✍️ ভ'কেল ফৰ ল'কেল (Vocal for local)

'ভ'কেল ফৰ ল'কেল' এই ভাগি শ্লোগান মোদী ডাঙৰীয়াই যোৱা বছৰহে দিছিল। আমি কিন্তু অসমীয়াসকল এই ক্ষেত্ৰত বহু এডভান্সড। বহু আগৰপৰাই আমিবোৰ ভ'কেল ফৰ ল'কেল। আমি সভ্যতা সংস্কৃতি আৰু দুই এটা বিষয় বাদ দি প্ৰায় সকলো ক্ষেত্ৰতে ল'কেলক প্ৰাধান্য দি আহিছোহক আৰু দি যামেই। লাগিলে যি হয় হৈ থাকক।
আমি খাদ্যৰ ক্ষেত্ৰত সদায় লোকেল মাছ, লোকেল মূৰ্গী, লোকেল কণী আদিক আগস্থান দিও। দাম লাগিলে দুগুণ দিম কিন্তু খাম লোকেলেই।
পানীয়ৰ ক্ষেত্ৰত মিছাটো নকও, বিলাতীক আগস্থান দিও হয়, কিন্তু লোকেলক আমি কেতিয়াও অৱহেলা কৰাৰ উদাহৰণ নাই। উৎসৱে পাৰ্বনে, জনজাতীয় খাদ্য মেলাৰ নামত বা কোনো জনজাতীয় গাঁৱত গলেই আমি লোকেল বিধহে বিচাৰোঁ। ড্ৰাই দে' হলেতো কথাই নাই, লোকেল বেটেৰি পানীও চলি যাই। লোকেলৰ প্ৰতি ইমানেই আমাৰ মৰম!
লোকেলৰ প্ৰতি আমাৰ ইমানেই টান আছে যে যিকোনো কাজিয়া পেছালৰ সময়তো আমি সকলোবোৰ পাহৰি গ'লেও, হিতাহিত জ্ঞান হেৰুৱায় পেলালেও এইটো কবলৈ নাপাহৰো, "আবে চিনি পোৱা নাই মোক কে.., মই লোকেল হয় ইয়াৰ...." 
চাওকচোন আমি লোকেলক লৈ কিমান ভ'কেল।

চাকৰি বাকৰিৰ ক্ষেত্ৰতটো কথাই নাই, যোৰহাটৰ ল'ৰাই শিৱসাগৰত চাকৰি কৰিব নোৱাৰে, কাৰণ সি লোকেল নহয় যে ! জিলা বাদেই দিয়ক কেতিয়াবা জিলাৰ ভিতৰতে 'বেছি লোকেল', 'কম লোকেল'ক লৈ কাজিয়া হয়। সেইবুলি আমি ইমানো স্বাৰ্থপৰ আৰু ৰাষ্ট্ৰীয়তাবাদৰ পৰিপন্থী নহয় যে বিহাৰ বা বেংগলৰ ল'ৰা ছোৱালী আহিলে খেদি পঠিয়াম? অতিথি পৰায়নতাতো আমাৰ নাম আছে নহয় আৰু সেইবাবেই আমি বিহাৰী, মাৰোৱাৰী বা বঙালীকে কিয়, সস্তাত পাই বাবে বাংলা মিঞাকো নিজৰ ঠাইত সংস্থাপন দি আহিছোহক। 'ভ'কেল ফৰ লোকেল'ৰ লগতে 'অতিথি দেৱো ভৱ'টো আমি পৰম বিশ্বাসী🙏

এইকেইদিনত ভ'কেল ফৰ ল'কেল বৰ বেছিকৈ চলা দেখিছোঁ ক'ভিড ভেক্সিনৰ ক্ষেত্ৰত। 
প্ৰথম অৱস্থাত দিনটোত ৰাতিপুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে পৰ দি দি ২-৩ পালি ভেকচিন দি বাকীখিনি পেলাবলগীয়া হোৱাৰ পিছত ক'ভিডত মানুহ মৰা বাঢ়িবলৈ লোৱাৰ সমান্তৰালকৈ বা ততোধিক হাৰত বাঢ়িবলৈ ধৰিলে ক'ৰনা প্ৰতিষেধক টিকা ল'বলৈ বিচৰা মানুহৰ সংখ্যা। হঠাৎ আবিৰ্ভাৱ হোৱা এই পৰিস্থিতিত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। মানুহেই কন্ট্ৰল কৰে নে ভেকচিনেই দিয়ে। ইপিনে দৈনন্দিন কাজিয়া আৰু ৰাইজৰ গুৱাল গালিৰ পাৰিতোষিক বা পুৰষ্কাৰখিনি আছেই। 
শেষ নিশাৰ পৰাই ভেকচিনৰ বাবে অপেক্ষা কৰাটো দৈনন্দিন কাৰ্য্যত পৰিণত হ'ল। সেইখিনিলৈকে ক'বলগীয়া একো নাছিল। সমস্যা তেতিয়া হ'ল যেতিয়া প্ৰতিষেধক প্ৰদান কেন্দ্ৰবোৰ অৱস্থিত অঞ্চলৰ কিছু ৰাইজে ক'ব আৰম্ভ কৰিলে যে আমাৰ 'বেছি লোকেলে' ভেকচিন নোপোৱাকৈ কেনেকৈ বাহিৰা মানুহ আৰু 'কম লোকেলে' ইয়াত ভেকচিন পাব? সেই লৈ খণ্ড যুদ্ধ দুখনমানো হ'ল, আৱেদন-নিৱেদনো চলিল। 'বেছি লোকেল' খিনিয়ে হেনো সংৰক্ষণ পাবই লাগিব প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰত, লাগিলে তেওঁলোক দুপৰীয়াই আহক বা আবেলিয়েই আহক! তেতিয়াহে গম পোৱা গ'ল যে ভেকচিনৰ ক্ষেত্ৰত লোকেলৰ সংজ্ঞাটো অলপ বেলেগ।
কৰক কি কৰে এতিয়া ! স্বাস্থ্য কৰ্মীয়ে এতিয়া প্ৰতিষেধকেই দিয়েনে, ক'ৰনাই ৰুধে নে লোকেলৰেই হিচাপ ৰাখে!!

বাৰু সেইবোৰ যি হয় হৈ থাকক আমাৰ প্ৰয়োজন নাই। মুঠতে এই সকলোখিনিৰ সাৰমৰ্ম এইটোৱেই যে আমি আগৰপৰাই ভ'কেল ফৰ লোকেল আছিলো, আছো আৰু ভ'কেল ফৰ লোকেলেই হৈ থাকিম, লাগিলে যিয়েই নহওঁক কিয়।
ধন্যবাদ 🙏

(এইখন ৰচনা যোৱাবছৰ ক'ভিড ভেকচিনৰ সময়তে লিখা। তেতিয়া পোৱা তিক্ত অভিজ্ঞতাবোৰকে ইয়াত বৰ্ণনা কৰা হৈছে অলপ ৰসাল ভাবে)
*********************************************
©️ বিক্ৰম জ্যোতি বৰদলৈ
📲 ৯৯৫৪৩০৬৬৫৪

Comments

  1. এনে অভিজ্ঞতা আমাৰো হৈছে।বিশেষকৈ আন এখন জিলাত চাকৰি কৰাৰ ক্ষেত্ৰত ।বহু যুঁজ দি হে বুজাব সক্ষম হৈছিল যে আমিও গোলাঘাট নামৰ অসমৰে এখন জিলাৰ হে মানুহ।মঙ্গল গ্ৰহৰ প্ৰাণী নহয়।

    ReplyDelete

Post a Comment

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================