✍️ বেমাৰ হোৱাটো ভাল! (তিনিবছৰ আগৰ এই লেখাটো সময়ৰ আহ্বানত পুনৰ প্ৰকাশ কৰিলোঁ)
'বেমাৰ হোৱাটো ভাল', বেমাৰত পৰিব লাগে।
হয় ঠিকেই পঢ়িছে, মাজে মাজে কেইবছৰমানৰ মূৰে মূৰে আমি বেমাৰত পৰাটো আজিৰ দিনত খুবেই জৰুৰী হৈ পৰিছে। বেমাৰ মানে মই কোনো মাৰাত্মক দূৰাৰোগ্য বেমাৰৰ কথা কোৱা নাই, কিন্তু চাৰি পাচদিনমানৰ বাবে বিচনাত পৰাকৈ জ্বৰ পানী লগা জাতীয় বেমাৰৰ কথাহে কৈছোঁ।
আজিকালি এই যান্ত্ৰিক যুগত আমিবোৰ ইমানেই যন্ত্ৰ হৈ পৰিছোহক যে আনৰ লগত বাদেই দিলোঁ নিজৰ লগতো এষাৰ কথা পাতিবলৈ সময়ৰ অভাৱ হৈ পৰিছে। আৰু নিজৰ মাজত অকনমান সময় যি বিচৰণ কৰিব নোৱাৰে বা নকৰে সি প্ৰকৃতাৰ্থতে যন্ত্ৰলৈ ৰূপান্তৰিত হয়।
আগৰ দিনত মানুহে খেতি খোলা সামৰি বা অইন প্ৰয়োজনীয় কাজখিনি কৰি অ'টাই বাহিৰৰ চোতালতে বা জুহালৰ কাষত বহি সমনীয়াৰ লগত সুখ দুখৰ কথা পাতিছিল আৰু অকলশৰীয়া অৱস্থাত সুবিশাল আকাশৰ মাজত নিজৰ অৱস্থিতি বিচাৰিছিল। এই অভ্যাসৰ বাবেই তেওঁলোকৰ মনবোৰ বহল হৈছিল, মানবীয় গুণবোৰৰ বিকাশ ঘটিছিল।
মাজে মাজে যদি আপুনিও আকাশৰ ফালে একোবাৰ চোৱাৰ অভ্যাস কৰে দেখিব আপোনাৰ মনৰ পৰাও অহংকাৰ ভাব নাইকিয়া হৈছে, আপুনি বুজি উঠিব কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ আপুনি আৰু তাতোকৈ ক্ষুদ্ৰ আপোনাৰ অহংকাৰ।
বৰ্তমানৰ যুগত আগতেই কৈ অহাৰ দৰেই আকাশ চোৱা বাদেই, নিজৰ বিষয়ে ভাৱিবলৈও কাৰো আহৰি নাই। নিজৰ লগতে যি কথা নাপাতে বা পাতিব নাজানে সি আকৌ আনৰ লগত কি কথা পাতিব বা আনৰ বিষয়ে কি ভাবিব ?
ৰাতিপুৱাৰ পৰা মাজনিশালৈকে যন্ত্ৰৰ দৰে ঘূৰি ফুৰা আৰু যন্ত্ৰৰ মাজত বিচৰণ কৰি ফুৰা আমিবোৰৰ সকলো থাকিলেও সময় নাই। আৰু থিক সেই বাবেই কৈছোঁ মাজে সময়ে আমাৰ দুই চাৰিদিনমান বিছনাত পৰাকৈ সৰু সুৰা বেমাৰ হোৱাটো খুবেই জৰুৰী।
এই বেমাৰত পৰা সময়খিনি আত্মোপলব্ধিৰ সময়। দাপোনত নিজৰ মুখ চোৱাৰ সময়, আত্মানুসন্ধানৰ সময়। এইখিনি সময়তে আপুনি গম পাব কিমান ঠুনুকা আপোনাৰ অহংকাৰ আপোনাৰ গৌৰৱ।
পেটৰ বিষত আপুনি কেকাই আছে, ডাঙৰ ডাঙৰ ডাক্তৰৰ লগত আপোনাৰ ঘনিষ্ঠতা আছে, ক'লা বগা টকাৰ বাণ্ডিলেৰে ঘৰ ভৰি আছে। কিন্তু উপশম নাই!
জ্বৰত আপুনি প্ৰলাপ বকিছে। ডাক্তৰে চাই চিতি ঔষধ দি কৈ গৈছে ভাইৰেল এটেক, দুই চাইদিন জ্বৰ থাকিবৈ।
আপুনি কিন্তু ডাঙৰ মানুহ, আপোনাৰ ফোনটোতে চেভ হৈ আছে একদজনমান ডাঙৰ বিষয়া, মন্ত্ৰী, মন্ত্ৰীৰ চামচাৰ ফোন নম্বৰ, কামত আহিছেনে সেই সময়ত?
BP high, sugar high তেনেকুৱাতে আপোনাৰ এনেকুৱা এটা বেমাৰ লম্ভিলে যিটোৰ উপশমৰ দৰৱ আছে কিন্তু আপোনাক দিব নোৱাৰে, আপোনাৰ উপৰোক্ত সেই ৰক্তচাপ আৰু শৰ্কৰাযে বেছি!
আপোনাৰ কিন্তু ল'ৰা ছোৱালী পঢ়িবলৈ পঠাইছে নামী দামী স্কুলত, আপোনাৰ চাৰি পাছটামান ফ্লেটেই আছে য'তে ততে। এইবোৰে আপোনাক সকাহ দিছেনে?
কি ক'লে উপশম পোৱা নাই? সকাহ পোৱা নাই? সেয়াই!
এতিয়া কওকছোন আগৰ দৰেই আপোনাৰ গৌৰৱ অহংকাৰ আছেনে?
ওহোঁ নাই, থাকিবৈ নোৱাৰে।
এইযে আপুনি বহুত দিনৰ মূৰত এনেকৈ বিছনাত পৰি জিৰাই আছে, আপুনি জীৱনটো নতুনকৈ উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে। বহুদিনৰ পুৰণি কথাবোৰ মনলৈ আহিছে। আপুনি নিজৰ লগত কথা পতা আৰম্ভ কৰিব, নিজৰ মাজত আপুনি বিচৰণ কৰিব, আৰম্ভ হব আত্মানুসন্ধান।
আপোনাৰ মনত পৰিব শৈশৱৰ কথা, সৰুতেই এৰি থৈ অহা পুৰণি লগৰীয়াৰ কথা, প্ৰথম প্ৰেমৰ কথা। সুস্থ অৱস্থাত নভবা বা ভাবিবলৈ আহৰি নোপোৱা বহুতো স্মৃতিয়েই দেখিব আপোনাক হেচা মাৰি ধৰিব।
ডিস্ক'ত বহি বা দামী পাবত বহি দামী সুৰাৰ গিলাচ হাতত লৈ 'ডিজে'ৰ কাণৰ পৰ্দা ফালি পেলাব পৰা উচ্চস্বৰৰ পশ্চিমীয়া সংগীত শুনাত অভ্যস্ত আপোনাৰ কান দুখনত দেখোন আজি ভাহি আহিছে সৰুতেই ৰেডিঅ'ত শুনা লোকগীত, দেহবিচাৰ গীতৰ অমিয়া সুৰ। 'দেহৰ ভৰষা নাই...' গীতৰ সুৰৰ মাজতেই বিচাৰি পাইছে আপুনি জীৱনৰ এক অনন্য মাত্ৰা, সেই সুৰৰ মূৰ্চনাতেই আপোনাৰ ঘূমতি আহিছে আৰু ভাগিছে।
বিদেশী ব'ডী স্প্ৰেৰ সুগন্ধত অভ্যস্ত আপোনাৰ নাসিকাত ক'ৰপৰা জানো উৰি আহি লাগিবহি বনৰীয়া ফুলৰ সুবাস।
ক'ৰবাত বিয়া খাবলৈ যাওঁতেযে সৰুতেই আপোনাৰ আয়ে পেৰাৰ পৰা উলিয়াই পিন্ধা কাপোৰযোৰৰ পৰা ওলোৱা সেই সুমধুৰ সুগন্ধ আজি কৰপৰা ভাহি আহিব গমেই নাপাব।
নামী দামী পাৰ্ফিউমৰ লগত অভ্যস্ত আপোনাৰ হঠাৎ নাকত লাগিবহি কেতেকী, চম্পাৰ সুঘ্ৰান, মনেট পাৰ্ফিউমৰ সুগন্ধ। ক'ত পাইছিলোঁ এই সুগন্ধ, এই চিন্তাই আপোনাক বিভোৰ কৰি তুলোতেই মনলৈ আহিব; কেলেই এইয়া জানো তাহানিৰ ফুৰিবলৈ ওলাওতে বা বিহুৰ বতৰত মা দেউতাৰ কাপোৰৰ পৰা ওলোৱা সেই সুগন্ধিয়েই নহয় !
কিয় বা কেনেকৈ আজি এই পুৰণি সুগন্ধ আপোনাৰ নাকত লাগিলহি, যুক্তিৰে বিচাৰি হাবাথুৰি খাব, উত্তৰ কিন্তু নাপাব।
আপুনি উপলব্ধি কৰিব পাৰিব যে ইমানদিনে যিবোৰক লৈ আপুনি গৰ্ব, অহংকাৰ কৰি ফুৰিছিল সেইবোৰৰ মূল্য প্ৰকৃততে একোৱেই নাই।
আপুনিযে ভাবি আহিছিল আপোনাৰ ১০ মিনিট অবিহনে আপোনাৰ অফিচটো বা ব্যৱসায়টো বা পৃথিৱীখনেই অচল হৈ পৰিব, সেয়া জানো প্ৰকৃততে হৈছে ?
ওহোঁ নাই হোৱা, অফিচ ব্যৱসায় পৃথিৱী একেদৰেই চলি আছে।
বিচনাত পৰি পৰি আপোনাৰ কিছুমান কথাত দেখিব হাঁহিহে উঠিব অথচ দুদিন আগলৈকে সেইকেইটা কথায়েই আপোনাৰ নিদ্ৰা হৰণ কৰিছিল। এতিয়াহে আপুনি উপলব্ধি কৰিব পাৰিব যে কথাবোৰ ইমানো জটিল নাছিল!!
ইমানদিনে ভাবি থকাৰ দৰে আপোনাক মানুহে দেখোন ইমান বেয়াও নাপায়। সৌ সিদিনা মাত্ৰ কুকুৰে কাঁইট নোখোৱাকৈ আপুনি গালি পৰাজনো দেখোন আজি আপোনাৰ কাষত, আপোনাৰ আশু আৰোগ্য কামনাৰে।
বিছনাতে পৰি পৰি ভাবি ভাবি আপুনি কৃত্ৰিমতা, যান্ত্ৰিকতাৰ মামৰ গুচাই বিচাৰি উলিয়াব পাৰিব পাৰে মৃতপ্ৰায় আপোনাৰ নিজস্বটোক। আচৰিত হব আপুনি নিজেই নিজকে পুনৰ আৱিষ্কাৰ কৰি, কেতিয়া ইমাননো সলনি হ'ল?
নাজানে, কিন্তু আনন্দ হলে পাব, হেৰাই ঘূৰাই পোৱাৰ।
আৰু যিদিনা আপুনি কেইবাদিনৰ মূৰত সুস্থ হৈ বাহিৰ ওলাব, আপোনাৰ পৃথিৱীখন আগতকৈ অধিক সুন্দৰ যেন লাগিব। নীলাভ মনতোৱে গাঢ় সেউজীয়াখিনি বিচাৰি পাব। মনটো পাতল পাতল লাগিব, সকলোবোৰ সহজ যেন অনুভৱ হব।
লাহে লাহে আপুনি পুনৰ আগৰ ৰুটিনত সোমাই পৰিব, আপুনি লাহে লাহে ব্যস্ত হৈ পৰিব। মুখৰ কোমল হাঁহিটো লুকাই যাব, ৰুক্ষৰ পৰা ৰুক্ষতৰ হৈ পৰিব, পুনৰ আপুনি আগৰ গৰ্ব, অহংকাৰেৰে ভৰপূৰ সেই যন্ত্ৰটোলৈ ৰূপান্তৰিত হব।
সেয়েহে কৈছোঁ
"বেমাৰ হোৱাটো ভাল"।
(পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব, মন খুলি কব দেই 🙏)
(সংযোজন:
কৰ'নাই আমাক সকলোকে নাকত ধৰি চাকত ঘূৰাইছে। নিজৰ মতে এতিয়া আমি একো কৰিব পৰা অৱস্থাত নাই। বহুতো মানুহ এই ৰোগত আক্ৰান্ত হৈছে আৰু সকলো মানুহেই ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। মোৰো চিনাকি ভালেমান ব্যক্তি ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। এই সময়তে দুবছৰ আগতেই লিখা এইটো মনত পৰাত পুনৰ আপডেটাই দিলোঁ, পঢ়ি ভাল পাব ভাবি।
এবাৰ পঢ়ি চাবচোন।)
-------------------------------------------------------------
© বিক্ৰম জ্যোতি বৰদলৈ
📱৯৯৫৪৩০৬৬৫৪
পঢ়ি ভাল পালে ইয়াতেই মন্তব্য দি জনায় যেন, ধন্যবাদ
ReplyDelete