যেনিবা অইন কিবা ডিজিটেল আন্দোলন হৈছে নহৈছে নাজানো কিন্তু এনে বাৰ্তাৰ প্ৰচলন তীব্ৰ গতিত বাঢ়িবযে ধৰিছে ই খাতাং। বহুবছৰ আগতেই সমাপ্ত হোৱা বুলি ভৱা মিছা বাতৰি কিছুমানো আকৌ নতুন জীৱন লাভ ...

✍️ কথা কোৱা কলা ✍️✍️✍️*****************************

" .......তামোল গছৰ পৰা হাতেৰেই তামোল ছিঙি আনিব পৰা বিয়াগোম ওখ ওখ নিগ্ৰো আমেৰিকান মিলিটেৰীবোৰ তেতিয়া দেৰগাঁৱৰ স্কুলৰ ফিল্ডতেই কেম্প পাতি আছিল, মই তেতিয়া স্কুলীয়া ছাত্র। গৰু ছৰাব যাওঁতে আমেৰিকান সৈনিকে লগ পালে আমাক লুজেন খাবলৈ দিয়ে। সেই কেণ্ডীবোৰৰে নাম আছিল মৰ্টন, আজিকালি আকৌ তোমালোকে সকলো কেণ্ডীকে মৰ্টন কৰিয়েই পেলালা নহয়....."।   এইদৰেই বৰ্ত্তাই কাহিনী এটা আৰম্ভ কৰে। মন কৰিবছোন কিছুমান মানুহে কথা বা কাহিনী এটা ক'লে শুনি কিমান ভাল লাগে, অথচ সেই একেটা কথাকে হয়তো বেলেগ এজনে কলে ভাল লগাটো দূৰৰে কথা, খংহে উঠে। কথা কোৱাটো আছলতে এটা কলা। সৰু সৰু কথা কিছুমানকে কিমান যে ৰস লগাই কব পাৰে। এনে ধৰণৰ ৰসিক বক্তা প্ৰায় সকলো চুবুৰী বা অঞ্চলতে এজন হ'লেও থাকে। আমাৰ অঞ্চলতো তেনে এজন ব্যক্তি আছিল, সেয়াই হৈছে এইজন আমাৰ সকলোৰে সমজুৱা বৰ্ত্তা।  লংপেন্ট, ছাৰ্ট পৰিহিত বৰ্ত্তা এজন উচ্চশিক্ষিত আৰু উচ্চ খাপৰ পদৱীৰ পৰা অৱসৰ লোৱা সামাজিক কামত জঢ়িত ব্যক্তি। সভাই সমিতিয়েও তেখেতক মাতে, অতি সুন্দৰ ভাষণ দিয়ে, একেবাৰে সভাশুৱনী ব্যক্তি।  তেখেতে যেতিয়া তেখেতৰ দিনৰ কাহিনী কয়, বিস্বাস কৰক আপুনি তেতিয়া কানেৰে...

✍️ বিমূৰ্ত মোৰ নিশাতি

✍️ বিমূৰ্ত মোৰ নিশাতি -----------------------------------------------------       ভূপেন হাজৰিকাৰ বিষয়ে বা তেখেতৰ গানৰ বিষয়ে দুআসাৰ লিখাৰ দুঃসাহস কেনেকৈ কৰিছো নিজেই নাজানো। হয়তো এয়া কৰি নিজকে ভুচুং পহুও সজাব পাৰো, কিন্তু ইমান দিনৰ পৰা ভাবি থকা কথাবোৰ নকলেও মনে নামানে বাবেই এই ৰচনা আৰম্ভ কৰিছো। এইখন হয়তো গোটেই ভুলৰেই সমাহাৰো হ'ব পাৰে, বিজ্ঞজনে শুধৰাই দিলে কৃতাৰ্থ হ'ম।       ভূপেন হাজৰিকাৰ গানৰ আটাইতকৈ ডাঙৰ বিশেষত্ব কি বুলি শুধিলে মোৰ উত্তৰ হ'ব যে তেখেতৰ গীতবোৰ কালজয়ী ক্লাচিক আৰু এই গীতবোৰৰ অৰ্থ, ৰস, সোৱাদ ভিন্ন সময়ত ভিন্ন আৰু ভিন্ন জনৰ বাবেও ভিন্ন। তেখেতৰ প্ৰায় সকলো গীতেই Contemporary। সকলো সময়ৰ বাবেই উপযুক্ত অৰ্থাৎ গানবোৰ ভূট, বৰ্তমান আৰু ভৱিষ্যত এই তিনিও কালতেই সমানেই প্ৰযোজ্য।        আপুনি সৰুতেই শুনা তেখেতৰ গান এটা আজিও শুনে, নহয়নে। সৰুতে সেই গানটোৰ অৰ্থ বা ৰস আপোনাৰ বাবে যি আছিল আজি সেই একেটা অৰ্থ নাই বা নাপাবও পাৰে, এতিয়া আপুনি সম্পূৰ্ণ এটা বেলেগ মাদকতাও উপলব্ধি কৰিব পাৰে। একেটা গান দিনত আঁতৰৰ পৰা মাইকত বাজি থাকোঁতে শুনি ...

✍ Instaপান !!

আজিকালি Instafoodৰ যুগ। সকলোৱে বিচাৰে সহজেই আৰু অতি সোনকালে বনাব পৰা আৰু খাব পৰা খাদ্য। আগতে এই Insta Food বা Ready to eat food বিশেষভাৱে ব্যৱহাৰ ও জনপ্ৰিয় আছিল সামৰিক, অৰ্ধসামৰিক বাহিনী বা বিভিন্ন অভিযানৰ অভিযাত্ৰীসকলৰ মাজতহে, কিন্তু বৰ্তমান এনে খাদ্য সকলোৰে মাজত জনপ্ৰিয়। এইবোৰ খাদ্যৰ জনপ্ৰিয়তাৰ মুখ্য কাৰণ হৈছে সহজ আৰু অতি সোনকালে তৈয়াৰ কৰিব পৰাটো। মেগীৰ কথাই ভাবকছোন, মাত্ৰ ২ মিনিটত প্ৰস্তুত। যদিও আমি এতিয়া আমদানিকৃত Instafoodৰ জুতি লোৱাত অভ্যস্ত আমাৰ অসমীয়া Instafoodৰ ভাণ্ডাৰো কিন্তু যথেষ্ট চহকী মাত্ৰ আমি এইবোৰক আজিকালি অৱহেলা কৰিবলৈ লৈছো বাবে এইবোৰ লাহে লাহে হেৰাব ধৰিছে। (নিজৰ যিকোনো বস্তু বা সম্পদক অৱহেলা কৰাটো আমাৰ বৈশিষ্ট্যই হৈ পৰিছে) অসমত যিমানবোৰ এনে ready to eat খাদ্য আছে হয়তো অন্য বহু দেশত নাই। কেইবিধমান মনলৈ অহা আৰু সকলোৱে জনা এনে Insta-জলপান হৈছে কোমল চাউল, পিঠাগুৰি, সান্দহগুৰি, ভজা বৰা, হুৰুম আদি। চিৰা, মুৰি, আখৈ এইবোৰ বাৰু অসমৰ বাহিৰতো আছে।  ভাবকচোন গৰম গাখীৰ বা পানী অকণ ধালি চেনী বা গুৰ অকণ লৈ এইবোৰ জলপান খাবলৈ মেগীৰ ২ মিনিটতকৈ...

✍️ নেডাৰলেণ্ডৰ স্কুলত বাধ্যতামূলক ভাগৱত গীতাৰ অন্তৰ্ভূক্তিৰ সত্যাসত্য।

          নেডাৰলেণ্ডৰ স্কুলত পঞ্চমমানৰ পৰা ভাগৱত গীতাখন পঢ়াটো বাধ্যতামূলক কৰা এটা বাতৰি অলপ দিনৰ পৰা ভাইৰেল হৈছে। কথাটো কিমান সচা জানিবলৈ অলপ অধ্যয়ন কৰাত জানিব পাৰিলো যে কথাটো মিছা নহয় সচাই, কেৱল অশ্বত্থামা হত ইতি গজ জাতীয় সত্যহে।            মানে কথাটো এনেধৰণৰ, নেডাৰলেণ্ড দেশখন এখন অত্যন্ত উন্নত ধৰ্মনিৰপেক্ষ দেশ। এইখন দেশত প্ৰায় ২,১৫,০০০ মান হিন্দুও আছে যিসকল মূলতঃ নেডাৰলেণ্ডৰ পুৰণি উপনিৱেশ চুৰিণামৰ পৰা যোৱাটো শতিকাৰ ৭০ - ৮০ দশকমানত নেডাৰলেণ্ডলৈ প্ৰৱজন কৰা শ্ৰমিক শ্ৰেণীৰ শৰণাৰ্থী। এওঁলোকৰ গুৰিগোষ্ঠী মূলতঃ ভাৰতবৰ্ষ আৰু শ্ৰীলংকাৰ আৰু এওলোকক এসময়ত গিৰমিতীয়া বনুৱা হিচাবে ডাচ্ছ উপনিৱেশ চুৰিণামত কাম কৰিবলৈ অনা হৈছিল।  থিক এইদৰে অন্য দেশৰ পৰা প্ৰৱজন কৰা মুছলমান বা অন্য ধৰ্মীয় লোকো ইয়াত আছে।           প্ৰৱজন কৰা মানুহখিনিৰ বহুতেই নিজৰ পৰম্পৰা বা ধৰ্ম সংস্কৃতি ৰক্ষা কৰিবৰ বাবে নিজৰ পদ্ধতিত কিছুমান স্কুল খুলি লয়। যত তেওঁলোকৰ ধৰ্মীয় শিক্ষাৰ উপৰিও আধুনিক শিক্ষাও প্ৰদান কৰে। মুছলমান ধৰ্মাৱলম্বী সকলৰ...

The Speech that hasn't been delivered::: Had Mission Apollo 11 Failed

Good Example of Hope for the best and prepare for the worst The Speech that hsnt bn delivered::: It was prepared to be delivered had the mission Apollo 11 failed... On July 20, 1969, Neil Armstrong and Edwin “Buzz” Aldrin became the first men to walk on the moon. The following speech, revealed in 1999, was prepared by Nixon’s then speechwriter, William Safire, to be used in the event of a disaster that would maroon the astronauts on the moon. The speech was sent to President Nixon’s Chief of Staff, H.R. Haldeman. Text of William Safire’s speech for President Richard Nixon in the event of a disaster besetting Apollo 11. "Fate has ordained that the men who went to the moon to explore in peace will stay on the moon to rest in peace. These brave men, Neil Armstrong and Edwin Aldrin, know that there is no hope for their recovery. But they also know that there is hope for mankind in their sacrifice. These two men are laying down their lives in mankind’s most noble goal: the search for ...