✍️ বিমূৰ্ত মোৰ নিশাতি

✍️ বিমূৰ্ত মোৰ নিশাতি
-----------------------------------------------------
      ভূপেন হাজৰিকাৰ বিষয়ে বা তেখেতৰ গানৰ বিষয়ে দুআসাৰ লিখাৰ দুঃসাহস কেনেকৈ কৰিছো নিজেই নাজানো। হয়তো এয়া কৰি নিজকে ভুচুং পহুও সজাব পাৰো, কিন্তু ইমান দিনৰ পৰা ভাবি থকা কথাবোৰ নকলেও মনে নামানে বাবেই এই ৰচনা আৰম্ভ কৰিছো। এইখন হয়তো গোটেই ভুলৰেই সমাহাৰো হ'ব পাৰে, বিজ্ঞজনে শুধৰাই দিলে কৃতাৰ্থ হ'ম।
      ভূপেন হাজৰিকাৰ গানৰ আটাইতকৈ ডাঙৰ বিশেষত্ব কি বুলি শুধিলে মোৰ উত্তৰ হ'ব যে তেখেতৰ গীতবোৰ কালজয়ী ক্লাচিক আৰু এই গীতবোৰৰ অৰ্থ, ৰস, সোৱাদ ভিন্ন সময়ত ভিন্ন আৰু ভিন্ন জনৰ বাবেও ভিন্ন। তেখেতৰ প্ৰায় সকলো গীতেই Contemporary। সকলো সময়ৰ বাবেই উপযুক্ত অৰ্থাৎ গানবোৰ ভূট, বৰ্তমান আৰু ভৱিষ্যত এই তিনিও কালতেই সমানেই প্ৰযোজ্য। 
      আপুনি সৰুতেই শুনা তেখেতৰ গান এটা আজিও শুনে, নহয়নে। সৰুতে সেই গানটোৰ অৰ্থ বা ৰস আপোনাৰ বাবে যি আছিল আজি সেই একেটা অৰ্থ নাই বা নাপাবও পাৰে, এতিয়া আপুনি সম্পূৰ্ণ এটা বেলেগ মাদকতাও উপলব্ধি কৰিব পাৰে। একেটা গান দিনত আঁতৰৰ পৰা মাইকত বাজি থাকোঁতে শুনি যি অনুভৱ কৰিব সেই একেটা গানকেই আপুনি নিশা বিছনাত পৰি কাণত হেডফোনটো লগাই শুনিবছোন দেখিব এটা সম্পূৰ্ণ বেলেগ ঐশ্বৰিক, অতীন্দ্ৰীয় অনুভূতিয়ে আপোনাক গ্ৰাস কৰি পেলাইছে আৰু পুনৰ ঘূৰাই ঘূৰাই একেটা গানকেই আপুনি শুনি অনুভৱ কৰিব যেন আজিহে আপুনি এই গীতটো প্ৰথম শুনিলে। অথচ দিনত শুনোতেও আপুনি গানটো ভালেই পাইছিল কিন্তু এটা সম্পূৰ্ণ বেলেগ প্ৰেক্ষাপটত। এইবোৰেই হ'ল এইজনা কিংবদন্তিৰ গীতৰ মোৰ দৰে সামান্য শ্ৰোতাই বিচাৰি পোৱা একোটা একোটা বৈশিষ্ট্য। এই বিষয়ে আৰু বেছি বহলীয়া নকৰি আজি তেখেতৰ এটা গানৰ বিষয়ে দুআসাৰ লিখিবলৈ চেষ্টা কৰো।

      মোক যদি মই শুনা যিকোনো ভাষাৰ গানৰ ভিতৰত এটা শ্ৰেষ্ঠ ৰোমাণ্টিক তথা ইৰতিক (Erotic) গান বাচিবলৈ কয়, তেন্তে মোৰ বাচনিত উঠিবলগীয়া প্ৰথম গানটো হ'ব ভূপেন হাজৰিকাদেৱৰ দ্বাৰা সৃষ্ট 'বিমূৰ্ত মোৰ নিশাতি'। ১৯৭১ চনত ৰচিত এই গানটোত কি নাই? সমগ্ৰ গীতটোতেই সোমাই আছে শব্দে শব্দেই ৰোমাণ্টিক যৌণতা। তাকো একেবাৰে সম্পূৰ্ণ নগ্নতাৰ প্ৰকাশ। দুটি শৰীৰৰ মিলনৰ সম্পূৰ্ণ বিবৰণ। সকলোৱেই জনা, সকলোৰেই প্ৰাকৃতিক প্ৰয়োজনীয়তাক এক স্বৰ্গীয় ৰূপত তুলি ধৰিছে এই গীতৰ মাজেৰে। কিন্তু কি সুন্দৰ এই যৌণতা, এই নগ্নতা, এই ৰোমাণ্টিকতা। যাদুকৰী শব্দৰ আৱেষ্টনীৰে আৱৰি ৰাখিছে এই নগ্নতা। কি সুন্দৰ এই প্ৰকাশভঙ্গী, কি মধুৰ এই ৰচনা যেন স্বয়ং কামদেৱৰ হে এটি সুমধুৰ সৃষ্টি। মুক্তভাৱে উপস্থাপন কৰা যৌনতাৰ ইমান শালীন প্ৰকাশ কেৱল মাত্ৰ এইজনা দেৱশিল্পীৰ বাবেহে সম্ভৱ। 

      কোনোবাই সঠিক ভাবেই কৈ গৈছে যে এইটো এটা কেৱল গান নহয়, ই এক যাত্ৰা এইখন পৃথিৱীৰ পৰা এখন বেলেগ জগতলৈ। অইন একো গান নাগালেও অকল এইটো গীতেৰেই অমৰ হৈ থাকিলহেঁতেন ভূপেনদা। অসমত নহৈ অইন ৰাজ্য বা দেশত জন্ম লোৱা হ'লে ভূপেনদাই এই গীতটোৰ বাবেই হয়তো গ্ৰেমী বা আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও পালেহেতেন।

      ৰোমাণ্টিক যৌণতাক ইমান সুন্দৰ শব্দৰ মায়াজালেৰে ঢাকি ইয়াত প্ৰয়োগ কৰিছে যে আপুনি অকলে কিয়, ৰাজহুৱাকৈ, সামাজিক অনুষ্ঠানত বা পৰিয়ালৰ লগত বহি উপভোগ কৰক এই সৃষ্টি, কৰিয়েই আছে নিশ্চয় সদায়, নাই অকনো অসুবিধা বা অস্বস্তিৰ সম্মুখীন হ'ব লগীয়া নহয়। কিন্তু আপুনি গভীৰ ভাবে ইয়াৰ এটা এটা শব্দৰে সোমাই যাওকচোন, আপুনি সচাই এখন বেলেগ জগতত প্ৰৱেশ কৰিব, য'ত প্ৰৱেশ কৰিছিল আদম আৰু ঈভে, ভক্ষণ কৰিছিল নিশিদ্ধ ফল আৰু যাৰ ফলশ্ৰুতিতে আমিবোৰ আজি আছোহক।

      'মৌনতাৰ সুতাৰে বোৱা নীলা চাদৰৰ এটি মিঠা ভাজতেই যে লুকাই থাকে নিশ্বাসৰ উম আৰু জীয়া জীয়া আদৰবোৰ'। 
      গানটোৰ প্ৰতিটো শব্দ বাখ্যা কৰাৰ ধৃষ্টতা মোৰ নাই আৰু সেইকন জ্ঞানো মোৰ নাই মই জানো। তথাপিও কিয় জানো 'কম্পন-কাতৰ নিৰ্মল দুটি ওঁঠ' ৰ কথা উল্লেখ নকৰাকৈ নোৱাৰো। যেনেকৈ উল্লেখ নকৰাকৈ নোৱাৰো 'নিয়ম ভঙাৰ নিয়মেৰে গৈ পোৱা কোমল আঘাত আৰু প্ৰতি আঘাত' ৰ বিষয়ে। দুই মন আৰু শৰীৰৰ মিলনৰ এই ক্ষণত, দুই গৈ এক হোৱাৰ পৱিত্ৰ মূহুৰ্তত কোনো বাহ্যিক বিষয় বস্তুৰ প্ৰতি তিলমানো ভ্ৰুক্ষেপ নাই তেওঁলোকৰ, প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি আছে দুয়ো', য'ত পুৰুষজন বহুতৰে মতে সৃষ্টি কৰ্তা নিজেই, নাৰীগৰাকীৰ কথা অৱশ্যে মই নিশ্চিত নহয়। 
      কিন্তু ভূপেন হাজৰিকাৰ নিজৰ ভাষাত এইটো এটা এব্সট্ৰেক্ট (Abstract) কবিতাহে। ইয়াত দুটি শৰীৰৰ মিলনৰ সম্পূৰ্ণ বাখ্যা আছে তাকো একেবাৰে ডিটেইলছত। শ্ৰদ্ধাৰ দেৱকান্ত বৰুৱাদেৱে এই গীতটোক ধেমেলীয়াকৈ এটি ডেঞ্জাৰাছ প্ৰেমৰ কবিতা বুলিছিল আৰু ভূপেনদাক কৈছিল যে তুমি যে এইটো গাই ক'তো মাৰ খোৱা নাই! এইটো একেবাৰে মাৰ খাবলগীয়া গান লিখিছা। উত্তৰত ভূপেনদাই কৈছিল যে "কিয় মাৰিব, কেনেকৈ মাৰিব। ইয়াৰ এটা শব্দও চেন্সৰ কৰি দেখাওকচোন। ইমান সুন্দৰ ভাষাত ইমান এটা অশ্লীল গীত ঢাকিছো তাকো মাথোঁ এখনি নীলা চাদৰেৰে"
      আৰু এই পৰীক্ষণত তেখেত সফল হ'ল।‌ দেৱকান্ত বৰুৱাদেৱে এনেৰেই কোৱা নাছিল, হয়ো সত্তৰৰ দশকতে এইটো অলপ সাহসী গীত লিখিছিলনে এইজনা যুগজয়ী পুৰুষে, যিটো আজিও আমি শুনি শুনি অধ্যয়ন কৰি থাকো !!

      এইখিনি মাত্ৰ মোৰ ক্ষুদ্ৰ মগজুৱে ধুকি পোৱা গানটোৰ এক সম্যক ধাৰণাহে। ইয়াত সকলোৱেই নিজা নিজা অৰ্থ বিচাৰি পোৱাৰ অৱকাশ আৰু সমল দুয়োটাই আছে। আৰু মই এইটোতো প্ৰায় নিশ্চিত যে এই লেখাটো পঢ়ি থকা সকলৰ বহুতেই হয়তো এই গীতটো এনে দৃষ্টিকোণেৰে চোৱাই নাছিল বা ভবাই নাছিল। আজিৰ পৰাহে বহুতেই এক নতুন সোৱাদ বিচাৰি পাব পাৰে। যিমানবাৰেই এই গীতটো শুনিব সিমানেই আৰু শুনিবলৈ মন গৈ থাকিব, নতুন অৰ্থ বিচাৰি পাই থাকিব। 
      ইয়াত মই মাত্ৰ গানটোৰ ওপৰে ওপৰে মোৰ অল্পজ্ঞানেৰে পোৱা ধাৰণাৰ আৰু অনুভূতিৰ দুই এটা কথা ব্যক্ত কৰাৰ চেষ্টাহে কৰিছোঁ।

      এতিয়া আহক গানটোৰ বাকী অংগলৈ, অৰ্থাৎ সুৰ, বাদ্যযন্ত্ৰ আদিবোৰলৈ। গান এটা শুনাৰ বাহিৰে, গান শুনি ভাল পোৱাৰ বাহিৰে মই গানৰ 'গ' টোও নাজানো। সেয়েহে এই অবিচ্ছেদ্য অংগ দুটাৰ বিষয়ে মনলৈ অহা কথাবোৰ লিখি প্ৰকাশ কৰাত মই অসমৰ্থ। এটাই জানো যে এই স্বৰ্গীয় সুৰত যিকোনো কথা ভৰাই দিলেও ই শুনিবলৈ সুন্দৰেই হ'লহেতেন। কি এক মায়াজগতলৈ টানি লৈ যাব পৰা সুৰ। তাতে সুৱগা চৰাইচে বাদ্যযন্ত্ৰই। "কোমল আঘাত প্ৰতি আঘাত,
কোমল আঘাত প্ৰতি আঘাত
নীলা নিশাৰ নাটৰ" বুলি গোৱাৰ পিছমূহুৰ্তৰ সঙ্গীতৰ যি প্ৰয়োগ তাক মই লিখি বুজাই ক'ব নোৱাৰোঁ কিন্তু সেই সঙ্গীতেযে আপোনাৰ হৃদয়ত ঝংকাৰ তুলিব সেয়া মই ন দি ক'ব পাৰোঁ। সচাই এক অমিয়া সৃষ্টি, এক অনন্য সংগম। এখনি abstract চিত্ৰকলা।

      এনেধৰণৰ সংগীতৰ সৃষ্টি কৰোতাজন সদায়েই অসাধাৰণ। আৰু তেখেতৰ জন্ম ৰাজ্যত জন্ম পোৱাটোৱেই আমাৰ বাবে সৌভাগ্য।
      আগতেই উল্লেখ কৰি আহিছোঁ যে এই লেখাটো মোৰ এক দুঃসাহস মাত্ৰ। মনৰ তাড়নাতে লিখিব লগাত পৰিলোঁ। ইয়াত অজস্ৰ ভুল ভ্ৰান্তি আছে। যিবোৰ বিজ্ঞজনে শুধৰাই দিলে সচাই কৃতাৰ্থ হ'ম।

      এইখন ৰচনা যদিহে পঢ়ি কোনোবাই অলপো ভাল পাই তেন্তে ইয়াৰ পিছত ভূপেনদাৰ আন এক অনুপম সৃষ্টিৰ বিষয়ে দুআসাৰ লিখাৰ পুনৰ দুঃসাহস কৰিবলৈ ইচ্ছা আছে। সেয়েহে আপোনালোকৰ মতামত আশা কৰিলোঁ। আৰু দীঘলীয়া নকৰি আজিলৈ ইমানতেই সামৰো।
ধন্যবাদ 🙏
28/05/2022
-------------------------------------------------------
©️ বিক্ৰম জ্যোতি বৰদলৈ
📲 ৯৯৫৪৩০৬৬৫৪
Blog; readbikram.blogspot.com

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================