✍️ নেডাৰলেণ্ডৰ স্কুলত বাধ্যতামূলক ভাগৱত গীতাৰ অন্তৰ্ভূক্তিৰ সত্যাসত্য।
নেডাৰলেণ্ডৰ স্কুলত পঞ্চমমানৰ পৰা ভাগৱত গীতাখন পঢ়াটো বাধ্যতামূলক কৰা এটা বাতৰি অলপ দিনৰ পৰা ভাইৰেল হৈছে। কথাটো কিমান সচা জানিবলৈ অলপ অধ্যয়ন কৰাত জানিব পাৰিলো যে কথাটো মিছা নহয় সচাই, কেৱল অশ্বত্থামা হত ইতি গজ জাতীয় সত্যহে।
মানে কথাটো এনেধৰণৰ, নেডাৰলেণ্ড দেশখন এখন অত্যন্ত উন্নত ধৰ্মনিৰপেক্ষ দেশ। এইখন দেশত প্ৰায় ২,১৫,০০০ মান হিন্দুও আছে যিসকল মূলতঃ নেডাৰলেণ্ডৰ পুৰণি উপনিৱেশ চুৰিণামৰ পৰা যোৱাটো শতিকাৰ ৭০ - ৮০ দশকমানত নেডাৰলেণ্ডলৈ প্ৰৱজন কৰা শ্ৰমিক শ্ৰেণীৰ শৰণাৰ্থী। এওঁলোকৰ গুৰিগোষ্ঠী মূলতঃ ভাৰতবৰ্ষ আৰু শ্ৰীলংকাৰ আৰু এওলোকক এসময়ত গিৰমিতীয়া বনুৱা হিচাবে ডাচ্ছ উপনিৱেশ চুৰিণামত কাম কৰিবলৈ অনা হৈছিল।
থিক এইদৰে অন্য দেশৰ পৰা প্ৰৱজন কৰা মুছলমান বা অন্য ধৰ্মীয় লোকো ইয়াত আছে।
প্ৰৱজন কৰা মানুহখিনিৰ বহুতেই নিজৰ পৰম্পৰা বা ধৰ্ম সংস্কৃতি ৰক্ষা কৰিবৰ বাবে নিজৰ পদ্ধতিত কিছুমান স্কুল খুলি লয়। যত তেওঁলোকৰ ধৰ্মীয় শিক্ষাৰ উপৰিও আধুনিক শিক্ষাও প্ৰদান কৰে। মুছলমান ধৰ্মাৱলম্বী সকলৰ যেনেকৈ ইছলামিক বা মাদ্ৰাছা জাতীয় শিক্ষানুষ্ঠান আছে তেনেকৈ হিন্দু সকলৰো নিজা শিক্ষানুষ্ঠান আছে যিসমূহক হিন্দু স্কুল বা বিষ্ণু স্কুল বুলিও জনা যায়। এতিয়া নেডাৰলেণ্ড চৰকাৰে কেৱল এনেবোৰ স্কুলতহে ভাগৱত গীতা পাঠ্যক্ৰমত অন্তৰ্ভূক্তিৰ অনুমতি প্ৰদান কৰিছে, যিদৰে অইন ধৰ্মীয় স্কুলতো তেওঁলোকৰ ধৰ্মীয় পাঠ অন্তৰ্ভুক্তিৰ অনুমতি দিয়া হয়।
এইয়া নেডাৰলেণ্ডৰ অইন সাধাৰণ স্কুলৰ পাঠ্যক্ৰমৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত নহয়।
কিন্তু কথা হল এনে ধৰ্মীয় স্কুলত প্ৰকৃততে বৰ্তমান অতি নগন্য সংখ্যক ছাত্র ছাত্ৰীয়েহে অধ্যয়ন কৰে।
এতিয়া কওকছোন সত্যটো অশ্বত্থামা হত জাতীয় সত্য হয়নে নহয়।
🙏🙏🙏
02/09/2918
Comments
Post a Comment