ইনফ'ছিছ: সংকটৰ আৰৰ সংঘাত। (২৬/০৮/২০১৭)

ইনফ'ছিছ: সংকটৰ আৰৰ সংঘাত !

    বিশাল চিক্কাই ইনফ'ছিছৰ পৰা আকস্মিক পদত্যাগ কৰাৰ পাছত গভীৰ সংকটত পৰে কোম্পানী আৰু ইয়াৰ নিৱেশক সকল। শ্বেয়াৰ বজাৰত হো হোৱাই নামি আহে ইনফ'ছিছৰ শ্বেয়াৰ মূল্য ফলত বৃহৎ লোকচানৰ সন্মুখীন হয় নিৱেশক সকল। আমেৰিকাৰ কেইখনমান আইন সংস্থাইটো নিৱেশকৰ হৈ মুকৰ্দমাৰো যো জা কৰিছিল। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে বজাৰত সুস্থিৰতা বজাই ৰখাৰ স্বাৰ্থত ইনফ'ছিছে ইয়াৰ শ্বেয়াৰ, বজাৰৰ পৰা পুনৰ্ক্ৰয় কৰিব লগা হয়।
কিন্তু হঠাতে CEO তথা MD বিশাল চিক্কাই নো কিয় পদত্যাগ কৰিলে?
ইয়াৰ কাৰণ বহুতো যদিও মুলতঃ প্ৰতিষ্ঠাপক CEO নাৰায়ণমূৰ্ত্তিৰে হোৱা সংঘাতকেই সকলোৱে দায়ী কৰিছে। আচলতে চিক্কাই দ্বায়িত্ব লোৱাৰ পাছৰে পৰাই চিক্কাৰ কিছুমান সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছিল নাৰায়ণমূৰ্ত্তিয়ে প্ৰকাশ্যেই হওঁক বা অন্যধৰণেই হওঁক। বহুতে এই দুজনৰ সংঘাতৰ কাৰণ বহু ধৰণে বাখ্যা কৰিছে, কোনোৰ মতে দুয়োজনেই সাংঘাতিক বেছি Egoistic মানুহ, ইমানেই বেছি তেওঁলোকৰ ego, যে বহুতৰ চেষ্টাৰ পাছতো দুয়ো মুখামুখি আলোচনাত নৱঢ়িল। কোনোৰ মতে আকৌ তেওঁলোকৰ সংঘাতৰ মুখ্য কাৰণ ব্যৱসায় পৰিছালনাৰ পদ্ধতিগত পাৰ্থক্য, কোনোৰ মতে আকৌ এয়া generation gap.. ইত্যাদি ইত্যাদি। হয়তো এই সকলোবোৰেই শুদ্ধ। মোৰ মতে কিন্তু আপেক্ষিকভাৱে দুয়োজনেই শুদ্ধ নিজৰ নিজৰ স্থিতিত। তেওঁলোকৰ সংঘাত মুলতঃ আগৰ্শগতহে। 

    এই কথাখিনি সম্পূৰ্ণ ভাবে বুজিবলৈ আমি আৰম্ভণিলৈ ঘূৰি যাব লাগিব। 
অতি লোভনীয় চাকৰি বাদ দি অন্য ৪-৫ জনৰ সৈতে লগ হৈ পত্নীৰ পৰা ধাৰলৈ লোৱা ১০,০০০ টকাৰে Infosys আৰম্ভ কৰিছিল নাৰায়ণমূৰ্ত্তিয়ে ১৯৮১ চনতে। যিটো আছিল এক প্ৰকাৰ জুৱা, সেইসময়ত কম্পিউটাৰৰ কথা বাদেই দিয়ক অসমৰ নিচিনা থাইত TV ও নাছিল। বহুতো কষ্টৰ অন্ততঃ অৱশেষত Infosys সফল হ'ল।
আনহাতে বিশাল চিক্কাই ইনফ'ছিছত MD ও CEO হিচাবে ২০১৪ত যোগদান কৰে আৰু তাৰ আগতে তেওঁ আন এটা বৃহৎ জাৰ্মান বহুজাতিক কোম্পানী SAP ত উচ্চ পদবিত কাৰ্যনিৰ্বাহ কৰি অহা। পৰিচালনা সম্পৰ্কে তেওঁৰ ভাল অভিজ্ঞতা আছিল। Infosysত তেওঁ অহাৰ পাছতে ভালেমান সলনি হয়। Management সম্পৰ্কীয় সালসলনিৰ লগে লগে গৱেষণা সম্পৰ্কীয়ও বহু নতুন বিষয় আহে। চিক্কাৰ কাৰ্যকালতে আৰু তেওঁৰ প্ৰত্যক্ষ নেতৃত্বতে ইনফ'ছিছ Artificial Intelligence ক্ষেত্ৰখনত বহু আগবাঢ়ি গৈছিল। বিশাল চিক্কা প্ৰকৃততে এজন ভাল গণিতজ্ঞ আৰু কম্পিউটাৰ বিশেষজ্ঞ হোৱাৰ উপৰিও এজন সুদক্ষ ব্যৱসায় পৰিচালক আৰু প্ৰশাসকো আছিল। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁ আছিল এজন সুদক্ষ ব্যৱসায়ী। তেওঁ বিশ্বাস কৰিছিল Aggressive Business Expansion/ Marketing ত আৰু থিক এইখিনিতেই আছিল নাৰায়ণমূৰ্ত্তি আৰু চিক্কাৰ মাজত পাৰ্থক্য।
দুয়োৰে মাজত প্ৰায় সকলোতে মিল থাকিলেও পাৰ্থক্যও আছিল অপৰিসীম। 
বিশেষকৈ চিক্কা আছিল এজন পেশাদাৰী পৰিচালক আৰু কাৰ্যবাহী সঞ্চালক, আৰু তেওঁ হল এই কোম্পানীটোৰ প্ৰথম জন বাহিৰৰ পৰা অহা পৰিচালক, ইয়াৰ আগৰ আটাইকেইজন MD ও CEO আছিল Infosys ৰ প্ৰতিষ্ঠাপক সদস্য। হয়তো তেওঁ নাৰায়ণমূৰ্ত্তিৰ দৰে অনুভৱ কৰিব পৰা নাছিল প্ৰসৱ বেদনা। তদুপৰি নাৰায়ণ মূৰ্ত্তিৰ লক্ষ্য কেৱল ধন আহৰণেই নাছিল। 
    এইখিনিতে নাৰায়ণ মূৰ্ত্তিৰ পত্নীৰ বিষয়ে এষাৰ কোৱাতো উচিত হ'ব। 
নাৰায়ণমূৰ্ত্তীৰ পত্নী সুধা চন্দ্ৰা আছিল নিজেও এগৰাকী কম্পিউটাৰ বিশেষজ্ঞ। তেওঁ TATAৰ TELCOৰ প্ৰথম গৰাকী মহিলা অভিযন্তা। এই যে তেওঁ TELCOত চাকৰি কৰিছিল ইও এক সাধুৰ দৰেই অনুপম কাহিনী। TELCO ৰ নিয়োগ সম্বন্ধীয় জাননীত কেৱল পুৰুষ প্ৰাৰ্থিকহে আৱেদন কৰিবলৈ আহ্বান জনোৱা বিজ্ঞাপনতো দেখি তেওঁ JRD TATA লৈ এখন পোষ্ট কাৰ্ডৰ দ্বাৰা অভিযোগ কৰিলত বিশেষ ভাবে এওক সাক্ষাৎকাৰলৈ নিমন্ত্ৰণ কৰে আৰু অৰ্হতাৰ ভিত্তিত নিৰ্বাচন কৰে। এও টকা ঘটিবলৈ চাকৰি কৰা নাছিল। কিন্তু টাটাত কৰা ৮ বছৰীয়া চাকৰিৰ অভিজ্ঞতাই এওঁৰ জীৱনলৈ বহুতো পৰিবৰ্তন আনে। 
পিছত পতিয়ে ইনফ'ছিছ স্থাপনৰ সিদ্ধান্ত লোৱাত সুধামূৰ্ত্তীয়ে TELCOৰ পৰা অব্যাহতি লয়। চাকৰি এৰাৰ সিদ্ধান্ত লোৱাৰ পাছত সুধামুৰ্তিয়ে যেতিয়া JRD Tataক শিষ্টাচাৰ মূলক ভাবে লগ ধৰিলে তেতিয়া JRD এ চাকৰি এৰাৰ কাৰণ সুধিলে আৰু ভৱিষ্যত জীৱনৰ সফলতা কামনা কৰি এটা উপদেশ দিছিল যে তুমি যদি বহুত টকা পইচা ঘটিব পাৰা তেন্তে তাৰ সিংহভাগ তুমি সমাজলৈ আগবঢ়াবা কাৰণ মনত ৰাখিবা যে সমাজে মৰম কৰা বাবেহে তুমি সফল হৈছা।
এই এষাৰ কথা সুধামূৰ্তিয়ে পাহৰি নগল আৰু গঠন কৰিলে Infosys Foundationৰ। এইটো হৈছে সমাজৰ কামত জড়িত এটা সংস্থা। আৰু এই সমগ্ৰ টাটাৰ প্ৰভাৱ নাৰায়ণ মূৰ্ত্তিৰ ওপৰতো পৰিছিল। প্ৰকৃততে নাৰায়ণমূৰ্তি JRD Tataৰ ভক্ত আৰু ৰটন টাটাৰ এজন অনুৰাগী তথা ঘনিষ্ঠ বন্ধু বুলি কলেও ভুল নহব। তেওঁলোকৰ মাজৰ ডাঙৰ সাদৃশ্যটো হ'ল যে কেৱল মাত্ৰ ব্যৱসায় সাম্ৰাজ্যৰ বিস্তাৰেই তেওঁলোকৰ উদ্দেশ্য নহয়। সামাজিক দায়বদ্ধতাক গুৰুত্ব দি ব্যৱসায় চলোৱাহে তেওঁলোকৰ উদ্দেশ্য। এইখিনিতে এটা কথা মনত পৰিল, এবাৰ সাংবাদিকে ৰটন টাটাক প্ৰশ্ন কৰিলে যে কেইবাপুৰুষ ধৰি ব্যৱসায় কৰাৰ পিছতো তেওঁ কিয় ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি নহয় আৰু আম্বানি কেনেকৈ আটাইতকৈ ধনী হ'ল। টাটাই উত্তৰত কলে যে আম্বানি হ'ল ব্যৱসায়ী আৰু টাটা হ'ল ঔদ্যোগপতি। লগতে এইটোও ক'লে যে তেওঁ ভাৰতবৰ্ষক এখন সুখী দেশ হিচাপে চাব বিচাৰে, Economic Superpower হিচাপে নহয়। (টাটা নো কেনেকৈ ধনী হ'ব যেতিয়া তেওঁ মুঠ আয়ৰ ৬৬% দানেই কৰে)!!
    বাৰু এইবিলাক কথা লিখিবলৈ গলে বহুত দীঘল হৈ গৈ থাকিব। পুনৰ মূল কথালৈ আহোঁ। আগতেই কৈছোঁ যে এটা প্ৰতিষ্ঠানৰ জন্ম দি তাক বিভিন্ন সংঘাতৰ মাজেৰে আগুৱাই নি সফলতাৰ বাট দেখুওৱাটো সৰু কথা নহয় আৰু এই আৱেগখিনি অনুভৱ কৰিব পাৰে কেৱল জন্মদাতাইহে। এতেকে চিক্কাৰ সৈতে নাৰায়ণমূৰ্ত্তীৰ  আৱেগিক পাৰ্থক্য এটাও আছিল।
    বিভিন্ন পাৰ্থক্য থাকিলেও নাৰায়ণমূৰ্তিয়ে কোনো প্ৰত্যক্ষ হস্তক্ষেপ কৰা নাছিল কোম্পানী পৰিচালনাত, কিন্তু শেহতীয়াকৈ চিক্কাৰ অধীনত পৰিচালক মণ্ডলীয়ে লোৱা এটা সিদ্ধান্তত নাৰায়ণমূৰ্তি বাৰুকৈয়ে ক্ষোভিত হৈছিল আৰু ৰাজহুৱাও হৈছিল এই কথা। সেই সিদ্ধান্তটো হ'ল খৰচ নিয়ন্ত্ৰণ কৰিবলৈ ইনফ'ছিছে বহুতো কৰ্মচাৰী অপসাৰণৰ সিদ্ধান্ত লৈছিল কিন্তু একেসময়তে পৰিচালক মণ্ডলীৰ দৰমহাকে আদি কৰি অন্যান্য সা সুবিধা সমূহ বৃহৎ পৰিমাণে বৃদ্ধি কৰি লৈছিল।
    এইধৰণেই তেওঁলোকৰ মাজত অসন্তুষ্টি বাঢ়ি বাঢ়ি আজিৰ এই অৱস্থাত উপনীত হ'লহি।
    শেহতীয়াকৈ ইনফ'ছিছৰ এই বিপদক্ষণত সকলো প্ৰতিষ্ঠাপক সদস্য একেলগ হৈছে আৰু পৰিচালন সঞ্চালক হিচাপে নন্দন নিলেকানিক দ্বায়িত্ব দিছে যি আগতেও এই দ্বায়িত্বত আছিল।

    মুঠতে যেনেকৈ নহওক সকলোৱে এই ভাৰতীয় বহুজাতিক কোম্পানীতো সমস্যাৰ মাজৰ পৰা ওলাই আহি বিশ্ব দৰবাৰত জিলিকি থকাটোৱেই কামনা কৰে।

বি:দ্ৰ:
উপৰোক্ত কথাখিনি বিভিন্ন সময়ত কাকত আলোচনীত পঢ়ি মনত সোমাই থকা আৰু যাৰ আলমত বৰ্তমানৰ ইনফ'ছিছ সমস্যাৰ মই কৰা এটা বিশ্লেষণৰ চেষ্টাহে মাথোঁ। জৰুৰী নহয় যে ইনফ'ছিছ সমস্যাৰ ইয়েই কাৰণ।

পুনঃ 
    বিশাল চিক্কাই পদত্যাগ কৰাৰ দিনাই ভাবিলো এই কথাখিনি লিখিম বুলি, বেছি সময়োপযোগীও হ'লহেতেন পিছে মোৰ একান্ত লগৰী এলাহে বাধা দিলে বোলে তই নিলিখিলেও ইনফ'ছিছ চলি থাকিব দে। 
আজি যেনে তেনে জোৰা তাপলি মাৰি লিখি উঠিলত হে ভাল লাগিছে :D

ৰচনাকাল: ২৬/০৮/২০১৭

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================