"আই ফোন আৰু বোপাই চেনি"
"আই ফোন আৰু বোপাই চেনি"
আপেলে মানে Apple এ কালি বজাৰত মুকলি কৰিছে তেওঁলোকৰ নতুন iPhone ছিৰিজ ১৮ ৰ। ইয়াৰ কেইবাটাও মডেল আৰু ভাৰ্ছন আছে। দাম বেছি নহয়🙏😭 Apple Duo (2TB) মডেলৰ নতুন ফোন এটাৰ দাম মাত্ৰ ৪,৪৯,৯০০.০০ টকা 🙀 !!! 🍎📱 আমাৰ প্ৰায়সকল সাধাৰণ মানুহৰেই বছেৰেকীয়া ইনকামতকৈ অধিকেই হ'ব এই দাম 😁
সেয়েহে যিসকলে নিজৰ ধনেৰে কিনিব ওলাইছে বা পাৰিছে, ইয়াৰ পৰাই সেৱা যাচিলোঁ 🙏
ফোনটো ওলাইছে যেতিয়া বিক্ৰীটো হ'বই। সামৰ্থবান সকলে গহীনত কিনিব আৰু বাকী ক্ৰেটাসকলেও কিনিব নিজৰ সামৰ্থৰ বলতেই, তাকেই যেনিবা ধনৰ সামৰ্থ্যৰে নহয় আৰু.....😀
ফোনটো কিনিলে বাৰু, আৰু কি লাগে?
কিয় নাইট ক্লাব, ড্ৰেছ-পোছাক, পাৰ্লাৰ, মেকআপ, ৰেষ্টুৰেণ্ট, বিদেশ ভ্ৰমণ...
আৰু Instagram ত জীৱনটো যে সদায় “Luxury Mode”ত দেখুৱাব নালাগিব জানো?! 😂
এতিয়া ইমান খৰচৰ পিছত নিজৰ পকেটটোৱে যদি কয়— “ভন্টি, মোৰ ইমান capacity নাই আৰু!”
তেনেতেই আধুনিক অভিধানৰ এটা শব্দ/ উপায় মনলৈ আহিব-
'Sugar Daddy'😀
কিন্তু Sugar Daddy কি বস্তু?🤔
প্ৰথমে ভাবিছিলোঁ—চুগাৰ বেছি হোৱা মানুহ নেকি?
পিছত গম পালোঁ, নহয়!
ইয়াত Diabetes ৰ কোনো ভূমিকাই নাই। এইভাগি অলপ বেলেগ ৰকমৰ মাল 😂
আচলতে আধুনিক সম্পৰ্কৰ পৃথিৱীখনত এনেকুৱা শব্দৰ অভাৱ নাই। আমি পুৰণি মানুহে “প্ৰেম”, “ভালপোৱা”, “বন্ধুত্ব” এইকেইটা শব্দতে জীৱন কটাই দিলোঁ। নতুন প্ৰজন্মই কিন্তু সম্পূৰ্ণ relationship vocabulary আপডেট কৰি পেলালে! অভিধানত শব্দ বাঢ়ি গৈয়েই আছে 🐸
এইকেইদিনত নিশ্চয় সকলোৱে বাৰু 'চুগাৰ ডেডি' ক বুজি পালে, মানে কিনো এইটো.....
Sugar Daddy — বয়সত সাধাৰণতে ডাঙৰ আৰু আৰ্থিকভাৱে শক্তিশালী পুৰুষ, যিয়ে কম বয়সীয়া সংগীৰ জীৱনশৈলীত টকা-পইচা, উপহাৰ, ভ্ৰমণ আদিৰে সহায় কৰে।
মানে—“Love with ফুল financial support”! 😂
ৰ'ব ৰ'ব এয়া আৰম্ভণিহে, এনে আৰু কিমান যে কি আছে অলপ জানি লওক, নহ'লে লাজত পৰিব কোনোবা দিনা 😁
"চুগাৰ ডেডি" বুজি পালে, তেতিয়া হ'লে তাৰ বিপৰীতে আছে—
Sugar Baby — সেইজন/সেইগৰাকী, যিয়ে এই financial support লাভ কৰে, মানে চু:ডেডিৰ পৰা।
মানে, relationship status: “It’s complicated… but financially comfortable!” 🤣
এতিয়া যদি এগৰাকী মহিলাই Sugar Daddyৰ ভূমিকা লয়? মনত ৰাখিব পুৰুষ মহিলা সমান- সম অধিকাৰ
তেতিয়া সেইগৰাকীক কোৱা হ'ব Sugar Mommy!
অৰ্থাৎ—
“মোৰ বয়স বেছি হ'ব পাৰে, কিন্তু মোৰ bank balance-টো এতিয়াও young!” 😂
তাৰ পিছত আহে 'Gold Digger'।
এই শব্দটো অলপ বেছি কটাক্ষমূলক। যিজনে প্ৰেমতকৈ সংগীৰ টকা, সম্পত্তি, গাড়ী, ঘৰ আৰু bank balance-ত বেছি আগ্ৰহ দেখুৱায়, তেওঁক Gold Digger বুলি কোৱা হয়।
অৰ্থাৎ—
“তোমাৰ হৃদয় কিমান ডাঙৰ?”
“নাজানো।”
“Bank account কিমান ডাঙৰ?”
"₹₹₹₹₹₹₹......"
এতিয়া কথা পাতিব পাৰোঁ!” 😂
আকৌ আছে 'Cougar'।
বয়সত ডাঙৰ কোনো মহিলাৰ যদি নিজৰ তুলনাত যথেষ্ট কম বয়সীয়া পুৰুষৰ প্ৰতি ৰোমান্টিক আগ্ৰহ থাকে, তেন্তে slang-ত তেওঁক Cougar বুলি কোৱা হয়।
আৰু সেই কম বয়সীয়া পুৰুষজনক?
তেওঁ হৈছে 'Toy Boy'! 😜
নামটো Toy Boy হ'লেও মানুহজন অৱশ্যে কোনো খেলনা নহয়। এইটোও এটা slang label হে।
তাৰ পিছত আছে 'Gigolo'
সাধাৰণতে টকা বা আৰ্থিক সুবিধাৰ বিনিময়ত মহিলাৰ সংগ, companionship বা যৌন সম্পৰ্ক আগবঢ়োৱা পুৰুষক এই শব্দটোৰে বুজোৱা হয়।
অৰ্থাৎ,
“প্ৰেম আছে নে?”
“সেইটো package-ৰ ওপৰত নিৰ্ভৰ কৰিব!” 😂
আৰু সকলোৰে মাজত আটাইতকৈ নিৰীহজন হ'ল—
Eye Candy! 👀🍬
ইয়াত কোনো bank balance নাই, কোনো Sugar Daddy নাই, কোনো Gold Digger নাই।
মাত্ৰ মানুহজন ইমান ধুনীয়া বা আকৰ্ষণীয় যে তাক দেখিলে চকুৱে কয়—
“বাহ! আজিৰ entertainment free তে হৈ গ'ল!” 😂
কিন্তু মজাৰ কথাটো হ'ল, এইবোৰ শব্দ কেৱল slang নহয়। সমাজখন কিমান সলনি হৈছে তাৰো এটা ছবি।
আগতে মানুহে সুধিছিল—
“ল'ৰাজনে কি কৰে?”
এতিয়া হয়তো প্ৰশ্ন হ'ব পাৰে—
“Sugar নে Gold?”
আগতে ছোৱালীৰ বিয়াৰ কথা ওলালে সুধিছিল—
“ল'ৰাজনৰ চাকৰি আছে নে?”
এতিয়া কিছুমানে হয়তো সুধিব—
“iPhone কোনটো ব্যৱহাৰ কৰে?” 📱🤣
আৰু ৪,৪৯,৯০০ টকাৰ ফোনটো যি নিজৰ উপাৰ্জনেৰে কিনিছে— Respect! 👏🫡
কিন্তু যদি ফোনটো কিনাৰ আগতে Google-ত search কৰিবলগীয়া হয়—
“Best Sugar Daddy near me.....” 😂😀😁
তেন্তে বুজিব লাগিব—
ফোনটো Apple হ'ব পাৰে, কিন্তু financial planningটো Android এই হৈ আছে! 🤣🤣
শেষ কথা—
সম্পৰ্ক যিয়েই নহওক, Sugar Daddy হওক, Sugar Baby হওক, Gold Digger হওক বা Eye Candy হওক—মানুহজন ভাল হোৱাটোৱেই আচল কথা।
নহ'লে কোনদিনা ফ্ৰীজত সোমোৱাই থব ঠিক নাই......
বা
নহ'লে ৪,৪৯,৯০০ টকাৰ iPhone হাতত লৈও জীৱনটো “No Service” হৈ থাকিব পাৰে, নেটৱৰ্ক নাপাবও পাৰে! 😂📱
ৰাতি পুৱাবৰে হ'ল আৰু, এতিয়া এইটো ফোনটেই ৮০ দশকৰ ফটো এখন বনাই শ্বেয়াৰ কৰি শুই থকাই ভাল 🙏🎉😘
✍️বিক্ৰম জ্যোতি বৰদলৈ
📱৯৯৫৪৩০৬৬৫৪
১১-০৯-২০২৬, পুৱা ৪:৪৫

Comments
Post a Comment