আইন বহিৰ্ভূত হত্যা নে সত্যৰ হত্যা?

      আইন বহিৰ্ভূত হত্যা (Extrajudicial killing)। যাৰ নামেই কয় যে ই এক বেআইনী হত্যাৰ প্ৰক্ৰিয়া কিন্তু ইয়াক ৰূপায়ন কৰে আইন ৰক্ষকেই বা এনেধৰণৰ আইনী ব্যক্তিয়েই সকলো আইনৰ বিৰুদ্ধে গৈ। 
      Extrajudicial killing is executing a person illegally. It disregards human rights. It is the practice of unlawfully killing of any person without any sanction or legal process, by government authorities. The investigation hardly takes place, there is not even the proper complaint filed. It straight away violates the human rights of individuals, denying them any opportunity of contacting their legal representatives or legal advisors.  

      বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে পুলিচৰ জিম্মাত থাকোতেই ভালেমান অপৰাধী বা ব্যক্তিৰ অপমৃত্যু ঘটিছে। হয় আৰক্ষীক আক্ৰমণ কৰিবলৈ লওতে আৰক্ষীৰ প্ৰতি আক্ৰমণত, নহয় পলাবলৈ চেষ্টা কৰাৰ সময়ত, নহয় দুৰ্ঘটনাত। এইবোৰ সচা মিছা বিচাৰ কৰিবলৈ আজি এই লেখা আৰম্ভ কৰা নাই। কিন্তু একে সাদৃশ্যৰ ঘটনাবোৰ দেখি যিকোনো সচেতন নাগৰিকৰে সন্দেহ উপজাৰ সম্পূৰ্ণ থল আছে।
আৰু এই ঘটনাবিলাক ঘটাৰ পিছত সাধাৰণতেই সামাজিক মাধ্যমত গৰিষ্ঠসংখ্যক লোকে ইয়াক সমৰ্থন কৰা দেখা যায়। খুব কম সংখ্যক ব্যক্তিয়েহে ইয়াৰ বিৰোধিতা কৰে আৰু মুষ্টিমেয় যি দুই চাৰিজনে ইয়াৰ বিৰোধিতা কৰে তেওলোকৰো আনসক​​লে সামাজিক মাধ্যমত বাক্যবানেৰেই 'এনকাউন্টাৰ' কৰি পেলাই। সেয়েহে পৰাপক্ষত এনেধৰণৰ বিতৰ্কত কোনো সোমাবলৈ ভাল নাপায়।

      বৰ্তমান সময়ত কোনো এজনে ক'বৰ দৰে
"অসমৰ গৃহ বিভাগ সঁচাই বৰ ভাগ্যবান ৷
চাৰসকলে অভিযুক্ত চিনাক্ত কৰে, মিডিয়া আৰু চ’চিয়েল মিডিয়াই বিচাৰ কৰি দোষী বুলি ঘোষণা কৰে আৰু তাৰ পিছত নেদেখাজনে চৰম শাস্তি দি দিয়ে ৷
বিভাগৰ তাত কৰিবলগীয়া বিশেষ একো নাথাকে"৷
কথাটো একেবাৰে মিছাও নহয়। যোৱা ভালেমান দিন ধৰি এনেদৰেই ঘটনাবোৰ ঘটি আছে।
কিন্তু ৰাইজৰ বিচাৰ, মিডিয়া ট্ৰায়েল আৰু সামাজিক মাধ্যমৰ বিচাৰত প্ৰকৃততে কিমান সচা অপৰাধীয়ে শাস্তি পায়? ৰাইজে আৱেগিক ভাবে দুই এজনক দোষী সাব্যস্ত কৰি লয় আৰু মিডিয়াইও তাকে ভুলে শুদ্ধই প্ৰচাৰ কৰি অধিক পৰিমাণৰ ৰাইজৰ সমৰ্থন গোটাই। সেয়াই হৈছে মিডিয়া ট্ৰায়েল। 

      এইধৰণৰ আলোচনা হ'লেই বা ঘটনা ঘটিলেই মোৰ সদায়েই মনলৈ আহে এটা এনেধৰণৰ ঘটনাৰ কথা যিটোৰ পৰা আমি বহু পৰিমাণে শিকিব পাৰো যে আমাক দেখুৱাই থকাটোৱেই বা আমি দেখি শুনি থকাটোৱেই সদায় শুদ্ধ নহ'বও পাৰে। মই এতিয়া যিটো ঘটনাৰ কথা ক'ম সেইটো আপোনালোকে ভালদৰে জানেই। হয়তো বহুতে পাহৰিব পাৰে। সেয়েহে চমুকৈ কাহিনীটো ইয়াত উল্লেখ কৰিছোঁ।
২০১৭ চনত হাৰিয়ানাৰ গুৰুগ্ৰামস্থিত ৰায়ান ইন্টাৰনেছনেল স্কুল (Ryan International School) ৰ এজন ৭ বছৰীয়া ছাত্ৰক ডিঙি কাতি নিৰ্মম ভাৱে দিন দুপৰতে হত্যা কৰা হৈছিল। এইখন এখন বহু উচ্চ মানদণ্ডৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান আছিল। তাত সুৰক্ষাৰো সুন্দৰ ব্যৱস্থা আছিল। কিন্তু তাৰ মাজতো এই নৃশংস কাণ্ড সংঘটিত হৈছিল।
হাৰিয়ানা পুলিচে তৎপৰতাৰে অনুসন্ধান আৰম্ভ কৰে আৰু কেইজনমান ব্যক্তিক সোধ পোচৰ বাবে আটক কৰে। আৰু তাৰে মাজৰ এজনক ঘটনা সংঘটিত হোৱাৰ দুঘণ্টা মানৰ ভিতৰতে আৰু পুলিচ গৈ পোৱাৰ মাত্ৰ আধাঘন্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে। তেওঁ হ'ল অশোক কুমাৰ, সেই স্কুলখনৰেই বাছ এখনৰ কণ্ডাক্টৰ।
হাৰিয়ানা পুলিচে তেওঁৰ বিৰুদ্ধে যথেষ্ট তথ্য প্ৰমাণ সংগ্ৰহ কৰে। তেওঁৰ পোছাকত তেজৰ চেকুৰা লাগি আছিল। হত্যাকাণ্ডত ব্যৱহৃত চুৰিখন তেওঁৰ বাছখনৰ আছিল। তেওঁৰ বিৰুদ্ধে যথেষ্ট সাক্ষীও আছিল। সৰ্বোপৰী পুলিচৰ জেৰাত তেওঁ নিজমুখে এই হত্যাকাণ্ড তেৱেঁই সংঘটিত কৰা বুলিও স্বীকাৰ কৰে।
এই গোটেইবোৰ তথ্য হাৰিয়ানা পুলিচৰ DCPয়ে সংবাদ মেলত প্ৰকাশ কৰাৰ লগতে আদালততো দাখিল কৰিছিল।
      মোৰ এতিয়াও মনত আছে পুলিচে তেওঁক ক'লা কাপোৰৰ মুখ ধকা দীঘলীয়া টুপীটো পিন্ধাই ধকিয়াই গতিয়াই আনি সংবাদ মাধ্যমৰ সন্মুখত হাজিৰ কৰোৱা দৃশ্যটো। ইতিমধ্যে হাৰিয়ানাৰ গুৰগাও বাৰ সন্থাই হত্যাকাৰী অশোক কুমাৰৰ হৈ কোনো উকিলে গোচৰ নোলোৱাৰ সিদ্ধান্ত লয়।

      কিন্তু এইখিনিতে কাহিনীয়ে মোৰ সলালে। মৃত সন্তানটিৰ অভিভাৱক হাৰিয়ানা পুলিচৰ তদন্তত সন্তুষ্ট হোৱা নাছিল। সেয়েহে তেওঁলোকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ত গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰিবলৈ আৰ্জি দিয়ে আৰু অৱশেষত গোচৰটো CBI লৈ হস্তান্তৰ হয়। হস্তান্তৰ হোৱাৰ সময়তো মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ ভাষ্য আছিল এনেধৰণৰ যে হাৰিয়ানা পুলিচে ইতিমধ্যে এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সামৰিছিলেই গতিকে ইয়াক CBI ৰ দ্বাৰা তদন্ত কৰোৱাতো নিৰৰ্থক। 
অৱশেষত CBI এ গোচৰটো গ্ৰহণ কৰিয়েই অশোক কুমাৰকে ধৰি সকলো সন্দেহজনক ব্যক্তিকে পুনৰ জেৰা আৰম্ভ কৰে আৰু বিজ্ঞানসন্মতভাৱে গোটেই গোচৰটোৰ পুনৰ অধ্যয়ন আৰু তদন্ত আৰম্ভ কৰে।
দীঘলীয়া নকৰি চমুকৈ কবলৈ গলে CBI য়ে এই গোচৰটোৰ সমগ্ৰ তথ্য প্ৰমাণ হাৰিয়ানা পুলিচৰ সৈতে অমিলহে পালে, অমিল মানে সম্পূৰ্ণ অমিল। ফৰেনচিক ৰিপৰ্টৰ পৰা সাক্ষীলৈকে সকলোবোৰেই বেলেগ পালে। তেওঁলোকে এইবাৰ ঘটনাৰ লগত জড়িত পালে এজন ছাত্ৰক। যিজন সেই স্কুলৰে একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল।
তেওঁৰ বিৰুদ্ধে যথেষ্ট তথ্য প্ৰমাণ সংগ্ৰহ কৰি আদালতত দাখিল কৰিলে আৰু হত্যাৰ ম'টিভো পালে। 
ছাত্ৰজনৰ পঢ়া শুনা ভাল হোৱা নাছিল, পৰীক্ষা চলি আছিল লগতে সেই কেইদিনতে স্কুলত অভিভাৱকৰ এখন সভাও আছিল। ছাত্ৰজনে এনেকুৱা এটা ঘটনা সংঘটিত কৰিব বিচাৰিছিল যাতে স্কুলৰ সকলো কাৰ্যসূচীয়েই ওলট পালত হৈ পৰে। আৰু সেই পৰিকল্পনাৰ অধীনতে সি সেই কণমানি ছাত্ৰজনক হত্যা কৰিছিল। ভাবিবলৈকে আচৰিত লাগে। অৱশ্যে এই গোচৰ এতিয়াও আদালতৰ বিচাৰাধীন।

      এতিয়া মূল বিষয় অশোক কুমাৰৰ কথালৈ আহো। অশোক কুমাৰৰ পোছাকত লগা তেজৰ চেকুৰা আছিল মৃত ছাত্ৰজনৰে কিন্তু সেয়া লাগিছিল ছাত্ৰজনক চিকিৎসালয়লৈ নিবৰ বাবে গাড়ীত উঠোৱাৰ সময়ত লগা তেজৰ দাগ। যিটো বেলেগ এজন ছাত্ৰই সেই সময়ত কৰি থকা সমগ্ৰ ঘটনাটোৰ ম'বাইল ফোনৰ ৰেকৰ্ডিঙত ওলাই পৰে। তেওঁৰ বুলি কোৱা হত্যাত ব্যৱহৃত ছুৰিখন তেওঁৰ গাড়ীৰ নাছিল কেৱল পুলিচৰ হেঁচাত ড্ৰাইভাৰজনে মিছা মাতিবলৈ বাধ্য হৈছিল। তদুপৰি সেইখন ছুৰি হত্যাত ব্যৱহাৰ হোৱাই নাছিল। হত্যাত ব্যৱহৃত অস্ত্ৰ হত্যাকাণ্ড সংঘটিত হোৱা স্থানতেই লুকুৱাই থোৱা আছিল যিটো উদ্ধাৰ কৰে CBIয়ে আৰু সেইখন কেইদিনমানৰ আগতে সেই একাদশ শ্ৰেণীৰ ছাত্ৰজনে কিনাটোও CBIয়ে প্ৰমাণ কৰে। সাক্ষীসকলক পুলিচে সাংঘাটিক ধৰণেৰে হেঁচা প্ৰয়োগ কৰাত তেওঁলোকে মিছা সাক্ষ দিবলৈ বাধ্য হৈছিল। কোৱা হয় বোলে উত্তৰ প্ৰদেশ, হাৰিয়ানা আদিৰ পুলিচৰ জিম্মাত বোবা মানুহেও হেনো সলসলীয়াকৈ কথা ক'ব পৰা হয়। এইটোৱেই হৈছিল অশোক কুমাৰৰ ক্ষেত্ৰতো। তেওঁক ইমানেই অত্যাচাৰ চলাইছিল যে তেওঁ পুলিছে যি ক'ব কৈছিল, যি কৰিব কৈছিল তাকেই কৰি গৈছিল। দুদিন তেওঁক পানী এটুপালো খাবলৈ নিদিয়াকৈ ইলেকট্ৰিক শ্বককে ধৰি সকলো ধৰণৰ থাৰ্ড ডিগ্ৰীৰ প্ৰয়োগ কৰি গৈছিল। সেয়াই আছিল অশোক কুমাৰৰ হত্যাৰ স্বীকাৰোক্তিৰ আঁৰৰ কাহিনী। 
      CBIৰ তথ্য প্ৰমাণ পোৱাৰ পাছত আৰু অশোক কুমাৰক মাত্ৰ ফ্ৰেম (Frame) কৰাটো প্ৰমাণিত হোৱাৰ পাছত আদালতে অশোক কুমাৰক জেলৰ পৰা মুক্তি দিয়ে। আৰু এখন বিশেষ আদালতে তেঁওক নিৰ্দোষী ঘোষণা কৰে।
আদালতে গুৰগাও বাৰ এছ'ছিয়েনে তেওঁৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্তকো ভৰ্ৎসনা কৰে আৰু কয় যে সহানুভূতি বা সহমৰ্মীতা এটা বেলেগ দিশ আৰু আদালতত এজন সন্দেহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা লোকৰ হৈ ওকালতি কৰাতো উকিলৰ নৈতিক দ্বায়িত্ব। নিশ্চিতভাৱে দোষী বুলি গম পোৱাৰ পাছতো আদালতত এজন ব্যক্তিক আইনী সাহায্য দিয়াতো বাধ্যতামূলক আৰু ব্যক্তিজনৰ সেয়া প্ৰাপ্য।
      মানব অধিকাৰ আয়োগে অশোক কুমাৰক ক্ষতিপূৰন দিবলৈও নিৰ্দেশ দিয়ে। কিন্তু অশোক কুমাৰে ক্ষতিপূৰণ ল'বলৈ অস্বীকাৰ কৰে আৰু তেওঁক জালত ফচোৱা সেই পুলিচ বিষয়া কেইজনৰ শাস্তিহে বিচাৰে। সেইমতেই আদালতে ৪ জন পুলিচ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু এতিয়াও এয়া বিচাৰাধীন।
আজি অলপদিন আগতে 'আল জাজিৰা' নে 'বিবিচি' ৰ এখন তথ্যচিত্ৰত অশোক কুমাৰৰ বিষয়ে তথ্যচিত্ৰখনৰ শেষ অংশ অকনমান চাব পাইছিলো। চাই বৰ দুখ লাগিল। যদিও আদালতে তেঁওক নিৰ্দোষী ঘোষণা কৰিলে, তথাপিও এতিয়া তেওঁৰ অৱস্থা অতি শোচনীয়।
নিৰ্দিষ্ট ঘটনাটোৰ আগলৈকে ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত পঢ়া তেওঁৰ সন্তান এতিয়া স্কুল বিহীন। কাৰণ অশোক কুমাৰৰ এতিয়া কোনো নিৰ্দিষ্ট উপাৰ্জনৰ উৎস নাই। দুবেলা খাবলৈ যোগাৰ প্ৰায়েই নহয়। পুলিচৰ জিম্মাত তেওঁৰ ওপৰত ইমানেই অত্যাচাৰ চলাইছিল যে তেওঁ এতিয়া প্ৰায় পংগু, কাম কৰিব নোৱাৰে। তেওঁ বৰ্তমান থকা ঘৰটোও উচ্ছেদ কৰিবলৈ পৌৰ নিগমৰ পৰা জাননী আহিছে, হয়তো এতিয়ালৈ উচ্ছেদ হৈয়েই গ'ল চাগে। সুখে সন্তোষেৰে চলি থকা এখন সংসাৰ মাত্ৰ এটা সম্পূৰ্ণ সন্দেহৰ ভিত্তিতে আৰু সোনকালেই দোষীক ধৰা দেখুৱাই বাহবা তথা প্ৰমোচন লোৱাৰ ষড়যন্ত্ৰতেই কেইবা পুৰুষলৈকে ধ্বংস হৈ গ'ল।

      এতিয়া ইমান দীঘল কাহিনী কোৱাৰ কাৰণটো হ'ল যে আমি দেখা আৰু শুনা বা আমাক দেখুওৱা আৰু শুনোৱা সকলো কথাই শুদ্ধ নহয়। সেই সময়ত নিজ মুখে হত্যাকাণ্ড কৰাৰ কথা স্বীকাৰ কৰা আৰু হাৰিয়ানা পুলিচে সকলো তথ্য প্ৰমাণ তেওঁৰ বিৰুদ্ধে পোৱা বুলি কোৱাৰ পাছত আমাৰ দৰে কোনো এজনৰো কিজানি সন্দেহ নাছিল যে অশোক কুমাৰ হত্যাকাৰী নহ'বও পাৰে। কিন্তু কি উপায়েৰে তেওঁক দোষী সজোৱা হৈছিল সেই লৈ আমাৰ কাৰো অলপো ধাৰণা নাছিল।

      আৰু এটা এনেধৰণৰ শেহতীয়া উদাহৰণ হৈছে শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ ড্ৰাগছৰ গোচৰতো। এখন বিলাসী জাহাজৰ পৰা NCB য়ে গ্ৰেপ্তাৰ কৰা আৰয়ান খান প্ৰায় এমাহ NCBৰ জিম্মাত আৰু জেলত থাকিবলগীয়া হৈছিল, যদিও তেওঁৰ লগত একো পোৱা নাছিল। ঘটনা এনে পৰ্যায় পাইছিলগৈ যে মিডিয়া ট্ৰায়েলত আৰয়ানটো দোষী সাব্যস্ত হ'লেই, শ্বাহৰুখ খানকো জড়িত বুলি প্ৰমাণিত কৰি গ্ৰেপ্তাৰ কৰোৱালেই হেঁতেন। কিন্তু ইয়াৰ পিছত ঘটনাটোত বহুতো পাকচক্ৰ আহে আৰু প্ৰায় এমাহৰ মূৰত আৰয়ান খানে জামিনত মুকলি হৈ আহে। আনপিনে নিৰ্দিষ্ট সময়ত NCBয়ে আদালতত চাৰ্জ শ্বীতো দাখিল কৰাত ব্যৰ্থ হয়। তাতোকৈ আচৰিত যে পলমকৈ ৬০০০ পৃষ্ঠাৰ যিখন চাৰ্জ শ্বীত আদালতত দাখিল কৰিলে সেইখনত আৰয়ান খানৰ নামটো পৰ্যন্ত উল্লেখ নাছিল। সেয়েহে আদালতে তেঁওক নিৰ্দোষী ঘোষণা কৰে। এইটো হয়তো শ্বাহৰুখ খানৰ বিৰুদ্ধে কোনোৱে ৰচনা কৰা এক ষড়যন্ত্ৰৰ অংশও হ'ব পাৰে কিন্তু ই সেই উঠি অহা ল'ৰাজনৰ যি ক্ষতি কৰিলে সেয়া সহজে পূৰণ কৰিব পৰা নাযায়। তথাপিও তেওঁ এজন তাৰকাৰ পুত্ৰ হিচাপে বহু সুবিধা লাভ কৰি হয়তো এই গোটেই মানসিক হেঁচাৰ পৰা ওলাই আহিব কিন্তু সকলোটো তাৰকা পুত্ৰ নহয়। 

      এনেধৰণৰ ঘটনা এই দুটাই যে ঘটিছে তেনে নহ‌য়। পুলিচৰ জিম্মাত আৰু সোনকালে তদন্ত সামৰি বাহবা লোৱাৰ স্বাৰ্থত বা কিবা ডাঙৰ অভিসন্ধিৰ অন্তৰ্গত বা অন্যান্য বিভিন্ন নিয়ম বহিৰ্ভূত কাৰণত এনে ঘটনা প্ৰায়েই ঘটি থাকে। সকলোবোৰ যেনিবা অশোক কুমাৰৰ দৰে বা আৰয়ান খানৰ দৰে সৌভাগ্যবান (?) নহয়। আজিকালি বহুতেটো আদালতৰ দৰ্শন লভাৰ আগতেই ইহ সংসাৰৰ পৰাই বিদায় ল'ব লগাত পৰে। আৰু সকলো ক্ষেত্ৰতে কাহিনী একে কেইটাই। হয় আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ সময়ত এনকাউন্টাৰত মৃত্যুবৰণ কৰে, নহ'লে ৰাতি অনুসন্ধানত নিওতে দূৰ্ঘটনাত পতিত হৈ মৃত্যু হয় আৰু নহ'লে হেণ্ডকাফ পিন্ধিয়েই আন্ধাৰ নিশা ব্ৰহ্মপুত্ৰৰ নিচিনা নদত জপিয়াই পলাবলৈ চেষ্টা কৰে আৰু কেইদিনমানৰ পাছত মৃতদেহটো উদ্ধাৰ হয়। 
আৰু প্ৰায় সকলো ক্ষেত্ৰতে এনকাউন্টাৰৰ পাছত পুলিচে ৰাইজৰ অকুন্ঠ সমৰ্থন লাভ কৰে আৰু বীৰৰ সন্মান পায়। এনে কেইটামান এনকাউন্টাৰৰ উদাহৰণ আমি নিজেই টিভিত দেখিছোঁ য'ত ৰাইজে পুলিচলৈ পুষ্পবৰ্ষন কৰি, ৰাস্তাত ফটকা ফুটাই নিজৰ ফুৰ্টি জাহিৰ কৰিছে। কিন্তু কোনেও নাভাবে যে কালিলৈ যদি একেই ঘটনা তেওঁৰ লগত ঘটে? কোনেও নাভাবে যে কালিলৈ হয়তো তেওঁ নিজেই এজন অশোক কুমাৰ বনি যাব পাৰে, কোনেও নাভাবে যে নিজেও কোনো দিনা আৰয়ান হৈ পৰিব পাৰে। 
আৰয়ান হ'বলৈ কিটো আছেনো, নগাঁৱৰ সেই ডেকা ল'ৰাজন, কীৰ্তি কমলেই দেখোন জলন্ত উদাহৰণ।

      এতিয়া ওপৰত উল্লেখিত কাহিনী কেইটাত বৰ্তমানৰ প্ৰেক্ষাপটত চাবলৈ গ'লে হাৰিয়ানা পুলিচ আৰু NCBয়ে এটাই ভুল কৰিছিল, কি জানেনে? সেইটো হ'ল অশোক কুমাৰক বা ইজনক লগালগ এনকাউন্টাৰ নকৰাতো। হয় আচৰিত লাগিলেও ইয়েই এতিয়াৰ বাস্তৱ সত্য। এনকাউন্টাৰ হোৱা হ'লেই পুলিচৰ ভুল কেতিয়াও ধৰা নপৰিলেহেতেন আৰু সত্য অসত্য একাকাৰ হৈ থাকিলহেঁতেন।

      বাকী ইয়াত মই মাত্ৰ দুটা উদাহৰণহে দিছোঁ কোনো এনকাউন্টাৰ বা extrajudicial murder ৰ সপক্ষে বা বিপক্ষে একো কোৱা নাই। সকলোৰে সকলো বস্তুৰে প্ৰতি নিজা বিচাৰ বিবেচনা কৰাৰ অধিকাৰ আৰু যোগ্যতা আছে। মাত্ৰ মই ইয়াত মোৰ মনত থকা দুটা উদাহৰণহে দিবলৈ চেষ্টা কৰিছিলোঁ।
বাকীবোৰ ৰাইজলৈ এৰিলোঁ।
ধন্যবাদ।
---------------------------------------------------------
©️ বিক্ৰম জ্যোতি বৰদলৈ
📲 ৯৯৫৪৩০৬৬৫৪

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================