অসমৰ প্ৰেক্ষাপটত 'The Assassination of Richard Nixon'


হলিউডৰ এখন বিখ্যাত ছবি হৈছে 'The Assassination of Richard Nixon'। ২০০৪  চনত নিৰ্মিত এই চিনেমাখনৰ পটভূমি হৈছে এক সত্য ঘটনা। ছবিখনৰ মূল চৰিত্ৰ ছেমুৱেল বিক (চমুকৈ ছেম) হৈছে এজন বিফল ব্যক্তি। জীৱনৰ সকলো ক্ষেত্ৰতেই তেওঁ সৰ্বসাধাৰণে বুজি পোৱা সফলতাৰ পৰা বহু নিলগত, অৰ্থাৎ এজন চূড়ান্ত অসফল ব্যক্তি। বৃত্তিগতভাৱে তেওঁ অসফল হোৱাৰ বাবেই স্বামী হিচাপেও তেওঁ অসফল। পত্নীৰ লগত বহু চেষ্টাৰ পিছতো তেওঁক একেলগে ৰখাত সফল নহ'ল। 
আচৰিত ধৰণে কিন্তু তেওঁৰ অসফলতাৰ মুখ্য কাৰণ কি জানেনে? তেওঁৰ অসফলতাৰ মুখ্য কাৰণ হৈছে একমাত্ৰ তেওঁৰ সততা আৰু সৰলতা। 
ছেম বিকৰ জীৱন কাহিনীটো চিনেমাখনত দেখুওৱা অনুসৰি চমুকৈ আছিল এনেধৰণৰ।
১৯৭৩ চনত ফিলাডেলফিয়াৰ বাসিন্দা ৪৩ বছৰীয়া ছেম বিক সাংঘাটিক ধৰণেৰে হতাশাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগাত পৰিছিল। তেওঁৰ পৰা আতঁৰি থকা পৰিবাৰ তথা তেওঁলোকৰ সন্তানক তেওঁ ঘূৰাই আনিব পৰা নাছিল। আৰ্থিকভাৱেও জুৰুলা। নিজৰ ককায়েকৰ টায়াৰ বিক্ৰী কৰা দোকানখনৰ পৰাও তেওঁ ওলাই আহিছিল আৰু তাৰ কাৰণ হিচাপে কৈছিল যে তেওঁ মিছা কথাৰ আশ্ৰয় লৈ টায়াৰ বিক্ৰী নকৰে। সমাজত চলি থকা বৰ্ণ বৈষম্য বা আন বৈষম্য বিলাকৰো তেওঁ বিৰোধিতা কৰিছিল। তেওঁৰ মতে এই বৈষম্যবিলাকৰ ফলত দুখীয়া বগা ছালৰ মানুহখিনিও কৃষ্ণাংগ নিগ্ৰ' সকলৰ দৰেই ক্ষতিগ্ৰস্ত হৈছিল। তেওঁৰ সপোন আছিল তেওঁৰ নিগ্ৰো বন্ধু বনীৰ সৈতে মিলি এখন নিজা চলন্ত টায়াৰ বিক্ৰী দোকান খোলাৰ।
ককায়েকৰ দোকানৰ পৰা ওলাই আহি তেওঁ নতুনকৈ এখন ফাৰ্ণিচাৰ দোকানৰ ছেলচমেন হিচাপে যোগদান কৰে য'ত তেওঁৰ নতুন মালিক জেকে তেওঁক এজন ভাল বিক্ৰেতা হিচাপে তৈয়াৰ কৰিবলৈ, তেওঁক মটিভেট কৰিবলৈ যতপৰোনাষ্টি চেষ্টা কৰে। কিন্তু মালিকৰ আশানুৰূপ বিক্ৰী তেওঁ দিব পৰা নাছিল। ইয়াৰো একমাত্ৰ কাৰণ আছিল তেওঁৰ সততা। মিছা কথা কৈ গ্ৰাহকক ঠগাৰ পক্ষপাতী তেওঁ নাছিল আৰু এই বাবেই দোকানখনৰ আন বিক্ৰেতাতকৈ তেওঁৰ প্ৰদৰ্শন (performance) আছিল বেয়া। এই লৈ দোকানখনৰ মালিকৰ প্ৰায়েই কথা শুনিব লগা হৈছিল। প্ৰায়েই ছেমক তেওঁ বিভিন্ন ধৰণৰ বুজনি দিছিল। ছেমক পঢ়িবলৈ আৰু শুনিবলৈ দিছিল বিভিন্ন ধৰণৰ মটিভেশ্বনেল কিতাপ আৰু কেছেট। তথাপিও কিন্তু ছেমৰ পৰিৱৰ্তন নহ'ল। এদিনাখন এখন ৰেষ্টোৰাত বহি খাই ব্যৱসায়িক, ব্যক্তিগত আৰু বৃত্তিগত বিভিন্ন আলোচনা কৰি থাকোতেই মালিকে ৰেস্তোৰাঁখনত চলি থকা টিভিটোলৈ চাই হঠাতে ছেমক শুধিলে কোৱাছোন পৃথিৱীৰ শ্ৰেষ্ঠ বিক্ৰেতা (Salesman) কোন? টিভিলৈ আঙুলিয়াই উত্তৰো দিলে মালিকেই যে সেইজন। টিভিত সেইসময়ত ভাষণ দি আছিল আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে। মালিকে ক'লে যে নিক্সনে অকলেই গোটেই দেশখন, ২০ কোটি আমেৰিকানক বিক্ৰী কৰিলে, এবাৰ নহয় দুবাৰ। মালিকে ক'লে ১৯৬৮ৰ নিৰ্বাচনৰ সময়ত তেওঁৰ প্ৰতিশ্ৰুতি বা বিক্ৰীৰ শ্লোগান কি আছিল যে ভিয়েটনাম যুদ্ধৰ অন্ত পেলোৱা আৰু আমাক ভিয়েটনামৰ পৰা উলিয়াই অনা। নিৰ্বাচিত হোৱাৰ পিছত তেওঁ কি কৰিলে, আৰু ১,০০,০০০ আমেৰিকান ডেকা ল'ৰাক সৈনিক বনাই ভিয়েটনামলৈ পঠিয়াই হত্যা কৰোৱালে। সেইটোৱেই তেওঁ কৰিলে।যোৱাটো নিৰ্বাচনৰ সময়ত তেওঁৰ প্ৰতিশ্ৰুতি কি আছিল, কি আছিল তেওঁৰ শ্লোগান? সেই একেখন ভিয়েটনাম যুদ্ধৰেই অন্ত পেলোৱা আৰু ভিয়েটনামৰ পৰা সকলো আমেৰিকান সৈন্য ওভতাই অনা, আৰু তেও জিকিলে এইবাৰ আৰু অধিক ভোটত। 
তেওঁ প্ৰতিশ্ৰুতি দিলে, নাৰাখিলে। আকৌ একেই প্ৰতিশ্ৰুতি দি একেই ধৰণেৰে আমাক বিক্ৰী কৰিলে। সেয়াই হৈছে এজন সফল বিক্ৰেতা।
 
<script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js?client=ca-pub-2842807061182637"
     crossorigin="anonymous"></script>
আমাৰ আজিৰ প্ৰৱন্ধৰ বিষয়ো ইয়াৰ ওপৰতে অৰ্থাৎ সফল বিক্ৰেতাৰ ওপৰতেই সীমাবদ্ধ। কিন্তু প্ৰথমে চিনেমাখনৰ কথাখিনি সামৰি লোৱা হওক, বহুতে হয়তো ভাল পাব। আজিৰ এই প্ৰৱন্ধত অপ্ৰাসংগীক হ'লেও ছেম বিকৰ জীৱনৰ বিষয়ে জানিব পাৰিব।
ছেমৰ হতাশা লাহে লাহে অধিক বাঢ়িবলৈ ল'লে। বিক্ৰেতা হিচাপেও অধিক অসফল হ'বলৈহে ল'লে। নিগ্ৰো বন্ধুৰ সৈতে মিলি এখন চলন্ত টায়াৰ বিক্ৰী কৰা দোকান খুলিবলৈ এটা লোন বিচাৰি বেঙ্কৰ পৰাও সহাৰি পোৱা নাছিল।  ইপিনে আতৰি থকা পত্নীকো বহুত বুজায় বুজায়ো সৈমান কৰিব নোৱাৰিলে আৰু পত্নীয়ে বিবাহ বিচ্ছেদৰ আইনী পত্ৰহে ছেমলৈ প্ৰেৰণ কৰিলে। পত্নীয়ে ইতিমধ্যে অন্য এজন পুৰুষৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল। লাহে লাহে ছেম সমাজত নিজৰ অস্তিত্বকলৈ সন্দিহান হবলৈ ল'লে। 
এদিন টিভিত নিক্সনে ৱাটাৰগেট কেলেংকাৰীৰ ওপৰত ভাষন দি থকা দেখি ছেমৰ হঠাতে খং উঠি চিঞৰি উঠিল যে কেৱল ধনেই সৰ্বস্ব এতিয়া, ধন অবিহনে সকলো বিফল।
এইবোৰ চলি থকাৰ মাজতে ককায়েকৰ  দোকানৰ নামলৈ জালিয়াতিৰে ছেমে বন্ধু বিলৰ ঠিকনা আৰু নামত যথেষ্ট টায়াৰৰ অৰ্দাৰ দিয়ে। লোন পালে এইধন পৰিশোধ কৰাৰ আশাৰে দিয়া এই অৰ্দাৰে কিন্তু ছেমলৈ আৰু হতাশাহে কঢ়িয়ালে কাৰণ বেঙ্কে ছেমৰ লোনৰ আবেদন নাকচ কৰিলে। এই লোন নাকচৰ পিছত ইতিমধ্যেই লৈ অনা টায়াৰৰ ধন পৰিশোধ কৰিব নোৱাৰাৰ ফলত আৰু ছেমৰ জালিয়াতি ধৰা পৰাত ককায়েকৰ লগতো ছেমৰ যথেষ্ট বিবাদ হয় আৰু ককায়েকেও ছেমক পৰিত্যাগ কৰে। ইতিমধ্যেই ছেমে ফাৰ্ণিচাৰ দোকানৰ চাকৰিও এৰিছিল।
হতাশাৰ অটল গহ্বৰত সোমাই পৰিল ছেম আৰু ক'ব নোৱাৰাকৈয়ে লাহে লাহে এই সকলোবোৰ হতাশাৰ আৰু ক্ষোভৰ কেন্দ্ৰ হৈ পৰে ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সন। এদিন ৰাতি টিভিত ছেমে দেখিবলৈ পায় যে এজন পাইলটক পুলিচে আটক কৰিছে কাৰণ সেই পাইলটজনে হোৱাইট হাউচৰ ওপৰৰ ন' ফ্লাইং জ'নৰ ওপৰেদি বে আইনী ভাৱে হেলিকপ্টাৰ চলাই নিছিল। সেই বাতৰিটো দেখিয়েই ছেমৰ মনলৈ এখন যাত্ৰীবাহী প্লেন হাইজেক কৰি হোৱাইট হাউচৰ ওপৰত আক্ৰমণ কৰাৰ এটা পৰিকল্পনা মনলৈ আহে। পিছত বহুতে আল কাইদাৰ আমেৰিকাৰ ওপৰত ৯/১১ আক্ৰমনো এই পৰিকল্পনাৰ পৰাই লোৱা বুলি ধাৰণা কৰে।
ছেমৰ মনলৈ এই ধাৰণা অহাৰ পাছত পৰিকল্পনা কৰা সময়লৈকে মাজৰ দুসপ্তাহ সময় তেওঁৰ প্ৰিয় আৰু আমেৰিকাৰ জনপ্ৰিয় সংগীত পৰিচালক, লেখক লিয়নাৰ্ড বাৰ্ণষ্টেইনলৈ তেওঁ তেওঁৰ সমগ্ৰ জীৱন পৰিক্ৰমা, তেওঁৰ হতাশাৰ কথা, তেওঁৰ মনোভাৱৰ কথা আৰু তেওঁৰ পৰিকল্পনা এইবোৰ বৰ্ণাই এটা টেপ ৰেকৰ্ডিং কৰে। এই ৰেকৰ্ডিঙতে ছেমে নিজকে এটা ক্ষুদ্ৰ ধুলিকনাৰ লগত তুলনা কৰিছে আৰু এই কথাও স্বীকাৰ কৰে যে তেওঁ কৰিবলৈ লোৱা বা তেওঁৰ পৰিকল্পনাখিনি হয়তো ভুল হ'ব পাৰে, তেওঁ কেতিয়াও দাবী নকৰে যে তেওঁৰ পৰিকল্পনা সদায়েই শুদ্ধ, কিন্তু ইয়াক বাদ দি এজন সাধাৰণ নাগৰিক হিচাপে সমাজলৈ পৰিবৰ্তন অনাৰ আৰু কোনো উপায় তেওঁৰ হাতত নাই।
ইয়াৰ পিছত ছেমে নিজৰ বেংক একাউণ্টটো সামৰে আৰু বন্ধু বনীৰ ৰিভলভাৰটো চুৰ কৰি নিয়ে। তাৰ পৰা ফাৰ্ণিচাৰ দোকানৰ মালিক জেকে সদায় খাদ্য গ্ৰহণ কৰা ৰেস্তোৰাঁখনলৈ গৈ জেকক গুলিয়াবলৈ চেষ্টা কৰে কিন্তু অন্তিম সময়ত গুলি চালনা কৰাত ব্যৰ্থ হয়। তাৰপৰা ছেম গ'ল তেওঁৰ আৰু পত্নী মেৰী থকা পুৰণি ঘৰটোলৈ আৰু নিশাটো সেই অকলশৰীয়া ঘৰটোতে অতিবাহিত কৰে। তাতেই তেওঁ তেওঁলোকৰ পোহনীয়া কুকুৰটোক গুলিয়াই হত্যা কৰে।
পাছদিনা ৰাতিপুৱা ছেম বাল্টিমোৰৰ ৱাশ্বিংটন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাত্ৰা কৰে। ছেমে পিষ্টলটো ভৰিত লুকুৱাই লয় আৰু চ্যুটকেছত গেছ'লিন ভৰাই লয় পেট্ৰল বোমা হিচাপে ব্যৱহাৰ কৰিবলৈ। সংগীত পৰিচালক বাৰ্ণষ্টেইনলৈ নিজৰ স্বীকাৰোক্তীৰ টেইপটো ডাকযোগে প্ৰেৰণ কৰাৰ পিছত ছেম পৰিকল্পনামতে এখন বিমানত উঠাৰ বাবে অগ্ৰসৰ হয়। কিন্তু ছেমে ভবাতকৈ বিমানবন্দৰৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট কঠোৰ আছিল আৰু ইয়াকে দেখি ছেম যঠেষ্ট নাৰ্ভাছ হৈ এজন নিৰাপত্তাৰক্ষীক গুলিয়াই প্লেনত উঠিবলৈ অগ্ৰসৰ হয়।
প্লেনত উঠিয়েই তেওঁ এজন পাইলটক মূৰত আৰু আনজনৰ বাহুত গুলিয়াই আৰু এজন সাধাৰণ যাত্ৰীকে পাইলটৰ আসনত বহিবলৈ বাধ্য কৰে। কিন্তু তেনেতে এজন নিৰাপত্তাৰক্ষীয়ে খিৰিকীৰে ছেমক গুলিয়াবলৈ সক্ষম হয়। আহত হোৱা ছেমে নিৰাপত্তাৰক্ষীৰ হাতত আটক হোৱাৰ আগতেই আত্মহত্যা কৰে। আৰু এইদৰেই এজন সৎ কিন্তু হতাশাগ্ৰস্ত ব্যক্তিৰ অপমৃত্যু ঘটিল।
এতিয়া আহো এই প্ৰৱন্ধটোৰ মূল বিষয়লৈ আৰু আগতেই কৈ অহা সেই পৃথিৱীৰ শ্ৰেষ্ঠ ছেলচমেন ৰিচাৰ্ড নিক্সনৰ প্ৰসংগলৈ। চিনেমাখন ১০ বছৰ মান আগতে প্ৰথমবাৰলৈ চাওঁতেই উক্ত নিৰ্দিষ্ট কথোপকথনখিনি শুনি তেতিয়াই প্ৰথম মনলৈ ভাৰতৰ আৰু অসমৰ ৰাজনৈতিক বিক্ৰেতা সকলৰ কথা মনলৈ আহিছিল। লিখাৰ এলাহতে ইমান দিনে পৰি থাকিল। 
আমি যদি বেছি দূৰলৈ নগৈ মনত থকা ১৯৮০ৰ দশকৰ পৰাও আৰম্ভ কৰোঁ দেখা পাম যে আমাক ৰাজনীতিবিদসকলে একেটা শ্লোগান বা প্ৰতিশ্ৰুতি দুবাৰ বা তিনিবাৰ নহয়, শ শ বাৰ বিক্ৰী কৰি আহিছে। ৮০ৰ দশক বা তাৰো আগৰপৰাই অসমৰ প্ৰেক্ষাপটত সৰ্বাধিক বিক্ৰী হোৱা প্ৰতিশ্ৰুতিটো হৈছে "বিদেশী বহিষ্কাৰ"। তেতিয়াৰ পৰা আজিলৈ যিমান চৰকাৰ গঠন হ'ল, চাওক প্ৰত্যেকখন চৰকাৰ আৰু দলৰেই প্ৰথম বা মুখ্য প্ৰতিশ্ৰুতিটোৱেই হ'ল বিদেশী খেদিম। এই প্ৰতিশ্ৰুতি আমাক অগপ, কংগ্ৰেছ আৰু বিজেপি এই প্ৰতিটো দলেই বিক্ৰী কৰি আহিছে। ৮৫ৰ প্ৰফুল্ল মহন্তৰ নেতৃত্বত অগপৰ চৰকাৰ গঠনৰ মুখ্য উদ্দেশ্যই আছিল যেন বিদেশী খেদা। মূৰকত কি হ'ল ৰাইজে দেখিলে। ইয়াৰ পাছত গঠন হোৱা চৰকাৰ কেইখনৰো শ্লোগান আছিল প্ৰায় একেই। এতিয়া শাসনত থকা চৰকাৰখন আকৌ এখোপ চৰাহে। নিৰ্বাচনৰ বতৰত দলৰ হৈ প্ৰচাৰ চলাবলৈ অহা প্ৰধানমন্ত্ৰী জনাইটো দিন বাৰ থিক কৰি বিদেশীক টালি টোপোলা বান্ধি যাবৰ বাবে সাজু হ'বলৈকে কৈ গৈছিল। পিছে এতিয়া সেই একেজনেই আৰু একেটা দলেই আকৌ আইন সংশোধন কৰি বিদেশীক স্বদেশীহে কৰিছে। বিদেশী খেদাৰ নামত কিমান মানুহ শ্বহীদ হ'ল, কিমান ঘূণীয়া হ'ল, কিমান টকা পইছা সা সম্পত্তি আৰু সময়ৰ অপচয় হ'ল তাৰ কোনো হিচাপ নাই। নহ'ল মাথোঁ সমস্যাটোৰ সমাধান। অনাগত আৰু কিমান দিনলৈ এই সমস্যা সমস্যাই হৈ থাকিব সেয়া মাথোঁ সময়েহে জানিব। আৰু কিমান শবাৰ, হাজাৰবাৰ এই প্ৰতিশ্ৰুতি আমাক আৰু উত্তৰোত্তৰ প্ৰজন্মক বিক্ৰী কৰিব তাৰো হিচাপ ৰাখিব পাৰিব কেৱল সময়েহে। প্ৰজন্মৰ পিছত প্ৰজন্ম শেষ হৈ গৈ আছে, বিক্ৰী হৈ গৈ আছে কেৱল এই একেটা প্ৰতিশ্ৰুতিতে, এই একেটা বিক্ৰীৰ পান্সলাইনতে বা শ্লোগানতে। মানিব লাগিব! যদিহে কেতিয়াবা পৃথিৱীৰ দৈৰ্ঘ্য সময়ৰ বাবে বৰ্তি থকা বিক্ৰীৰ বাবে ব্যৱহৃত পান্সলাইন বা শ্লোগানৰ প্ৰতিযোগিতা হয় নিশ্চিতভাৱে এই শ্লোগানে ভাল ভাল বহুজাতিক কোম্পানীৰ বিজ্ঞাপনকো টক্কৰ দিবলৈ সক্ষম হ'ব বুলি মোৰ বিশ্বাস।
এতিয়া আহো দ্বিতীয় এটা শ্লোগানলে। আমাক সঘনাই বিক্ৰী কৰিবলৈ ব্যৱহাৰ কৰা আন এটা জনপ্ৰিয় বিষয় হৈছে "নিবনুৱা সমস্যাৰ সমাধান"। এটা সুন্দৰ, শুনিয়েই ভাল লগা শ্লোগান। জন্মৰে পৰা শুনি ডাঙৰ দীঘল হৈ, পঢ়া-শুনা কৰি উচ্চ শিক্ষা গ্ৰহণ কৰি শিক্ষিত নিবনুৱা হৈ, পথভ্ৰষ্ট হৈ নমৰা দিনলৈকে শুনা এটা বিখ্যাত পান্সলাইন হ'ল এই "নিবনুৱা সমস্যাৰ সমাধান"। প্ৰত্যেকখন চৰকাৰৰেই নিৰ্বাচনী ইস্তাহাৰত অনাদী কালৰপৰাই স্থান লাভ কৰি অহা এটা প্ৰতিশ্ৰুতি। পৰিৱেশনৰ ধৰণ হয়তো বেলেগ বেলেগ। কোনো অত্যুৎসাহী দলে হয়তো দিন তিথি থিক কৰি দিয়ে চৰকাৰ গঠনৰ কিমান দিনৰ ভিতৰত তেওঁলোকে এই সমস্যাৰ সমাধান কৰিব আন কোনোৱে হয়তো বিয়াগোম সংখ্যা পৰিসংখ্যাৰ দ্বাৰা বিজ্ঞাপন দিয়ে তেওঁলোকৰ চৰকাৰে বছৰি কিমান নিবনুৱাক সংস্থাপন দিব বা দিলে। সমস্যা কিন্তু সমস্যাই হৈ থাকে, আকৌ একেই প্ৰতিশ্ৰুতিৰ বন্যা বোৱায়েই থাকে নিৰৱচ্ছিন্নভাৱে আৰু আমিবোৰে সেই প্ৰতিশ্ৰুতিতে বিক্ৰী হৈয়েই থাকো। 
আমাক বিক্ৰী কৰা পিছৰ মহান প্ৰতিশ্ৰুতিটো হৈছে "বানপানী সমস্যাৰ সমাধান"। এতিয়া এইটো শুনি নিশ্চয় বুঢ়া লুইতৰো আমনিহে লাগিছেগৈ। আমনি পাই তেখেতে যদি কেতিয়াবা নিজেই ওভটি বৈ এই সমস্যাৰ সমাধান কৰি দিয়ে নাজানো কিন্তু অন্যথা এই প্ৰতিশ্ৰুতি অনাগত কেইবা প্ৰজন্মই যে শুনিবলৈ পাব ই নিশ্চিত। কোনো দলে যদি বৃহৎ বান্ধেৰে এই সমস্যা সমাধান কৰিম বুলি কয়, কোনোৱে আকৌ নদী খননেৰে আৰু নদী সংযোগেৰে সমাধান কৰিম বুলি কয়। সকলো ফুটুকাৰ ফেন। এবছৰৰ বান সাহাৰ্য বিতৰণ শেষ নহওটেই পিছৰ বছৰলৈ সাজু হ'বৰ হয়। অসমৰ প্ৰেক্ষাপটত জলসম্পদ বিভাগটোৰ নাম প্ৰকৃততে হ'ব লাগিছিল বানপানী বিভাগ। এই সমস্যাৰ সমাধানৰ সৰ্বোত্তম উপায়টোও এবাৰ এজনে দিছিল। সেইটো হ'ল বানপানীৰ লগত সহাৱস্থান লগতে কলগছ ৰোপন, সময়ত ভূৰ বনাবলৈ। আমিবোৰেহে সেই জ্ঞানৰ মূল নুবুজি পিছত আকৌ সেই একেটা প্ৰতিশ্ৰুতিকে কিনিবলৈ অপেক্ষা কৰিলোঁ।
আন এটা জনপ্ৰিয় প্ৰতিশ্ৰুতি বা শ্লোগান হৈছে "দুৰ্নীতি নিৰ্মূল"। এই শ্লোগানটোও যথেষ্ট জনপ্ৰিয়। প্ৰত্যেকবাৰ নিৰ্বাচনত প্ৰতিটো দলৰেই ইস্তাহাৰত স্থান পোৱা এটা আইটেম। দুৰ্নীতিৰ জখলাত বগায়েই ৰাজনীতিত প্ৰৱেশ কৰাজনেও বেছিকৈহে আওৰাই এই ফাকি মন্ত্ৰ। ৰাজনীতি আৰু দুৰ্নীতি কবলৈ গ'লে একেটা মুদ্ৰাৰেই ইপিঠি সিপিঠি। প্ৰতিটো দলেই দূৰ্ণীতিগ্ৰস্ত আমোলা, বিষয়া, ব্যৱসায়ী আদিক ৰঙা দলিছা পাৰি দললৈ আমন্ত্ৰণ জনায় আনে, কিন্তু তেওঁলোকেই ভাষণত, নিৰ্বাচনী ইস্তাহাৰত দূৰ্নীতিবিৰোধী মন্ত্ৰ আওৰাই। ৰাজনীতিত যদি দুৰ্নীতিয়েই নাথাকে তেন্তে হয়তো ভাৰতবৰ্ষত ৰাজনৈতিক নেতাৰ অভাৱেই হ'লহেতেন। তথাপিও কিন্তু শুনি ভালপোৱা জিংগলছৰ দৰেই এই শ্লোগানটোও সকলোৱেই বিক্ৰীৰ বাবে ব্যৱহাৰ কৰি আহিছে। আৰু এই শ্লোগানৰ দ্বাৰা বিক্ৰী কৰিয়েই দুৰ্নীতিৰ জখলাত দোপত দোপে উন্নতি কৰি শিখৰত অৱস্থান কৰিছে তেওঁলোক।
ওপৰত উল্লেখিত কেইটা মাত্ৰ সামান্য কেইটামান উদাহৰণহে। এনে অজস্ৰ শ্লোগান আছে, যিবোৰ আমাক বিক্ৰী কৰিয়েই ইমান দিনে ৰাজনৈতিক দলবোৰ চলি আছে। তাৰে মাজৰ কেইটামান পপুলাৰ শ্লোগান হৈছে "নাৰী সবলীকৰণ", "কৃষকৰ সমস্যা সমাধান", "জনমূৰি আয় বৃদ্ধি", "ঘৰে ঘৰে পানী যোগান", "প্ৰতিঘৰ মানুহলৈ বিদ্যুৎ সংযোগ", 'সকলোৰে বাবে স্বাস্থ্য আৰু শিক্ষা', "দৰিদ্ৰতা নিবাৰণ" ইত্যাদি।
এইবোৰ তেওঁলোকে বিক্ৰী কৰিয়েই আছে আৰু আমিবোৰ মূৰ্খ গ্ৰাহকে তাকে সদায়েই কিনি আহিছোঁ আৰু কিনিয়েই থাকিম। আৰু ভাৰতৰ বা অসমৰ প্ৰেক্ষাপটত এই মানুহক ভুৱা প্ৰতিশ্ৰুতি বিক্ৰী কৰা ব্যৱসায়টোত প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দিতা ইমানেই বেছি আৰু জটিল তথা সমপৰ্য্যায়ৰ যে কোনোবা এজনক বা এটা দলক শ্ৰেষ্ঠ বিক্ৰেতা বুলি অভিহিত কৰাটো অত্যন্ত জটিল। সেয়েহে চিনেমাখনত যেনেকৈ ৰিচাৰ্ড নিক্সনক আমেৰিকাৰ শ্ৰেষ্ঠ বিক্ৰেতা বুলি অভিহিত কৰিছিল আমি ইয়াত কাক শ্ৰেষ্ঠ বিক্ৰেতাৰ বঁটাটো দিব পাৰোঁ, কাক আমাৰ ৰিচাৰ্ড নিক্সন অভিহিত কৰিব পাৰোঁ সেইয়া থিৰাং কৰিবলৈ আপোনালোকলৈ এৰিলোঁ। মতামত জনাব।
ধন্যবাদ।
<script async src="https://pagead2.googlesyndication.com/pagead/js/adsbygoogle.js?client=ca-pub-2842807061182637"
     crossorigin="anonymous"></script>
*************************************************
✍️ বিক্ৰম জ্যোতি বৰদলৈ।
📲 ৯৯৫৪৩০৬৬৫৪
12/07/2020

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================