✍️ On saying please
নৱম নে দশম শ্ৰেণীৰ পাঠ্যক্ৰমত পঢ়িবলৈ পাইছিলো A.G Gardiner ৰ এখন ৰচনা যাৰ শিৰোনাম আছিল ওপৰত উল্লেখিত 'On saying please'। প্ৰৱন্ধটোত কি আছিল এতিয়া মোৰ মনত সম্পূৰ্ণকৈ নাই যিহেতু আজিকালি মোৰ কথা পাহৰাটো বৰ বেছি হৈ পৰিছে। তথাপিও প্ৰৱন্ধটোৰ দুই এটা কথা পাহৰিব পৰা নাই বা পাহৰিব পৰা নহয়।
গাৰ্দিনাৰে এই প্ৰৱন্ধটোত প্ৰধানকৈ গুৰুত্ব দিছিল শিষ্টাচাৰৰ বিষয়ে। কেনেকৈ সামান্য এষাৰ কথাই সমগ্ৰ বিষয়বস্তু সলনি কৰি দিব পাৰে। উদাহৰণ স্বৰূপে তেওঁ উল্লেখ কৰিছিল এজন লিফ্টমেনৰ কথাৰে। এষাৰ ভাল মাত বা কেৱল মাত্ৰ এটা শব্দ প্লীজ বা ধন্যবাদ ব্যৱহাৰ কৰিলেই লিফ্টমেনজন কিমান সন্তুষ্ট হ'লহেতেন! আৰু কিবা উদাহৰণেৰে লেখকে বৰ্তমানৰ এখন সভ্য সমাজত শিষ্টাচাৰৰ কিমান প্ৰয়োজন মূলতঃ এইখিনি কথাকে হয়তো বুজাবলৈ চেষ্টা কৰিছিল। এটা এটা শব্দই এখন সমাজত কিমান সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে সেয়া অকল্পনীয়। কিমান ডাঙৰ ডাঙৰ সমস্যা কেৱল এষাৰ-দুৱাষাৰ মৃদু কথাই পলকতে সমাধান কৰিব পাৰে সেয়াও কল্পনাতীত ।
আজিকালি ডিজিটেল যুগত কিতাপ পত্ৰ পঢ়া মানুহৰ সংখ্যা তেনেই নগণ্য, বিশেষকৈ নৱপ্ৰজন্মৰ মাজত। এতিয়া এই প্ৰবন্ধটো পাঠ্যক্ৰমত সন্নিবিষ্ট হৈ আছেনে নাই নাজানো, কিন্তু থকাৰ প্ৰয়োজন অতিকৈ বৃদ্ধি পাই আহিছে বুলি মোৰ ধাৰণা হয়। কাৰণ পৰীক্ষাত নম্বৰ পাবলৈ বুলি পঢ়িলেও এক বৃহৎ সংখ্যক নৱপ্ৰজন্মই এই ৰচনাখন পঢ়িবলৈ পালেহেতেন। আৰু সেইসকলৰ ভিতৰত মুষ্টিমেয় হ'লেও অন্ততঃ ৫-১০ শতাংশই ইয়াৰ পৰা ভৱিষ্যত জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ শিক্ষা গ্ৰহণ কৰিলেহেতেন আৰু শিষ্টাচাৰৰ বিষয়ে জানিব পাৰিলেহেতেন।
শিষ্টাচাৰৰ আৰম্ভনি সাধাৰণতে নিজৰ ঘৰখনতেই হয়, পিছলৈ আনুসংগিক অন্যান্য বিষয়ে ইয়াক হয়তো আৰু ভাল কৰে নহ'লে একেবাৰে ধ্বংস কৰে। আনহাতেদি এইযে কৈ আছোঁ শিষ্টাচাৰৰ বিষয়ে, ইয়াক দোকানত কিনিবলৈ নাপায় বা গছত লাগি থকা বস্তূও নহয় যে মণ গ'লেই কিনি বা চিঙি আনিব পাৰি। শিক্ষানুষ্ঠান বা অইন কিবা এনে মাধ্যমে মাথোঁ পথ প্ৰদৰ্শকৰ কাম কৰে বাকিখিনি নিজেই নিজকে ভিতৰৰ পৰা উন্নীত কৰিব লাগিব। আৰু এটা কথা, এই বিষয়টো জোৰ কৰি কাৰোবাক শিকাব বা দিব পৰাও নাজাই, ই স্বত:স্ফুৰ্ত ভাবে উন্নীত হোৱা এক অতি গুৰুত্বপূৰ্ণ গুণ।
আনহাতে সকলোৱে নিজৰ কৰ্মৰ দ্বাৰা পৰিচিত হয় বা হোৱাটো বিছাৰে আৰু প্ৰায় সকলোৱেই নিজৰ কৰ্মৰ বাবে গৌৰৱ অনুভৱ কৰে যেনেকৈ ঝাৰুৰে ৰাষ্টাৰ লেতেৰা চাফা কৰাজনৰ বাবে তেওঁৰ ঝাৰুটোৱেই গৌৰৱ। আজিকালি কিন্তু সেই দিন নাই বা কমি আহিছে। আজিকালি ভাল কাম কৰি গৌৰৱ কৰাতকৈ নিজৰ ঋণাত্মক তথা নিজৰ সুন্দৰ বাহ্যিকতাৰ ভিতৰৰ ঘৃণাত্মক (ঘৃণনীয়?) দিশবোৰ দেখুৱাইহে ভয় খুৱাবলৈ বা গৌৰৱ অনুভৱ কৰা দেখা পাওঁ।
কথাখিনি খেলিমেলি হৈ হয়টো খিচিৰিত পৰিণত হৈছে, মই নিজেই অনুমান কৰিব পাৰিছো। ইন্টাৰনেটত চালেই গোটেইবোৰ পালোহেতেন বুলিও জানো। কিন্তু সময়ৰ অভাৱৰ বাবে আৰু মোৰ এই ৰচনা সময় সাপেক্ষ হোৱা কাৰণে অধিক কষ্ট নকৰিলোঁ।
লগতে আৰু এটা কথা, গাৰ্ডিনাৰৰ প্ৰৱন্ধটোৰ ওপৰত কৈ অহাৰ দৰেই কিছুমান কথাই মনটোক সদায় ভৰাই ৰাখে। লিখিবলৈহে নহয়। আৰু মই মূল প্ৰৱন্ধটোৰ হুবহো কথাখিনি তুলিবলৈও চেষ্টা কৰা নাই, সময় সাপেক্ষ হোৱাত তাৰ উদ্ধৃতিৰে কেৱল চমুকৈ মণৰ কথা অলপ দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াত অলেখ ভুল ভ্ৰান্তি নিশ্চয় থাকিব পাৰে। পঢ়ুৱৈ সকলে নিজেই পোনাই ল'ব বুলি আশা কৰিলো।
ধন্যবাদ 🙏
✍️ বিক্ৰম জ্যোতি বৰদলৈ
📱 ৯৯৫৪৩০৬৬৫৪
২২-০৩-২০২৫
------------------------------------
Very nice
ReplyDeleteঅশেষ ধন্যবাদ
DeleteWell said
ReplyDelete