প্ৰেম, সুৰ, স্বপ্নৰ মহামিলনৰ মহাকাব্য- যিখন নহ'ল লিখা!

 (আজি ভূপেনদাৰ শততম জন্মদিন উপলক্ষ্যে)

৮ ছেপ্টেম্বৰত মানে আজি সুধাকন্ঠ, ভাৰত ৰত্ন  ড° ভূপেন হাজৰিকাৰ জন্মদিৱস। এইবাৰ এই জন্মদিনটো বিশেষভাৱে বছৰজোৰা কাৰ্যসূচীৰে পালন কৰিব বিচৰা হৈছে যিহেতু তেখেতৰ এয়া জন্ম শতবাৰ্ষিকী। চৰকাৰৰ এই প্ৰচেষ্টাক সমৰ্থন তথা সন্মান জনাইছো। অৱশ্যে সমূহ অসমবাসী তথা সকলো দল সংগঠন আৰু তেখেতক ভাল পোৱা প্ৰবাসী তথা বিদেশী সকলেও স্বতঃস্ফুৰ্ত ভাৱেই এয়া উদযাপন কৰিবলৈ আয়োজন কৰিছে। 


ভূপেনদাক ভাল পোৱা মানুহৰ অভাৱ নাই। তেওঁৰ মৃত্যুৰ সময়ত বিভিন্ন ৰাজ্যত আৰু বিদেশতো কিছুমান স্থানত পৰা শোকৰ ছাঁয়েই ইয়াৰ প্ৰমান। তেওঁৰ মৃত্যুত সেয়েহে কেইবাখনো দেশৰ পৰা শোকবাৰ্তা প্ৰেৰণ কৰিছিল। বাংলাদেশত খুব সম্ভৱ শোক দিৱসেই পালন কৰিছিল (?)। 

ভূপেনদা কোনো দিনেই 'বিশ্ব গুৰু' হ'ব বিচৰা নাছিল কিন্তু সাধাৰণ জনগণেই তেখেতক পৰিণত কৰিছিল এজন বিশ্ব শিল্পীত। 

বাৰু ভূপেন হাজৰিকাৰ গুন-গান এতিয়া মই গাই ৰাইজক জনোৱাটো মোৰ উদ্দেশ্য নহয়। কাৰণ ই নিষ্প্ৰয়োজন।

ইয়াত ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সদায়েই মনলৈ আহি থকা এটা প্ৰসংগহে উত্থাপন কৰিব বিচাৰিছোঁ। আগতে লিখিছিলোঁ যদিও মনত নাই।

ভূপেনদাৰ তেতিয়া বয়স হৈছিল, ৰোগাক্ৰান্তও হৈছিল যদিও মোটামুটি ঠিকেই চলি আছিল। মুম্বাই বা বাহিৰৰ পৰা অসমলৈ অহা যোৱা চলি থাকে আৰু অসমলৈ আহিলে সাধাৰণতে তেজপুৰৰ ডাঃ লখী (লক্ষ্মী)/ ডাঃ ৰবীন গোস্বামীৰ পৰিয়ালৰ লগত অলপ সময় কটায়েই, তাতে প্ৰায়ে থাকেও।

চন-তনবোৰ মনত নাই যদিও সেই সময়ৰ আশে-পাশেই ভূপেনদা অলপ কেইদিনমান থকাকৈ আহিছিল গোস্বামী দম্পত্তীৰ ঘৰলৈ। তালৈকে অনেক গুণী-জ্ঞানি ব্যক্তি আহিছিল বা নিমন্ত্ৰিত হৈছিল। তেনেকৈয়ে আহিছিল একলগে থাকি সময় পাৰ কৰিবলৈ অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কথা সাহিত্যিক, সাংবাদিক আৰু অনেক গুণৰ অধিকাৰী স্বনামধন্য হোমেন বৰগোহাঞিদেৱো। 

বৰগোহাঞিদেৱ বৰ বেছি সামাজিক নাছিল, কথা খুব কমেই পাতিছিল আৰু আছিল বৰ ব্যস্ত। তেওঁ সেয়েহে তালৈ কেৱল সময় কটাবলৈকে অহা নাছিল। তেখেতৰ উদ্দেশ্য আছিল ভূপেনদাক লগ কৰি আগতেই আলোচনা কৰি থোৱা তেখেতৰ এখনি সম্পূৰ্ণ জীৱনী গ্ৰন্থ ৰচনা কৰা। কাৰণ সম্পূৰ্ণ শুদ্ধকৈ পূৰ্ণাংগ ৰূপত ভূপেন হাজৰিকাৰ এখনীও জীৱনী নাছিল আৰু এতিয়াও নাই। জীৱনীখনৰ বাবে ভূপেনদায়ো আগতেই সন্মতি দিছিল। 

বৰগোহাঞি ছাৰে ভাবিলে যে এয়াই সুবৰ্ণ সুযোগ ভূপেনদাৰ মুখেৰেই তেওঁৰ বিষয়ে আৰু অলপ জানি লোৱা। আৰু ভূপেনদাও কেইদিনমান থকাকৈ অহাৰ অন্যতম এটা উদ্দেশ্য আছিল এই জীৱনীখনো।

দুয়োজন একেলগে একেখন ঘৰতে থাকিলে। যদিও ভূপেনদাৰ দৰ্শনাৰ্থীয়ে ভৰি থাকে গোটেই ঘৰখন পুৱাৰ পৰা ৰাতিলৈকে, তাৰ মাজতে দুয়োজনেই বাৰ্তালাপ কৰিছিল। বৰগোহাঞি ছাৰে শুধি গৈছিল, শুনি গৈছিল আৰু ভূপেনদাই কৈছিল তেওঁৰ নিজৰ জীৱনৰ বিষয়ে নিজৰ ধৰণেৰে। খুলি দিছিল বহু ৰহস্যময় গোপন গাথা, যিবোৰৰ বিষয়ে হয়তো আজিও আমি অৱগত ন'হলো। 

কিন্তু মাজে মাজে ভূপেনদা থমকি ৰৈছিল যেন কিছুমান কথা ক'বনে নাই! অৱশ্যে হোমেন বৰগোহাঞি ছাৰক তেওঁ মনত পৰা প্ৰতিটো কথাই কৈ গৈছিল। 

শেহলৈ কিন্তু ভূপেনদা যেন ভাগৰি পৰিছিল। তেওঁ জীৱনীৰ বিষয়ে গুৰুত্ব যেন কমাই দিছিল। আৰু এদিন ওভটি যাবৰ সময়ত হোমেন বৰগোহাঞি ছাৰক ক'লে, "আকৌ আহিম আৰু কথা পাতিম বাৰু, কিন্তু এই জীৱনীখন লিখিবা জানো"!!

বৰগোহাঞি ছাৰে তাৰ পিছতো চেষ্টা নকৰা নহয় বা হয়তো তেওঁৰ হাতত প্ৰায়ভাগ সমলেই গোট খাইছিল যাৰ দ্বাৰাই ইচ্ছা কৰিলে গ্ৰন্থখন লিখি উলিয়াব‌ পাৰিলেহেতেন।

কিন্তু বৰগোহাঞিদেৱে সেয়া নকৰিলে। তেখেতে ভূপেনদাৰ সেই 'লিখিবা জানো...' কথাষাৰৰ অন্তৰ্নিহিত অৰ্থ বুজি পাইছিল আৰু তাক সন্মানো জনাইছিল। 

বৰগোহাঞিদেৱৰ নিজৰ ভাষাত, নিজে লিখিথৈ যোৱা মতে তেওঁ সেইখনৰ পৰিকল্পনা অৱশেষত বাদ দিলে, কাৰণ যাযাবৰী শিল্পী ভূপেন হাজৰিকাৰ শুদ্ধ সঠিক জীৱনীখন পঢ়িব পৰাকৈ আমাৰ সমাজখন পৰিপক্ক (matured) হৈ উঠা নাছিল আৰু একেসময়তে হোমেন বৰগোহাঞিদেৱো আছিল এনে এজন ব্যক্তি যি সম্পূৰ্ণ সত্য নজনাকৈ বা জানি সেয়া নিলিখাকৈ বা অৰ্ধসত্যৰে ভৰাই জীৱনী (বা অন্য যিকোনো) লিখা মানুহ নাছিল। সেয়েহে সেইখনৰ পৰিকল্পনা বাদ দিলে। 

বৰগোহাঞিদেৱে আৰু কৈছিল যে ভূপেন হাজৰিকাৰ জীৱনটো ইমানেই বিশাল এক অনুষ্ঠান সদৃশ আছিল, যাক যিকোনো এজন- দুজন ব্যক্তিয়ে সামৰি লোৱাটো অসম্ভৱ আছিল।

এইখিনিতে মই নিজেও অলপ যোগ দিও। বৰগোহাঞিদেৱৰ কথাখিনি একেবাৰেই শুদ্ধ। ভূপেনদাৰ দৰে এজন ঐশ্বৰিক প্ৰতিভাশালী, আজন্ম শিল্পী কোনো কাৰণতেই আমাৰ সাধাৰণ মানুহৰ নিচিনা হ'বই নোৱাৰে। তেওঁ আছিল এজন অসাধাৰণ শিল্পী। অৱশ্যে অসাধাৰণ হৈও তেখেতে সাধাৰণৰ জীৱন যাপন কৰিছিল আৰু ভাল পাইছিল। এয়া হৈছে এজন মহান শিল্পীৰ মহানতাৰ চিন। 

কোনো ধৰণৰ বান্ধোনে তেওঁৰ দৰে এজন যাযাবৰক বান্ধি ৰাখিব নোৱাৰে। তেওঁলোকৰ মন বিলাকো বৰ বিশাল হয়। ক'ত কেতিয়া কিহৰ পৰা কি ধৰনে অনুপ্ৰাণিত হৈ শিল্প ৰচনা কৰে নিজেও ক'ব নোৱাৰে।

ভূপেনদা আছিল এজন আজন্ম প্ৰেমিক। হয় বহু নাৰীৰ লগত তেওঁৰ সম্পৰ্ক আছিল। তাৰে কিছুমান অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। জীৱনলৈ অনেক নাৰী আহিছিল, যাৰে প্ৰেৰিত হৈও তেওঁ সৃষ্টি কৰিছিল বহু অমৰ গীত। 

বহু নাৰীৰ লগতে হৈছিল প্ৰেম আৰু ইয়াৰ বেছিভাগেই আছিল নান্দনিক। তেওঁৰ দৰে এজন শিল্পীৰ জীৱন সদায়েই আমাতকৈ পৃথক। তেওঁলোকে সকলো বস্তুৱেই পৃথক দৃষ্টিভংগীৰে চাই। 

ভূপেনদাৰ খুব সম্ভৱ সুৰাৰ প্ৰতিও আসক্তি আছিল, যিটো আছিল অত্যন্ত স্বাভাৱিক সাধাৰণ কথা। তেওঁৰ সুৰা-প্ৰীতিয়ে তেঁওক সৃষ্টিৰ প্ৰেৰণাহে দিছিল, ধ্বংসৰ নহয়।

তেওঁৰ দৰে শিল্পীয়ে সদায়েই এখন নান্দনিক জগতত বাস কৰিছিল, কল্পনাৰ সাগৰত সাতুৰি নাদুৰি ফুৰিছিল, সৃষ্টিৰ তাড়নাত উটি-ভাহি ফুৰিছিল। 

অদম্য প্ৰতিভাশালী শিল্পী হ'লেও তেখেতৰ বাবেও বাস্তৱ জীৱনৰ দুঃখ-বেদনা, একাকীত্ব আৰু ভাবনাৰ গভীৰতাৰ লগত যুঁজিবলৈ কেতিয়াবা বিশেষ আশ্ৰয়ৰ প্ৰয়োজন হৈছিল। সুৰাই হয়তো তেনে আশ্ৰয়ৰূপে কেতিয়াবা তেখেতৰ বাবে অনুপ্রেৰণাও যোগাইছিল। তেনেকৈয়ে বহু অমৰ গান, কবিতা আৰু সংগীত সৃষ্টি হৈছিল। য'ত তেওঁৰ অন্তৰৰ যন্ত্রণা, প্ৰেম, আশা আৰু সমাজৰ প্রতি দায়িত্বও কিন্তু প্ৰতিফলিত হৈছিল।

বাৰু যি নহওঁক সেই সকলোবোৰৰ মাজতো কিন্তু ভূপেনদাই সৰ্বসাধাৰণৰ লগত যোগাযোগ বিচ্ছিন্ন কৰা নাছিল, তেওঁ সদায় আমাৰ লগত আছিল। সেয়েহে তেওঁ নাম পাইছিল 'গণশিল্পী'ৰ।

আন বহু অমৰ শিল্পীৰ দৰেই ভূপেনদাও বহুতো জ্যেষ্ঠ শিল্পীৰ কৰ্মৰ পৰা প্ৰেৰিত হৈছিল, যিবোৰৰ কথা তেওঁ নিজ মুখেৰেই কৈ গৈছিল। আমেৰিকাত পঢ়ি (গৱেষণা) থাকোতেই পল ৰবচন আৰু ভালে কেইজনমানৰ দ্বাৰা তেওঁ যথেষ্ট পৰিমাণে প্ৰভাৱিত হৈছিল আৰু তেওঁৰ দুই এটা গানৰ অনুপ্ৰাণিত ৰূপ অসমীয়া ভাষাৰ গানত প্ৰকাশ কৰিছিল যেনে 'বুঢ়া লুইত তুমি',  'আমি একেখন নাৱৰে যাত্ৰী' ইত্যাদি। কিন্তু এয়া ইমান সুন্দৰকৈ আমাৰ থলুৱা সুৰ-সংগীত আৰু পৰিৱেশত মিলি পৰিছিল যে নক'লে কোনেও সেয়া বিশ্বাস নকৰিব। এয়া হৈছে অনুপ্ৰাণিত সংগীত। এইখিনিতে দুই-তিনিখনমান কিতাপত পঢ়া এষাৰ কথা নক'লে ভাল নালাগিব। 'We are in the same boat brother' গানটোক পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ মানবতাবাদী গানৰ শাৰীত স্থান দিয়া হয় আৰু কোৱা হয় যে এই গীতটো ইংৰাজী, বঙালী, অসমীয়া আৰু বিভিন্ন ভাষাত গাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয় কৰি তুলিছিল হেনো ভূপেনদাইহে।

এতিয়া মই এই কথাখিনি কোৱাৰ কাৰণটো হ'ল সেই আগতেই এৰি থৈ অহা তেওঁৰ জীৱন গ্ৰন্থ।যিটো কাৰণত বৰগোহাঞি ছাৰে কৈছিল যে সেইখন পঢ়িব পৰাকৈ আমাৰ সমাজখন এতিয়াও ইমান পৰিপক্ক হৈ উঠা নাই, সেই কাৰণটো একেবাৰে সঠিককৈ বুজিব পৰা যোগ্যতা মোৰ নাই। কিন্তু হ'লেও ময়ো তেখেতৰ কথাত সহমত পোষন কৰো। মোৰ সাধাৰণ দৃষ্টিভংগীৰেও সেই একেই কথাখিনিকে বিশ্বাস কৰো, কাৰণটো একে হওঁক বা নহওঁক। 

মই নিশ্চিত যে সেই অলিখিত মহাকাব্যখন প্ৰকাশিত হোৱা হ'লে আমাৰ সমাজৰ বহু তথাকথিত গণ্য-মান্য ব্যক্তিয়েই তেখেতৰ নাৰী সম্পৰ্কীয় নান্দনিক অনুভূতিক নাম দিলেহেতেন 'লেটি-পেটি', মানে 'নগেনৰ ঘৈণীয়েকৰ খগেনৰ লগত থকা লেটি-পেটি'ৰ মোখৰোচক কাহিনীৰ সমপৰ্য্যায়ৰ। তেওঁ কাৰ কাৰ লগত কিমান নিশা পাৰ কৰিলে সেইবোৰৰ বিষয়েহে বিষদ অনুসন্ধান আৰম্ভ হ'লহেতেন। এতিয়াও বহুতেই বাৰু সেই বিষয়ে গৱেষণা কৰি থাকেই! তেওঁৰ সৃষ্টিৰাজী ক'ৰবাতেই পৰি ৰ'লহেতেন।

সুৰাৰ বিষয়েনো কি ক'ম! বিশেষণ লাগিলহেঁতেন 'মদাহী'ৰ।

আৰু তাহানিতেই বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমি তাৰ মাজত নিজকে বিলাই, অসম আৰু অসমীয়াক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়া আৰু তাৰ পৰা গোটাই-পিটাই অনা মেটমৰা অভিজ্ঞতা তথা অনুপ্ৰেৰণাৰে দুই এটা যি সৃজনীমূলক কাম কৰিছিল তাৰ গুৰু ভাগেই কঢ়িয়াই ফুৰিলেহেতেন আজীৱন এটাই নাম 'নকল'। অনুপ্ৰেৰণামূলক সৃষ্টি আৰু নকল বা ক'পি কৰাৰ মাজত সামান্যতমো পাৰ্থক্য আমাৰ বহুতেই নাৰাখিলেহেতেন। 

অৱশ্যে আমাৰ মাজৰে বহুতেই জীৱন কালতেই তেখেতক 'নৰকৰ সুখ' দিছিলেই বাৰু। আৰু অধিক দিলেহেতেন তেতিয়া।

ভূপেন হাজৰিকাই আৰু হোমেন বৰগোহাঞিয়ে একেবাৰে প্ৰকৃততে মই কোৱা ধৰণৰ কথাবোৰৰ বাবে 'পৰিপক্ক' নোহোৱাৰ কথা কৈছিলনে নাই মই নাজানো। কিন্তু যেতিয়া বাংলাদেশৰ বা পশ্চিম বংগৰ মানুহে 'আমাদেৰ ভূপেনদা' বুলি গৌৰৱ অনুভৱ কৰে, একে সময়তে কেঁকোৰা জাতি আমি অসমীয়াসকল ব্যস্ত আছিলোঁ তেওঁৰ 'লেটি-পেটি'ৰ বিষয়ে আলোচনা সমালোচনা কৰি, তেওঁ মুম্বাইত কিয় থাকে, কাৰ লগত থাকে সেইবোৰক আলোচনা সমালোচনা কৰি, তেওঁৰ জাত-পাতৰ বিশ্লেষণ কৰি বা তাতোতকৈও নিম্ন স্তৰৰ কিবা অদৰকাৰী কথাৰ বিতৰ্ক সৃষ্টিৰে তেওঁক শৰবিদ্ধ কৰাতহে।

সেয়েহে মই পুনৰ ক'ব বিচাৰোঁ যে ভূপেন হাজৰিকাৰ কাহিনী আৰু হোমেন বৰগোহাঞিৰ লেখনীৰ যুগলবন্দীৰে যি সৃষ্টি হ'লহেতেন সেইখন নিশ্চিতভাৱে এখন মহাকাব্যই হ'লহেতেন। কি যে এক অমৰ সৃষ্টিক আমি হেৰুৱাব লগীয়া হ'ল সেয়া অভাৱনীয়। একে সময়তে কিন্তু দুয়োৰে মতামতকো শ্ৰদ্ধা জনায় ক'ম যে যি হ'ল ভালেই হ'ল, আমি এতিয়াও ভূপেনদাক পঢ়িব পৰাকৈ, বুজিব পৰাকৈ বা জানিব পৰাকৈ পৰিপক্ক হৈ উঠা নাই আৰু অদূৰ ভৱিষ্যতেও মই সেই আশাৰ ৰেঙনী দেখা নাই।

গতিকে ভূপেনদা, আপুনি আমাক জানেই, আমি কৰা ভুলবিলাকো আপুনি জানে। তথাপিও আপুনি কিন্তু আমৃত্যু আমাক, এই 'অসমী আই ৰূপহী'ক ভাল পাবলৈ এৰা নাছিল। আপুনি সঁচাই ইমান বিশাল এক অনুষ্ঠান যাৰ পৰিধিত আহি মহাপাপীৰো সকলো পাপ খণ্ডন হৈছিল। 

আমাৰ জাতিটোক জীয়াই থাকিবলৈ আপোনাৰ সাহস অনুপ্ৰেৰণা সদায়েই লাগিব। আমি অসমীয়া নহও দুখীয়া বুলি আপুনিয়েই আমাক জগাব লাগিব, বুঢ়া লুইতক আপুনিয়েই গালিৰে বশ কৰিব লাগিব আকৌ মহাবাহু ব্ৰহ্মপুত্ৰক পূজিবলৈও আপুনিয়েই শিকাব লাগিব।

বিমূৰ্ত নিশাটোত মৌণতাৰ সূতাৰে বোৱা সেই নীলা চাদৰৰ প্ৰেমত পৰিবলৈ, নিশ্বাসৰে উম লৈ জীয়া আদৰক আদৰিব পৰাকৈ, ভাল পাবলৈ আপুনিয়েই শিকাব লাগিব।

ভূপেনদা আপুনি এতিয়াও আছে আৰু অনাগত দিনতো আমাৰ মাজতে থাকিব লাগিব, এয়া আমাৰ দাবী মৰমৰ, এয়া আমাৰ জন্মসিদ্ধ অধিকাৰ। সমগ্ৰ বিশ্বই অসম বুলিলে চিনি পায় কেৱল আপোনাক। গতিকে আপুনি নাথাকিলে বিশ্বই জানো ভাল পাব? আমাক জানো বৰকৈ নাহাহিব? আপুনি জানো সেয়া সহিব পাৰিব? নোৱাৰে জানো।

আজি আপোনাৰ শততম জন্মদিনত শত শত কৌটি প্ৰণিপাত জনালোঁ, শুভেচ্ছা জনালোঁ। এই শুভদিনটো  আচলতে কেৱল আপোনাৰ জন্মদিনেই নাছিল, এয়া আছিল ভগৱানৰ আমালৈ দিয়া উপহাৰ, এয়া ভগৱানে আমাক দিয়া আশীৰ্বাদ।

শুভ জন্মদিন ভূপেনদা 🎉🎂🎈

ধন্যবাদ 🙏 

 ******************************************

✍️ বিক্ৰম জ্যোতি বৰদলৈ ©️

📲 ৯৯৫৪৩০৬৬৫৪

০৮-০৯-২০২৫, পুৱা ০৪:০০

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================