✍️ লংকাকাণ্ড বনাম ৰামৰাজ্য (সাম্প্ৰতিক শ্ৰীলংকাৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ)

      শ্ৰীলঙ্কাত আজি যি হৈছে সেয়া হ'বলগীয়া আছিলেই, কেৱল মাত্ৰ সময়ৰ অপেক্ষাহে আছিল। যিকোনো মানুহৰে সহ্যৰ এটা সীমা থাকে। সকলোৰে বাবে সেই সীমা একে নহয়। আৰু যেতিয়াই অধিকাংশৰ সেই সহ্যৰ সীমা অতিক্ৰম কৰে তেতিয়াই এনে ধৰণৰ গণবিক্ষোভৰ সৃষ্টি হয়। এয়া কোনো দল সংগঠনে মানুহ গোটাই কৰা আন্দোলন নহয় এয়া স্বতঃস্ফুৰ্ত গণজাগৰন। সেয়েহে এই আন্দোলনক কোনো সুবিধাবাদী নেতাই, কোনো সুবিধাবাদী গায়ক, অভিনেতাই বিপথে পৰিচালিত কৰিব নোৱাৰে।

      এনেকৈয়ে ১৭৮৯ চনত ফৰাচী বিপ্লৱৰ সূচনা হৈছিল। মানুহে খাবলৈ নাপালেও হয়তো এনে আন্দোলন নকৰিলেহেঁতেন কিন্তু যেতিয়া সৰ্ব সাধাৰণ ৰাইজে ভোকত পেটৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰে , নিজৰ ল'ৰা ছোৱালী ভোকত কলমতীয়াই মৃত্যু বৰণ কৰে চকুৰ আগত আৰু ঠিক সেই সময়তে তেওঁলোকে দেখা পায় সমাজৰ মুষ্টিমেয় অল্পসংখ্যক মানুহে সমগ্ৰ সা সুবিধাৰে ৰাজকীয় জীৱন কটোৱা, তেতিয়াই আৰম্ভ হয় এনেধৰণৰ বিক্ষোভৰ।
      ফ্ৰান্সটো সেইসময়ত এইধৰণৰ ঘটনাই ঘটিছিল। সাধাৰণ ৰাইজে পেটৰ ভোকত মৃত্যু বৰণ কৰিছিল আৰু ৰাজপৰিয়াল তথা তেওঁলোকৰ চাতুকাৰ এক শ্ৰেণীৰ অভিজাত সমাজে সকলো দেখিও নেদেখাৰ ভাও ধৰি লাহ বিলাসৰ জীৱন কটাইছিল। প্ৰজাৰ কথা এবাৰো নাভাবি প্ৰজাৰ ওপৰত বৰ্ধিত কৰৰ বোজা জাপি দি সেই ধনেৰে তেওঁলোকে নিজৰ ভোগ বিলাস পূৰ্ণ কৰিছিল।
ফলত কি হৈছিল সেয়া সকলোৱেই জানে। জনতা আন্দোলন আৰম্ভ হৈছিল। জনতাই সকলো এফালৰ পৰা দখল কৰি গৈছিল। ঠিক এতিয়াৰ শ্ৰীলংকাৰ দৰেই। বুঁৰ্ব (Bourbon) ৰাজপৰিয়ালৰ প্ৰায় সকলো সদস্যকে জনতাই ধৰি আনি জনতাৰ আদালতত বিচাৰ কৰি গিল'টিনত শিৰচ্ছেদ কৰি হত্যা কৰিছিল। লগতে জনতাই সন্দেহ কৰা সকলোকে উলিয়াই আনি ৰাজহুৱা স্থানত পাতি লোৱা গিল'টিনত সকলোৰে এফালৰ পৰা মুণ্ডচ্ছেদ কৰি গৈছিল। শেহলৈ পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে দোষী নিৰ্দোষী বাচ বিচাৰ নকৰাকৈ বা কাৰোবাৰ ব্যক্তিগত শত্ৰুতাৰ বাবেও বহুতে প্ৰাণ বিসৰ্জন দিব লগীয়া হৈছিল।
বিপ্লৱৰ নেতৃত্বৰ সঘনাই পৰিৱৰ্তন ঘটিছিল। এদিন নেতৃত্ব লোৱাসকল হয়তো কেইদিনমানৰ পাছতে গিল'টিনত নিজৰ মুণ্ড বিসৰ্জন দি নতুন নেতৃত্বক বাট এৰি দিব লগীয়া হৈছিল। মুঠতে কেউফালে অৰাজকতাই বিৰাজ কৰিছিল। নাপঁলেয় বোনাপাৰ্টে দ্বায়িত্ব লোৱাৰ আগলৈকে কেইবছৰমানৰ ভিতৰতে ভালেকেইখন চৰকাৰৰ গঠন হৈছিল আৰু পতনো হৈছিল। কিমানে প্ৰাণ হেৰুৱাইছিলে তাৰ কোনো হিচাপ নাছিল। আজি ৰাষ্ট্ৰৰ মুৰব্বী হৈ থকা জনেও নাজানিছিল কাইলৈ তেওঁ জীবিত থাকিবনে নাই। এনে অৱস্থাৰ পৰা ফ্ৰান্সক উদ্ধাৰ কৰিছিল নাপলেঁয় বোনাপাৰ্টে।

      এতিয়া শ্ৰীলংকাৰ পৰিৱেশো একেই। জনজাগৰণৰ কোবত উত্তাল হৈ পৰিছে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখন। সাধাৰণ নাগৰিকৰ লগতে হত্যাৰ বলি হৈছে সাংসদ, ৰাজনৈতিক নেতা। ৰাষ্ট্ৰপতিৰ ঘৰ জলাই দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহ জলাই দিয়া হৈছে। ৰাষ্ট্ৰপতি ভবন জনতাই দখল কৰি যি মন যায় তাকে কৰিছে। ৰাষ্ট্ৰপতি পলাই ফুৰিছে। সকলোৰে দাবী একেটাই ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পদত্যাগ। কাৰণবোৰ একেই, দেশৰ অৰ্থনৈতিক শোচনীয় অৱস্থা। বিদেশী ঋণৰ বোজাত পোত খাই আজিৰ শ্ৰীলংকাৰ এই দেউলীয়া অৱস্থা। হকে বিহকে য'ৰে ত'ৰে পৰা ঋণ লোৱাৰ পৰিণতিত এই অৱস্থা। 
আচলতে এখন দেশৰ অৰ্থনৈতিক বিষয়বোৰ ইমানো জটিল নহয় যিমান জটিলকৈ দেখুওৱা হয়। সাধাৰণ ভাষাত কবলৈ গ'লে ঋণৰ কাৰবাৰটো আমাৰ সাধাৰণ লোকে লোৱাৰ নিচিনাই। আপুনি ঋণ লৈছে বজাৰৰ পৰা উচ্চ হাৰৰ সুদত ঠিক কাবুলিৱালাৰ পৰা লোৱাৰ নিচিনাই। ঋণটো ললেই উচ্চ হাৰৰ সুতত, আৰু সেই ধাৰ যদি আপুনি ব্যৱহাৰ কৰে লাহ বিলাসৰ সামগ্ৰী কিনাত কোনো উৎপাদনশীল কামত নহয় তেন্তে চিন্তা কৰক কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বন্ধন বেংকৰ ঋণ লৈ বহুতে দামি মোবাইল ফোন, বাইক, গাড়ী কিনি এসময়ত কি অৱস্থা হৈছিল সেয়া সকলোৰে মনত আছে। বহুতেই আত্মহত্যাৰ পথ বাছি লৈছিল। অৱশেষত যেনিবা নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখি বৰ্তমানৰ চৰকাৰে সেই ঋণ মাফ কৰাতহে বহুতে সকাহ পাইছে (অৱশ্যে এই ঋণ মাফ কৰিবলৈ চৰকাৰে বা কি ধৰণৰ ঋণ লৈছে নাজানো)। 
বৰ্তমান বিশ্বৰ অৰ্থনীতিত চীনে এই কাবুলিৱালাৰ ভূমিকা পালন কৰিছে আৰু বৰ্তমান ভালেমান দেশৰ ক্ষমতা আওপকীয়াকৈ চীনে এই ঋণৰ বিনিময়তে দখল কৰিছে। 

      সহজ ভাষাত ক'ব গ'লে শ্ৰীলংকাৰো বৰ্তমান এই একেটা অৱস্থাই হৈছে। সহজতে পাই ধাৰ লৈ সেয়া ৰাজনৈতিক নেতৃত্বই নিজৰ লাহ বিলাসত ব্যয় কৰি দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ পিছত যেতিয়া সৰ্ব সাধাৰণ ৰাইজে পেটৰ ভাতমুঠিও যোগাৰ কৰিব নোৱাৰা হ'ল তেতিয়াই ইমান দিনে গোট খাই থকা চেপা উত্তেজনাৰ, ৰাইজৰ খঙৰ বিস্ফোৰণ ঘটে আৰু বৰ্তমান সেই বিষ্ফোৰক পৰিস্থিতিয়েই বিৰাজ কৰি আছে।
ৰাষ্ট্ৰপতি ভৱন ৰাইজে দখল কৰি তাত উদ্ধাৰ কৰিছে শ শ কোটিৰ বিদেশী মুদ্ৰা। এই ভৱনৰ ইতিমধ্যেই ব্যাপক ক্ষতি সাধন কৰিছেই। 
কিন্তু এনে স্বতঃস্ফুৰ্ত গণজাগৰনৰ এটা ডাঙৰ নঞৰ্থক দিশো আছে, সেইটো হৈছে উচিত নেতৃত্বৰ অভাৱ। উপৰত উল্লেখ কৰি অহা ফৰাচী বিপ্লৱৰ দৰেই এটা সময়ত এনে জনজাগৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু কাৰো নিয়ন্ত্ৰণত নাথাকে। বিভিন্ন নেতৃত্ব ওলাই যদিও সকলোৰে উদ্দেশ্য আৰু স্বাৰ্থ বেলেগ বেলেগ হয়। ৰাইজ ইতিমধ্যে বিষ্ফোৰিত হৈয়েই আছে আৰু এনে সময়তে তেওঁলোকে সন্দেহজনক কাকোয়েই ৰেহাই নিদিয়ে। এতিয়া শ্ৰীলংকাৰ সাম্প্ৰতিক অৱস্থাৰ কেনেধৰণে সমাধান হয় সেয়া সময়েহে ক'ব আৰু ই সকলোৰে বাবেই এক শিক্ষাত পৰিণত হ'ব বা হোৱাটো উচিত।

      বহুতে এতিয়া কবলৈ আৰম্ভ কৰিছে যে ভাৰতৰো অৱস্থা শ্ৰীলংকাৰ দৰেই হ'বলৈ গৈ আছে। তাৰ কাৰণ হিচাপে তেওঁলোকে আঙুলিয়াই দিছে হিতাধিকাৰী ৰাজনীতিক আৰু অপ্ৰয়োজনীয় কিছুমান বৃহৎ পৰিমাণৰ খৰচক। বিশেষকৈ ধাৰ লৈ অনুৎপাদনশীল কৰ্মত খৰচ কৰিলে সমস্যা যে আহিবই সি নিশ্চিত। কিন্তু মই নাভাবো যে অতি সোনকালেই ভাৰতৰ গতি শ্ৰীলংকাৰ দৰে হ'ব। তাৰ কাৰণ হৈছে ভাৰতৰ গণতান্ত্ৰিক ব্যবস্থাপনাই হওক বা অৰ্থনৈতিক কাঠামোৱেই হওক সেই বিলাকৰ ভেটিটো ইমান সৱলকৈ আগৰসকলে বনাই থৈ গৈছে যে ইয়াক ভাঙিব পৰা হ'ব যদিও যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। তদুপৰি আমাৰ পূৰ্ব প্ৰজন্মই আমাৰ বাবে ইমানেই সম্পদ গঢ়ি আৰু ঘটি থৈ গৈছে যে সেইবোৰ বিক্ৰী কৰি মেলি খালেও বহুবছৰ চলিব পৰা হ'ব 🤓। 
      সেয়েহে মই নাভাবো যে শীঘ্ৰেই আমাৰ বাবে ডাঙৰ কিবা সমস্যা আহিব বুলি। কিন্তু সেইবুলিয়েই এইটো ভবাটোও ভুল হ'ব যে আমি একেবাৰে নিষ্কন্টক হৈ আছোহক। যদিহে এই হিতাধিকাৰী ৰাজনীতি আৰু অনুৎপাদনশীল ব্যয় কৰ্তন নকৰে তেন্তে এদিন আমাৰো অৱস্থা শোচনীয় হ'ব যে সি ধূৰুপ। ইতিমধ্যে ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ চলোৱা এটা জৰীপটো এই কথা প্ৰকাশ পাইছে যে ইতিমধ্যেই ভাৰতৰ ১০ খন ৰাজ্য বিশাল ধাৰত পোত খাই আছে আৰু এই ধাৰৰ মুখ্য কাৰনেই হৈছে ফ্ৰীবিজ, অৰ্থাৎ বিনামূলীয়াকৈ চৰকাৰে যোগান ধৰা সামগ্ৰী। কেইখনমান ৰাজ্যৰটো  মুঠ ৰাজ্যিক উৎপাদনতকৈও এই ধাৰৰ পৰিমাণ বেছি। আৰু কেইখনমান ৰাজ্যই মুঠ আয়ৰ ৯০ শতাংশ ব্যয় কৰিছে হিতাধিকাৰী ৰাজনীতিত। অৰ্থাৎ কবলৈ গলে এইকেইখন ৰাজ্যৰ অৱস্থা বৰ্তমানে শ্ৰীলংকাৰ দৰেই হৈছেগৈ। আৰু এইদৰেই যদি ৰাজ্য বাঢ়ি গৈ থাকে তেন্তে সমগ্ৰ দেশখনৰ অৱস্থাই এই ৰূপ ধাৰণ কৰিব। লগতে ৰিজাৰ্ভ বেংকে শ্ৰীলংকাৰ পৰিস্থিতিৰ পৰা শিক্ষা লবলৈও সকলোকে আহ্বান জনাইছে।

      তদুপৰি এইখিনিতে এটা কথা ক'বই লাগিব যে ক'ভিডে সমগ্ৰ বিশ্বৰ অৰ্থনীতিকে ধ্বংস কৰি যোৱাৰ সময়ত ভাৰততো ইয়াৰ প্ৰভাৱ স্বাভাবিকতে পৰিছে আৰু এই দুৰ্দিনৰ পৰা মুক্ত হ'বলৈ যথেষ্ট সময়ৰো প্ৰয়োজন। কিন্তু ইয়াত মই ক'বলৈ বিচৰা কথাটো হ'ল যে ক'ভিডৰ সময়ৰ পৰাই আমাৰ বহু যুৱক যুৱতী কৰ্মবিহীন হৈ পৰিল। আৰু এই সকলৰ সংখ্যা বৰ তাকৰ মুঠেই নহয়। এনেদৰে হঠাতে কৰ্মসংস্থাপন হেৰুৱায় সেইসকলৰ বহুতৰে পানীত হাহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল আৰু বহুতেই এনে সময়তে বিপথে পৰিচালিত হৈ বহুতো সমাজৰ ক্ষতিকাৰক কামতো হাত দিছে। কোনো পৰিসংখ্যা অৱিহনেই আপুনি নিজেই অনুভৱ কৰিব পাৰিব ক'ভিডৰ আগৰ আৰু পাছৰ অপৰাধমূলক কাৰ্যৰ উৰ্ধগামী গ্ৰাফদাল। এনেধৰণৰ বহুতো নৱপ্ৰজন্ময়ো এখন সমাজৰ সুষ্ঠিৰ পৰিৱেশ এটাক অষ্ঠিৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

      শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আন এটা সিদ্ধান্তই যে সুদুৰপ্ৰসাৰী ভূমিকা পালন কৰিব সি নিশ্চিত। শেহতীয়াকৈ 'অগ্নিপথ' আঁচনিৰ জড়িয়তে সামৰিক বিভাগত যি হ্ৰস্বকালিন নিযুক্তিৰ ব্যৱস্থা কৰিছে ই এসময়ত কেনে ৰূপ ধাৰণ কৰে সেয়া সময়েহে ক'ব। এটা সময়ত যেতিয়া অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ সম্পূৰ্ণ সামৰিক প্ৰশিক্ষণ লৈ দেশৰ বাবে নিজৰ সোণালী সময়খিনি দিয়াৰ পিছত যদিহে সেই একেখিনি যুৱকেই কেইবছৰমানৰ পিছতেই নিবনুৱা হৈ পৰে তেতিয়াহলে কল্পনা কৰক কেনে এক ভয়ংকৰ দিনলৈ আমি গতি কৰিছোহক। অৱশ্যে চৰকাৰে ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে এই 'অগ্নিবীৰ' সকলক পিছত বেলেগত সংস্থাপিত কৰাৰ। সেয়া হ'লে খুবেই ভাল কথা।

      কিন্তু ওপৰৰ এই দুটা বিষয় এই বাবেই অৱতাৰনা কৰিব লগা হ'ল যে এখন দেশ বা সমাজ কেৱল আৰ্থিক কাৰণতেই অস্থিৰ হ'ব তেনে কোনো কথা নাই। এনেবোৰ বহু কাৰক থাকে যাৰ ফলশ্ৰুতিতে এদিন আগ্নেয়গিৰিৰ উদ্গীৰণ হোৱাৰ দৰে জনজাগৰণৰ সৃষ্টি হয়। আৰু এনে কিছুমান কাৰকৰ বাবে হয়তো এদিন ভাৰতৰো অৱস্থা শ্ৰীলংকাৰ দৰেই হ'বও পাৰে, তাকো হয়তো ভবাতকৈ বহু সোনকালেই।

      পুনৰ শ্ৰীলংকাৰ সাম্প্ৰতিক অৱস্থালৈ আহো। শ্ৰীলংকাৰ এসময়ৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল সেইসময়ৰ পৃথিৱীৰ আটাইতকৈ শক্তিশালী সংগঠন LTTE। বৰ্তমানৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে তেওঁৰ জেষ্ঠ্য ভাতৃ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত ৰক্ষা সচিব হৈ আছিল। আৰু এই সময়তেই কবলৈ গলে তেওঁৰ নেতৃত্বতেই শ্ৰীলংকাৰ সামৰিক বাহিনীয়ে LTTEক সম্পূৰ্ণ ৰূপে ধ্বংস কৰাত সফলতা লাভ কৰিছিল। কিমান হিংস্ৰ আছিল সেই আক্ৰমণ সেয়া ভাবিবৈ নোৱাৰি। তামিল মানেই নৃশংস হত্যাৰ বলি হৈছিল। যাই কি নহওক এই সফলতাই ৰাজাপাক্ষেক হিৰ' সজাই তুলিলে আৰু তেতিয়াৰ পৰাই সমগ্ৰ দ্বীপৰাষ্ট্ৰখন ৰাজাপাক্ষে পৰিয়ালৰ ব্যক্তিগত সম্পত্তিৰ দৰেই হ'ল। সংখ্যাগৰিষ্ঠ সিংহলী সকলেও এই পৰিস্থিতিত ৰাজাপাক্ষেক সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়। দিন বাগৰাৰ লগে লগে চৰকাৰে নীতিৰো আমূল পৰিবৰ্তন সাধন কৰে। হকে বিহকে ধাৰ লোৱাৰ লগতে নভবা নিচিন্তাকৈ কোনো সঠিক পৰামৰ্শ পৰিকল্পনা অৱিহনেই একে ৰাতিতেই বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল আৰু যিবোৰ পৰৱৰ্তীকালত সম্পূৰ্ণ ভুল প্ৰমাণিত হৈছিল। এইবোৰ কৰাৰ সমান্তৰালকৈ তেওঁলোকে আৰু এটা কাম কৰিছিল সেইটো হৈছে মানুহৰ মাজত ধৰ্মৰ যোগেদি বিভেদ অনাৰ। আমাৰ এই ভাৰত উপমহাদেশৰ ৰাইজক আটাইতকৈ সহজে বস মনাই ৰাখিব পৰা উপায়টোৱেই হৈছে ধৰ্মৰ আফিং খুৱাই দিয়াটো।

      ৰাজাপাক্ষে পৰিয়ালৰ চৰকাৰে এই কামটো সঠিককৈ কৰি গৈছিল যাৰ ফলত সংখ্যালঘু মুছলমান, খ্ৰীষ্টান, তামিল আদিবোৰৰ ওপৰত যথেষ্ট অত্যাচাৰ চলিল। মানুহৰ আন বিষয়বোৰৰ প্ৰতি নিষ্ক্ৰিয়তাৰ সুযোগ লৈয়েই এই পৰিয়ালৰ চৰকাৰে নিজৰ ইচ্ছাৰে দেশ চলাই গৈছিল। কোনো বিৰোধী বা জনা বুজা বুদ্ধিজীৱীয়ে কিবা দোষ আঙুলিয়াই দিব খুজিলেই তেওঁলোকক জেললৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল। বহুতৰে ওপৰত মানসিক আৰু শাৰিৰীক অত্যাচাৰ চলাইছিল আৰু বহুতো সচেতন নাগৰিকৰে সন্ধান পোৱা নগৈছিল। এনেদৰে যদিও গণতান্ত্ৰিক ব্যবস্থা কিন্তু তেওঁলোকে কৌশলেৰে চলাই গৈছিল স্বৈৰাছাৰীবাদ, একনায়কত্ববাদ।

      কিন্তু ওপৰত কৈ অহাৰ দৰেই সকলোৰে এটা সহ্যৰ সীমা থাকে আৰু সেই সীমা অতিক্ৰম কৰিলেই ৰাইজে মৰিবলৈ ভয় নকৰি ৰাজপথলৈ ওলাই আহে। বৰ্তমান সেইটোৱেই হৈ আছে শ্ৰীলংকাত।

      যদিও বহু ক্ষেত্ৰত শ্ৰীলংকাৰ লগত আমাৰ মিল আছে তথাপিও আশা কৰো যাতে অদূৰ ভৱিষ্যতেও এনে দিনৰ দূৰ্ভাগ্য আমাৰ নহয়। ভাৰতবৰ্ষ বিশ্বৰ বুকুত সদায়েই শক্তিশালী হৈয়েই জিলিকি থাকক।
ধন্যবাদ 🙏
---------------------------------------------------
©️ বিক্ৰম জ্যোতি বৰদলৈ
📲 ৯৯৫৪৩০৬৬৫৪

Comments

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================