Posts

ইনফ'ছিছ: সংকটৰ আৰৰ সংঘাত। (২৬/০৮/২০১৭)

ইনফ'ছিছ: সংকটৰ আৰৰ সংঘাত !      বিশাল চিক্কাই ইনফ'ছিছৰ পৰা আকস্মিক পদত্যাগ কৰাৰ পাছত গভীৰ সংকটত পৰে কোম্পানী আৰু ইয়াৰ নিৱেশক সকল। শ্বেয়াৰ বজাৰত হো হোৱাই নামি আহে ইনফ'ছিছৰ শ্বেয়াৰ মূল্য ফলত বৃহৎ লোকচানৰ সন্মুখীন হয় নিৱেশক সকল। আমেৰিকাৰ কেইখনমান আইন সংস্থাইটো নিৱেশকৰ হৈ মুকৰ্দমাৰো যো জা কৰিছিল। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে বজাৰত সুস্থিৰতা বজাই ৰখাৰ স্বাৰ্থত ইনফ'ছিছে ইয়াৰ শ্বেয়াৰ, বজাৰৰ পৰা পুনৰ্ক্ৰয় কৰিব লগা হয়। কিন্তু হঠাতে CEO তথা MD বিশাল চিক্কাই নো কিয় পদত্যাগ কৰিলে? ইয়াৰ কাৰণ বহুতো যদিও মুলতঃ প্ৰতিষ্ঠাপক CEO নাৰায়ণমূৰ্ত্তিৰে হোৱা সংঘাতকেই সকলোৱে দায়ী কৰিছে। আচলতে চিক্কাই দ্বায়িত্ব লোৱাৰ পাছৰে পৰাই চিক্কাৰ কিছুমান সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছিল নাৰায়ণমূৰ্ত্তিয়ে প্ৰকাশ্যেই হওঁক বা অন্যধৰণেই হওঁক। বহুতে এই দুজনৰ সংঘাতৰ কাৰণ বহু ধৰণে বাখ্যা কৰিছে, কোনোৰ মতে দুয়োজনেই সাংঘাতিক বেছি Egoistic মানুহ, ইমানেই বেছি তেওঁলোকৰ ego, যে বহুতৰ চেষ্টাৰ পাছতো দুয়ো মুখামুখি আলোচনাত নৱঢ়িল। কোনোৰ মতে আকৌ তেওঁলোকৰ সংঘাতৰ মুখ্য কাৰণ ব্যৱসায় পৰিছালনাৰ পদ্ধতিগত পাৰ্থক্য, কোনোৰ মতে আকৌ এয়া ...

অসমৰ প্ৰেক্ষাপটত 'The Assassination of Richard Nixon'

হলিউডৰ এখন বিখ্যাত ছবি হৈছে 'The Assassination of Richard Nixon'। ২০০৪  চনত নিৰ্মিত এই চিনেমাখনৰ পটভূমি হৈছে এক সত্য ঘটনা। ছবিখনৰ মূল চৰিত্ৰ ছেমুৱেল বিক (চমুকৈ ছেম) হৈছে এজন বিফল ব্যক্তি। জীৱনৰ সকলো ক্ষেত্ৰতেই তেওঁ সৰ্বসাধাৰণে বুজি পোৱা সফলতাৰ পৰা বহু নিলগত, অৰ্থাৎ এজন চূড়ান্ত অসফল ব্যক্তি। বৃত্তিগতভাৱে তেওঁ অসফল হোৱাৰ বাবেই স্বামী হিচাপেও তেওঁ অসফল। পত্নীৰ লগত বহু চেষ্টাৰ পিছতো তেওঁক একেলগে ৰখাত সফল নহ'ল।  আচৰিত ধৰণে কিন্তু তেওঁৰ অসফলতাৰ মুখ্য কাৰণ কি জানেনে? তেওঁৰ অসফলতাৰ মুখ্য কাৰণ হৈছে একমাত্ৰ তেওঁৰ সততা আৰু সৰলতা।  ছেম বিকৰ জীৱন কাহিনীটো চিনেমাখনত দেখুওৱা অনুসৰি চমুকৈ আছিল এনেধৰণৰ। ১৯৭৩ চনত ফিলাডেলফিয়াৰ বাসিন্দা ৪৩ বছৰীয়া ছেম বিক সাংঘাটিক ধৰণেৰে হতাশাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগাত পৰিছিল। তেওঁৰ পৰা আতঁৰি থকা পৰিবাৰ তথা তেওঁলোকৰ সন্তানক তেওঁ ঘূৰাই আনিব পৰা নাছিল। আৰ্থিকভাৱেও জুৰুলা। নিজৰ ককায়েকৰ টায়াৰ বিক্ৰী কৰা দোকানখনৰ পৰাও তেওঁ ওলাই আহিছিল আৰু তাৰ কাৰণ হিচাপে কৈছিল যে তেওঁ মিছা কথাৰ আশ্ৰয় লৈ টায়াৰ বিক্ৰী নকৰে। সমাজত চলি থকা বৰ্ণ বৈষম্য বা আন বৈষম্...

প্ৰকৃতিৰ ন্যায়, কৰ'না, ভগৱান আৰু আমিবোৰ।

Image
প্ৰকৃতিৰ ন্যায় , কৰ ' না , ভগৱান আৰু আমিবোৰ । ----------------------------------------------------------------------------------------------------------------   আপোনালোকে যাক ভগৱান বুলি কয় মই তেওঁক প্ৰকৃতি বুলি কও। প্ৰকৃতিয়ে নিজৰ সৃষ্টি নিজেই কৰে আৰু ধ্বংসও কৰে নিজেই। প্ৰকৃতি নিজতে নিজেই স্বয়ংসম্পূৰ্ণ। প্ৰকৃতিয়ে সময়ে সময়ে নিজৰ চিকিৎসাও কৰে নিজেই। যেতিয়াই প্ৰয়োজন হয় প্ৰকৃতিয়ে নিজকে নিজেই গঢ়ে আৰু ধ্বংস কৰে। মানুহ কেৱল এই প্ৰকৃতিৰ এটা ক্ষুদ্ৰ অংশহে। কিন্তু মানুহে এই কথা পাহৰি যায় আৰু নিজকে সৰ্বশ্ৰেষ্ঠ , সৰ্বশক্তিমান বুলি ধৰি লৈ প্ৰকৃতিৰ ওপৰতে ধ্বংসলীলা আৰম্ভ কৰে। সেয়েহে মাজে সময়ে প্ৰকৃতিয়ে সোৱৰাই দিব লগাত পৰে মানুহৰ প্ৰকৃত অৱস্থান।   এইবাৰ কৰ ' নাৰ ৰূপত প্ৰকৃতিয়ে ধৰা দি শিক্ষা দিবলৈ আহিছে মানৱ সভ্যতাক। বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে প্ৰকৃতিয়ে এইধৰণৰ শিক্ষা দিয়েই আহিছে কিন্তু মানৱজাতিয়েহে এই শিক্ষা গ্ৰহণ কৰিব পৰা নাই। বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্য...