✍ Instaপান !!
আজিকালি Instafoodৰ যুগ। সকলোৱে বিচাৰে সহজেই আৰু অতি সোনকালে বনাব পৰা আৰু খাব পৰা খাদ্য। আগতে এই Insta Food বা Ready to eat food বিশেষভাৱে ব্যৱহাৰ ও জনপ্ৰিয় আছিল সামৰিক, অৰ্ধসামৰিক বাহিনী বা বিভিন্ন অভিযানৰ অভিযাত্ৰীসকলৰ মাজতহে, কিন্তু বৰ্তমান এনে খাদ্য সকলোৰে মাজত জনপ্ৰিয়। এইবোৰ খাদ্যৰ জনপ্ৰিয়তাৰ মুখ্য কাৰণ হৈছে সহজ আৰু অতি সোনকালে তৈয়াৰ কৰিব পৰাটো। মেগীৰ কথাই ভাবকছোন, মাত্ৰ ২ মিনিটত প্ৰস্তুত।
যদিও আমি এতিয়া আমদানিকৃত Instafoodৰ জুতি লোৱাত অভ্যস্ত আমাৰ অসমীয়া Instafoodৰ
ভাণ্ডাৰো কিন্তু যথেষ্ট চহকী মাত্ৰ আমি এইবোৰক আজিকালি অৱহেলা কৰিবলৈ লৈছো বাবে
এইবোৰ লাহে লাহে হেৰাব ধৰিছে। (নিজৰ যিকোনো বস্তু বা সম্পদক অৱহেলা কৰাটো আমাৰ
বৈশিষ্ট্যই হৈ পৰিছে)
অসমত যিমানবোৰ এনে ready to eat খাদ্য আছে হয়তো অন্য বহু দেশত নাই। কেইবিধমান
মনলৈ অহা আৰু সকলোৱে জনা এনে Insta-জলপান হৈছে কোমল চাউল, পিঠাগুৰি, সান্দহগুৰি,
ভজা বৰা, হুৰুম আদি। চিৰা, মুৰি, আখৈ এইবোৰ বাৰু অসমৰ বাহিৰতো আছে।
ভাবকচোন গৰম গাখীৰ বা পানী অকণ ধালি চেনী বা গুৰ অকণ লৈ এইবোৰ জলপান খাবলৈ মেগীৰ
২ মিনিটতকৈও কম সময়হে লাগে নেকি? এইকেইবিধ উদাহৰণহে মাত্ৰ এনে আৰু অজস্ৰ আমাৰ
নিজা থলুৱা ইনষ্টাফুড আছে।
এই খাদ্যসমূহ আমি সঠিক পৰিকল্পনা তথা প্ৰস্তুতিৰে যদি আগবঢ়াই দিব পাৰো নিশ্চয়
এইবোৰ সমগ্ৰ বিশ্বই আকোৱালি লব।
ইয়াৰ বাবে লাগিব Quality আৰু সঠিক Marketing policy।
কল্পনা কৰকছোন সুন্দৰ ৰংচঙীয়া উন্নত মানদণ্ডৰ এটা বায়ুৰহিত পেকেটৰ ভিতৰত
এটা Bio degradable কাপ বা বাটিত সমানেই উন্নত মানদণ্ডৰ অলপ ভজা বৰা চাউল আৰু
দুটা সৰু চেনী আৰু গাখীৰৰ টোপোলা (Sachet)। মূল পেকেটৰ বাহিৰত পৰিবেশনৰ নিৰ্দেশনা
দিয়া আছিলেই ইংৰাজীত এইদৰে
"Add sugar and milk powder into the bowl of 'Axomor Bhoja Bora', add half cup
of hot water,
stir it for 2 minutes, your breakfast is ready"
কওকচোন বাৰু কিয় জনপ্ৰিয় নহব হে?
☞ বিজ্যোব
<script async
src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js?client=ca-pub-2842807061182637"
crossorigin="anonymous"></script>
crossorigin="anonymous"></script>
Comments
Post a Comment