প্ৰকৃতিৰ ন্যায়, কৰ'না, ভগৱান আৰু আমিবোৰ।
প্ৰকৃতিৰ ন্যায়, কৰ'না, ভগৱান আৰু আমিবোৰ।
----------------------------------------------------------------------------------------------------------------
আপোনালোকে যাক
ভগৱান
বুলি
কয়
মই
তেওঁক
প্ৰকৃতি বুলি
কও।
প্ৰকৃতিয়ে নিজৰ
সৃষ্টি
নিজেই
কৰে
আৰু
ধ্বংসও
কৰে
নিজেই।
প্ৰকৃতি নিজতে
নিজেই
স্বয়ংসম্পূৰ্ণ। প্ৰকৃতিয়ে সময়ে
সময়ে
নিজৰ
চিকিৎসাও কৰে
নিজেই।
যেতিয়াই প্ৰয়োজন হয়
প্ৰকৃতিয়ে নিজকে
নিজেই
গঢ়ে
আৰু
ধ্বংস
কৰে।
মানুহ
কেৱল
এই
প্ৰকৃতিৰ এটা
ক্ষুদ্ৰ অংশহে।
কিন্তু
মানুহে
এই
কথা
পাহৰি
যায়
আৰু
নিজকে
সৰ্বশ্ৰেষ্ঠ, সৰ্বশক্তিমান বুলি
ধৰি
লৈ
প্ৰকৃতিৰ ওপৰতে
ধ্বংসলীলা আৰম্ভ
কৰে।
সেয়েহে মাজে
সময়ে
প্ৰকৃতিয়ে সোৱৰাই
দিব
লগাত
পৰে
মানুহৰ
প্ৰকৃত
অৱস্থান।
এইবাৰ কৰ'নাৰ ৰূপত প্ৰকৃতিয়ে ধৰা
দি
শিক্ষা
দিবলৈ
আহিছে
মানৱ
সভ্যতাক। বিভিন্ন সময়ত
বিভিন্ন ধৰণেৰে
প্ৰকৃতিয়ে এইধৰণৰ
শিক্ষা
দিয়েই
আহিছে
কিন্তু
মানৱজাতিয়েহে এই
শিক্ষা
গ্ৰহণ
কৰিব
পৰা
নাই।
বিভিন্ন ধৰণৰ
প্ৰাকৃতিক দুৰ্যোগ বা
মহামাৰীৰ ৰূপত
প্ৰকৃতিয়ে নিজৰ
ভাৰসাম্যতা বজাই
ৰাখিছে। ইয়াৰ
ওপৰত
মানুহৰ
কোনো
অধিকাৰ
নাই।
নিজকে
যিমানেই আধুনিক
সভ্যতা
বুলি
দাবী
নকৰক
(প্ৰকৃততে প্ৰত্যেক সময়ৰ
সভ্যতাই সেই
সময়
অনুযায়ী আধুনিক
সভ্যতা)
প্ৰকৃতিয়ে কেৱল
এটা
সামান্য জোকাৰনিতে সেই
গৰ্ব
খৰ্ব
কৰি
পেলায়। এটা
জোকাৰনি, এজাক
বতাহ,
এটা
সাগৰীয় ঢৌত
উটি
যায়
সমগ্ৰ
গৰ্ব
ভেম
অহংকাৰ। পিছে
মানুহে
সেই
কথা
পাহৰি
পুনৰ
প্ৰকৃতিৰ ওপৰতে
ধ্বংসলীলা আৰম্ভ
কৰে
আৰু
প্ৰকৃতিয়েও পুনৰ
ন
ৰূপত
আহে
মানৱ
জাতিক
শিক্ষা
দিবলৈ।
এয়াই
চলি
আহিছে।
এইবাৰৰ কৰ'নাৰ কথাকেই চাওকচোন, কেনেকৈ
কি
দৰে
নগুৰ
নাকটি
কৰিছে
সমগ্ৰ
মানৱজাতিক। প্ৰায়
সমগ্ৰ
মানুহকে কৰি
পেলাইছে গৃহবন্দী। মাহ
কে
মাহ
প্ৰায়
সমগ্ৰ
বিশ্বৰ
মানুহ
সোমাই
থাকিব
লগাত
পৰিছে
ঘৰৰ
ভিতৰত।
কোনোবা
যদি
বেমাৰ
দেখুৱাবলৈ গৈ
বন্দী
হৈ
আছে
অচিন
দেশত,
আন
কোনোৱে
আকৌ
গৃহবন্দী হৈ
থাকিব
লগাত
পৰিছে
চাকৰি
কৰা
ঠাইত।
কি
এটা
অসহায়
দূৰ্বল
অৱস্থা
শক্তিশালী মানৱ
জাতিৰ।
ঘৰৰ
পৰা
মানুহ
ওলাব
নোৱাৰে,
ডাক্তৰে ৰোগীক
ভালদৰে
চাব
নোৱাৰে,
পৰিয়ালৰ ইজনে
সিজনক
লগ
পাব
নোৱাৰে। আৰু
কিমান
দিন
এইদৰেই
থাকিব
লগাত
পৰে
তাৰো
নাই
নিশ্চয়তা। কোনোৱে
খাবলৈ
পোৱা
নাই,
কোনোৱে
ঘৰৰ
বৃদ্ধ
মাক
দেউতাকক দেখা
কৰিব
পৰা
নাই।
কাৰোবাৰ আকৌ
কোনোবা
আত্মীয় স্বজনৰ
মৃত্যুৰ শেষকৃত্যও কৰিব
পৰা
নাই।
মুঠতে
এক
চূড়ান্ত অসহায়
অৱস্থা। কিবা
এটা
কৰিব
পৰা
ক্ষমতা
নাই
কাৰোৰে
হাতত।
গৃহবন্দী অৱস্থাত ৰাষ্টা-ঘাত হৈ পৰিছে
প্ৰায়
জনশূন্য। আৰু
এই
জনশূন্য ৰাষ্টাত টহল
দি
ফুৰিছে
বন্য
জীৱ
জন্তুৱে। কি
এক
ভাবিব
নোৱাৰা
ঘটনা!
লকডাউনৰ ফলত
এনে
ধৰণৰ
ঘটনা
প্ৰায়বোৰ দেশতে
ঘটিছে।
প্ৰদূষণৰ মাত্ৰা
বহুত
কমিছে।
চৰকাৰে
নিয়ম
বনাই
বনায়ো
কৰিব
নোৱাৰা
বহু
কাম
এতিয়া
লকডাউনৰ ফলত
হৈছে।
প্ৰকৃতিয়ে যেন
বহু
যুগৰ
মূৰত
শান্তি
লভিছে।
সকলোধৰণৰ কাৰ্যতে এই
লকডাউনে প্ৰভাৱ
পেলাইছে। জীৱন
যাত্ৰা,
ব্যৱসায় বানিজ্য সকলো
স্থৱিৰ
হৈ
পৰিছে।
আন
নালাগে
ভগৱানক
লৈ
কৰি
থকা
আটাইতকৈ লাভজনক
ব্যৱসায় অৰ্থাৎ
ধৰ্মৰ
ব্যৱসায়ো এই
সময়ত
মন্দা
চলিছে।
আপোনাক
পাপৰ
পৰা
মুক্ত
কৰি
ডাইৰেক্ট ভগৱানৰ
শ্ৰী
চৰনত
পহুচাই
দিয়াৰ
ঠিকা
লৈ
থোৱা
সকলৰো
ব্যৱসায় বেয়া।
জীৱন
ভৰ
কেৱল
পাপকে
কৰা
পাপৰ
বাহিৰে
অইন
একো
নকৰাসকলৰ বাবে
পুণ্য
বিক্ৰী
কৰা
বা
পাপ
পুণ্যৰ
বিনিময় কেন্দ্ৰস্বৰুপ মঠ
মন্দিৰ,
মছজিদ,
গীৰ্জা
আদিবোৰো এতিয়া
বন্ধ।
খোলা
কেৱল
চিকিৎসালয়সমূহ। এতিয়া
সেইবোৰেই মন্দিৰ,
সেইবোৰেই মছজিদ।
কাৰণ
একো
নহয়
সেই
কৰ'নাই। মানুহক নিজৰ
অস্তিত্ব সোৱৰাই
দিবলৈ
আৰম্ভ
কৰিছে।
অথচ
কিহৰ
বাবে
এই
লকডাউন?
চাবলৈ
গ'লে কেৱল এটা
সামান্য ভাইৰাছৰ বাবেই
নহয়
জানো?
প্ৰকৃততে এই
পাপ
পুণ্যনো কি,
ধৰ্ম
অধৰ্মনো কি?
নে
জীৱনটো
বেয়া
কৰ্ম
কৰি
কৰি
মন্দিৰ
নামৰ
দোকানখনৰ পৰা
তাত
চাকৰি
কৰা
আপোনাৰ
আৰু
ভগৱানৰ
মধ্যস্ততাকাৰীৰ ৰূপত
থকা
ছেলচমেনজনে বিক্ৰী
কৰা
পুণ্যকন ক্ৰয়
কৰিয়েই ভগৱানক
পাব
পাৰি,
সন্তুষ্ট কৰিব
পাৰি।
যদি
সেয়াই
হয়
তেন্তে
তেওঁ
কেনেকৈ
সৰ্বশক্তিমান হ'ল। সমগ্ৰ জীৱন
বেয়া
কাম
কৰাজনেও যদি
এভাগ
পূজা
পাতল
বা
তেনেধৰণৰ কিবা
কৰ্ম
কৰিলেই
পুণ্যাৰ্জন হয়
তেন্তে
সেইয়াটো আমাৰ
চৰকাৰী
কাৰ্যালয়সমূহত প্ৰচলিত ঘোচ
দিয়াৰ
সমপৰ্য্যায়ৰে হ'ল। আৰু যদি
তেনে
ঘোচ
গ্ৰহণ
কৰি
দিওতাজনৰ সৰ্বমংগল কৰিয়েই দিয়ে
তেন্তে
তেওঁ
ভগৱান
হ'ল কেনেকৈ? এইধৰণৰ
বহু
কথাই
আছে।
আচলতে মোৰ
দৃষ্টিত কথাটো
তেনে
নহয়।
প্ৰকৃতিয়েই হ'ল সৰ্বশক্তিমান আৰু
প্ৰকৃতিয়ে কোনো
পূজা
অৰ্চনা
আপোনাৰ
পৰা
নিবিচাৰে। প্ৰকৃতি প্ৰকৃতিৰ নিয়মমতেই চলে
আৰু
সেই
নিয়ম
যোনে
পালন
কৰি
চলে
তেওঁবিলাকেই প্ৰকৃতিৰ লগত
সহাৱস্থান কৰি
সুন্দৰকৈ জীৱন
নিৰ্বাহ কৰে।
কিন্তু
এই
প্ৰকৃতিৰ বিৰুদ্ধে যি
যাব
খোজে
সি
কেতিয়াও প্ৰকৃতিৰ কোপদৃষ্টিৰ পৰা
ৰক্ষা
নাপায়। প্ৰকৃতি প্ৰতিশোধপৰায়ন নহয়
কিন্তু
ভাৰসাম্যতা ৰক্ষাৰ
ইয়েই
একমাত্ৰ উপায়।
পুনৰ কৈছোঁ
পূজা
পাতলৰ
দ্বাৰা
প্ৰকৃতিক সন্তুষ্ট কৰিব
বিচৰাতো বাতুলতা মাত্ৰ।
প্ৰকৃতিয়ে আপোনাৰ
পৰা
একো
নিবিচাৰে বৰঞ্চ
আমাক
সকলোবোৰ দিছেহে,
বিচাৰে
মাত্ৰ
আমি
সেই
সামান্য নিয়ম
শৃংখলাখিনি মানি
চলাটো।
নিয়মৰ
বিৰুদ্ধে গলেই
সকলোৰে
ভাৰসাম্য হেৰাই
যায়
আৰু
গণ্ডগোল আৰম্ভ
হয়।
সাধাৰণ
এটা
উদাহৰণ
দিছোঁ,
গছ
গছনী
কাটি
তহিলং
কৰি
হাবি
জংঘল
নোহোৱা
কৰি
আমি
কংক্ৰীটৰ অৰণ্য
সাজিছো,
হাবিৰ
জীৱ
জন্তুবোৰ তাতে
মাৰি
কাতি
শেষ
কৰিছোঁ। কিন্তু
এইকেইদিনত দেখিছেনে প্ৰকৃতিৰ বিচাৰ?
মানুহ
আছে
চিৰিয়াখানাৰ জীৱ
জন্তুৰ
দৰে
বন্দী
হৈ
আৰু
জীব
জন্তুৱে টহল
দি
আছে
মুক্ত
মনে
ৰাজপথত। এয়াই
হৈছে
প্ৰকৃতিৰ ন্যায়। আপুনি
মানক
বা
নামানক।
প্ৰকৃতিৰ নিয়ম
মানিবলৈ হ'লে কি কৰিব
লাগিব?
ভয়
নাখাব,
উপবাসে
থাকি,
বাৰ
অনুযায়ী ৰং
বাছি
কাপোৰ
পিন্ধা,
তাবিজ
মাদলী
পিন্ধা,
দূৰৈৰ
দূৰ্গম
তীৰ্থস্থান ভ্ৰমণ
কৰা
বা
ধন
টকা
পইছা
দান
কৰা
এইধৰণৰ
একো
কৰিব
নালাগে। কৰিব
লাগে
কেৱল
মাত্ৰ
আপোনাৰ
ভাগত
পৰা
নিয়মীয়া কাৰ্যখিনি আৰু
দিব
লাগে
প্ৰকৃতিক আপোনাৰ
বহুমূলীয়া ক্ষন্তেক সময়।
নিয়মীয়া কাৰ্যখিনি মানে
হৈছে
বৰ্তমানৰ জীৱন
শৈলীত
বিশেষ
আমূল
পৰিবৰ্তন নানিও
কিন্তু
প্ৰকৃতিৰ বিৰুদ্ধে নগৈও
কৰিব
পৰা
কামখিনি। ভালদৰে
ভাবি
চালে
তেনে
বহু
কামেই
ওলাব
আৰু
চাবচোন
সেইবোৰ
বিশেষ
জটিল
কামো
নহয়।
প্ৰকৃতিৰ বিশেষ
বিৰুদ্ধে নগৈও
কৰিব
পৰা
বহু
কাম
আছে
যিবোৰৰ
দ্বাৰা
আমি
আমাৰ
প্ৰয়োজনো পূৰাব
পাৰো
আৰু
প্ৰকৃতিৰ ৰক্ষাও
কৰিব
পাৰো।
প্ৰথমতেই কৈ
ল'ব বিচাৰো যে
যদি
ভালদৰে
ভাবি
চাওঁ
দেখিবলৈ পোৱা
যায়
যে
এই
প্ৰকৃতিৰ বিৰুদ্ধে কৰা
সমগ্ৰ
কামবিলাকৰ মূলতে
কিন্তু
আমাৰ
প্ৰয়োজনীয়তাতকৈও বেছি
জড়িত
হৈ
আছে
আমাৰ
লোভ।
নহ'লে প্ৰকৃতিয়ে আমাৰ
প্ৰয়োজনীয় সকলো
বস্তুৱেই বিনাদ্বিধাই আমাক
দিছে।
একমাত্ৰ আমাৰ
লোভৰ
ফলতেই
আমি
বিভিন্ন প্ৰকৃতিবিৰুদ্ধ কাম
কৰি
আছোঁ।
গতিকে
প্ৰথমেই আমি
আমাৰ
লোভ
সম্বৰন
কৰাতোয়েই মূল
কথা।
লোভৰ
বশবৰ্তী হৈ
মানুহে
নানা
অনৈতিক
কৰ্মত
হাত
দিয়ে।
আদিতে
মানুহৰ
প্ৰয়োজন সীমিত
আছিল।
অন্ন,
বস্ত্ৰ
আৰু
বাসস্থানেই আছিল
মূল
প্ৰয়োজন। সময়ৰ
লগে
লগে
এই
প্ৰয়োজন বাঢ়ি
গৈ
আছে।
আৰু
এই
যে
লোভ,
ইয়াৰ
শেষ
কতো
নাই।
যিমানেই পাব
সিমানেই ই
বাঢ়ি
যায়।
এই
লোভৰ
বশৱৰ্তী হৈয়েই
মানুহৰ
অভাৱো
বাঢ়ি
গৈয়েই
আছে।
বৰ্তমান বহুতৰে
বাবেই
ভাত,
কাপোৰ,
বাসস্থানৰ যোগাৰ
সমস্যা
হৈ
থকা
নাই,
এইবোৰ
কেতিয়াবাই লাভ
কৰি
তেওঁলোক ব্ৰতী
হৈছে
কেৱল
লাহ
বিলাসত। আৰু
এই
যে
মূল
অভাৱৰ
পূৰন
হ'ল তাৰ পিছত
লোভে
তেওঁলোকৰ অভাৱ
বঢ়াই
তোলে
আৰু
যাৰ
কতো
শেষ
নাই।
আপুনি
পছন্দ
অনুসৰি
এটা
ঘৰ
বনালে
কিন্তু
দিন
যোৱাৰ
লগে
লগে
আপোনাৰ
ৰুছী
সলনি
হ'ল, প্ৰয়োজন নহ'লেও আপোনাৰ মন
গ'ল নতুন এটা
অত্যাধুনিক ঘৰ
বনাবলৈ। আৰু
তাতেই
আৰম্ভ
হ'ল নহয় আপোনাৰ
লোভৰ।
কৰিব
নলগা
বহুতো
কাম
কৰিবলৈ
আপুনি
কুন্ঠাবোধ নকৰিব
কাৰণ
আপোনাৰ
সেই
সপোনৰ
বিলাসী
ঘৰটো।
আৰু
তাৰেই
হয়তো
কোনোটোৱে আঘাত
হানিব
প্ৰকৃতিক। সস্তীয়া মাটি
বিচাৰি
আপুনি
জলাহ,
পিটনি
এখনো
কিনি
মাটি
ভৰাই
ঘৰ
আৰম্ভ
কৰি
শেষ
কৰি
দিলে।
পিছৰ
বাৰিষাত সেই
জলাহনিত জমা
হ'বলগীয়া পানীখিনি ক'ত জমা
হ'ব? আপোনাৰ কি
দৰকাৰ
সেইবোৰৰ, নহয়
জানো?
এইটো
এটা
মাত্ৰ
সামান্য উদাহৰণহে। এই
ধৰণৰ
ঘটনাবোৰেই প্ৰকৃতি বিনষ্ট
কৰে
আৰু
লগতে
বিনষ্ট
কৰে
সততাৰ।
আগতেই
কৈ
অহা
সেই
লোভৰ
বশৱৰ্তী হৈয়েই
আপুনি
অকনো
কুন্ঠাবোধ নকৰাকৈ
আৰম্ভ
কৰি
দিব
কোৰোণাৰে ধন
চপোৱা।
মানে
দূৰ্ণীতি। এইখিনিতে মনত
পৰোতেই
এটা
কথা
কৈ
থোৱা
উচিত
হ'ব যে কেৱল
টকা
খোৱাটোৱেই দূৰ্ণীতি নহয়।
আপুনি
চৰকাৰী
ধনৰ
অপপ্ৰয়োগ কৰা,
চৰকাৰক
সময়মতে কৰ
পৰিশোধ
নকৰা,
চৰকাৰী
কাৰ্যালয়ত কৰ্মচাৰীসকলে ১১
বজাত
গৈ
১
বজাত
অফিচ
সামৰি
গুছি
অহা
এইবোৰো
সমানেই
বা
অধিক
দূৰ্ণীতি। কেৱল
আপুনিহে মন
নকৰে।
এই
কথাবোৰ
কোৱাৰ
অৰ্থ
হৈছে
এইধৰণৰ
দূৰ্নীতিৰ সহায়তেই আপুনি
আপোনাৰ
লোভ
পূৰণ
কৰি
গৈ
আছে
বা
নতুন
নতুন
লোভৰ
বশৱৰ্তী হৈ
গৈ
আছে।
আৰু
এনে
পাপৰ
ধনেৰেই
উপাসনাস্থলী নিৰ্মাণ কৰি
ভগৱানক
পূজা
অৰ্চনা
কৰি
আপুনি
ভাবি
আছে
পুণ্যাৰ্জন কৰি
যোৱা
বুলি।
জীৱনটো
ঘোচ
খাই
খাই
আপুনি
ভগৱানকো ঘোচ
দিবলৈ
কুন্ঠাবোধ নকৰা
হ'ল। আৰু এই
পাপৰ
ধনৰ
বলত
বলীয়ান হৈয়েই
আপুনি
নিজৰেই
এখন
পৃথিৱীৰ সৃষ্টি
কৰি
লৈছে
য'ত আপুনিয়েই সৰ্বেসৰ্বা, আপুনিয়েই তাৰ
ভগৱান।
আপুনি
সেইখন
পৃথিৱীত বসৱাস
কৰি
পাহৰিয়েই গৈছে
প্ৰকৃত
পৃথিৱীখন। আতৰি
গৈছে
প্ৰকৃতিৰ পৰা,
আঘাত
হানি
গৈছে
প্ৰকৃতিৰ বুকুত
আৰু
দিনে
দিনে
বাঢ়ি
গৈছে
আপোনাৰ
দৰে
অলেখজন। কৰি
গৈছে
আপোনাৰ
দৰেই
কামবোৰ।
যেতিয়াই এনেধৰণৰ মানুহৰ
সংখ্যা
বাঢ়ি
যায়
তেতিয়াই প্ৰকৃতিয়ে স্ব
মহিমা
দেখুৱাই আহে
শিক্ষা
দিবলৈ
বিভিন্ন ৰূপত।
প্ৰথমতেই কৈ
অহাৰ
দৰেই
এইবাৰ
আহিছে
কৰ'নাৰ ৰূপত। ৰেহাই
দিয়া
নাই
কাকো।
ৰজা,
ৰানী,
ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মন্ত্ৰী, বিলিয়নাৰ, মিলিয়নাৰ, বগা,
ক'লা সকলোকে একাকাৰ
কৰি
কৰুণ
মৃত্যু
দিছে
কৰ'নাই। কিমান কৰুন
এই
মৃত্যু
এবাৰ
ভাৱকছোন মাত্ৰ।
আপুনি
কৰ'নাত আক্ৰান্ত হৈ
ওলাই
গৈছিল
চিকিৎসাৰ বাবে,
চিকিৎসাৰ সময়ত
আপোনাৰ
আটাইতকৈ প্ৰয়োজন আছিল
আপোনাৰ
পৰিয়ালৰ। আপোনাৰ
ল'ৰা ছোৱালীৰ, পৰিবাৰৰ সংগ,
অথচ
তেওঁলোকক আপুনি
লগ
পাব
নোৱাৰে। তেওঁলোকো হয়তো
আছে
কোনোবা
চিকিৎসালয়ত বা
ঘৰত
আপোনাৰ
দৰেই
চতফতাই। কিন্তু
আপুনি
কোটিপতি এজন
শক্তিশালী মানুহেই আছিল
কালিলৈকে। বেমাৰ
ভাল
নহ'ল অথচ আপোনাৰ
মৃতদেহটোও চাবলৈ
নাপালে
পৰিয়ালে। কি
থিক
হয়তো
মিউনিচিপালিতিৰ গাড়ীৰে অইন
বহুতো
মৃতদেহৰ লগতে
কঢ়িয়াই লৈ
যাব
আপোনাৰ
দেহটোও,
গণসমাধি দিবলৈ।
একেটা
গাতত
পৰি
থাকিব
আপোনাৰ
মৃতদেহ
অইন
বহু
দেহৰ
লগত,
ধনী,
দুখীয়া বা
ধৰ্মৰ
বাচ
বিচাৰ
নকৰাকৈ। না
কিবা
ধাৰ্মিক নিয়ম
না
সামান্য চকুলো
একোৱেই
নাথাকিব তাত।
থাকিব
কেৱল
কৰ'না আৰু ঘৃণা।
এইবোৰ
এতিয়া
টিভিত
তেনেই
সূলভ
দৃশ্য।
দেখুৱালেনে প্ৰকৃতিয়ে আপোনাক
আপোনাৰ
আচল
পৰিচয়,
আপোনাৰ
অস্তিত্ব? এয়াই
প্ৰকৃতিৰ ন্যায়।
অকল কেৱল
কৰ'নাই নে? কিয়
আৰু
ধেৰ
ঘটনা
ঘটি
আছে
সমান্তৰালকৈ। আম্ফানে উৰুৱাই
লৈ
গ'ল বহুতকে। বনজুয়ে গ্ৰাস
কৰিছে
বিভিন্ন অঞ্চল।
ফৰিঙে
খাই
শেষ
কৰি
গৈ
আছে
ইখনৰ
পৰা
সিখন
দেশৰ
কৃষি।
দূৰ্ভিক্ষ আসন্ন।
প্ৰব্ৰজিত শ্ৰমিকসকলৰ কিমানে
খোজ
কাঢ়ি
আহোতে
ভোক,
পিয়াহ,
ক্লান্তিত প্ৰান
হেৰুৱাইছে তাৰ
পৰিসংখ্যা কোনেও
ৰখা
নাই।
ইপিনে
বিজ্ঞানীসকলৰ মতে
কৰ'নাতকৈয়ো ভয়ংকৰ আৰু অজস্ৰ
ভাইৰাছে আক্ৰমন
কৰিবলৈ
সাজু
হৈ
আছে।
এনে
বহু
ভয়ংকৰ
ঘটনা
সংঘটিত
হ'বলৈ গৈ আছে।
প্ৰথমতেই কৈ
অহাখিনিকেই পুনৰ
কৈ
সামৰিবলৈ বিচাৰোঁ। সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান যদি
কোনোবা
আছে
আৰু
যাক
আপুনি
ভগৱান
বুলি
কয়,
মই
তেওঁক
প্ৰকৃতি বুলি
কও।
প্ৰকৃতিয়েই হৈছে
সৰ্বশক্তিমান আৰু
এই
প্ৰকৃতিক আপুনি
মঠ,
মন্দিৰ,
গীৰ্জা
মছজিদ
আদিত
পূজা
অৰ্চনা
আদিবোৰ
কৰি
ঘোচ
দি
সন্তুষ্ট কৰিব
নোৱাৰে,
কাৰণ
প্ৰকৃতি আপোনাৰ
দৰে
ঘোচখোৰ
নহয়।
আপুনি
প্ৰকৃতিক সন্তুষ্ট কৰিব
পাৰিব
কেৱল
প্ৰকৃতিৰ নিয়ম
মানি
চলি।
আমাৰ
দৃষ্টিত কৰ'না যিমান সূক্ষ্ম, প্ৰকৃতিৰ দৃষ্টিত আমিবোৰ
তাতোতকৈও সূক্ষ্ম। সেই
কথাষাৰ
পাহৰা
অনুচিত। এতিয়াও সময়
আছেনে
নাই
নাজানো
কিন্তু
যদি
আমি
প্ৰত্যেকেই অকনমান
হ'লেও প্ৰকৃতিৰ নিয়ম
মানি
চলো,
যত্ন
লও
মই
ভাবো
প্ৰকৃতিয়েও আমাৰ
সৃষ্টিকৰ্তা হিচাপে
সদায়েই আমাক
মৰম
কৰি
যাব।
বি:দ্ৰ:
এই লেখাটো প্ৰথম লকডাউনৰ সময়তেই লিখা হৈছিল যদিও কৰ'না যুদ্ধত ব্যস্ত থকা হেতুকে প্ৰকাশ কৰিব পৰা হোৱা নাছিল। বৰ্তমানো ইয়াৰ প্ৰাসংগিকতা হেৰুৱা নাই বাবেই প্ৰকাশ কৰিলোঁ। এয়া মোৰ একান্তই ব্যক্তিগত মত। আপোনাৰ মনোভাৱৰ লগত নিমিলিবও পাৰে কিন্তু অযথা বিতৰ্ক নকৰে যেন।
ধন্যবাদ ![]()
-------------------------------------------xxxxxxxxxxxxxxxxxxx-----------------------------------------
বিক্ৰম জ্যোতি বৰদলৈ।
৯৯৫৪৩০৬৬৫৪
01/06/2020
Comments
Post a Comment