✍️ কুবলাই খাঁ।


      ছেমুৱেল টেইলৰ কলেৰিজে ৰচনা কৰা আৰু ইংৰাজী সাহিত্যৰ এটা বিখ্যাত কবিতা হৈছে কুবলা খাঁ। ইয়াক আন দুটা উপনামেৰেও জনা যায়। A Vision in a dream আৰু A fragment। ১৭৯৭ চনত ৰচিত এই কবিতাটো প্ৰকাশিত হৈছিল ১৮১৬ চনতহে। 

      এই কবিতাটোকলৈ এটা কাহিনী আছে যিটো বহুতেই জানে বিশেষকৈ ইংৰাজী সাহিত্যৰ ছাত্ৰই।
সেইসময়ৰ ইংৰাজী সাহিত্যৰ কবিসকলৰ প্ৰায়সংখ্যকেই নিচাত মগ্ন হৈ বিশ্বৰ বিখ্যাত কবিতা সমূহ লিখিছিল বিশেষকৈ আফিংৰ নিচাত। 

      এদিন কলেৰিজে কুবলাই খাঁৰ দ্বাৰা স্থাপিত তেওঁৰ ৰাজধানী চহৰখনৰ বিষয়ে এটা লেখা পঢ়ি থাকোতেই আফিঙৰ নিচাতে টোপনিত পৰিল। আৰু টোপনিতে এই কবিতাটো সৃষ্টি হৈছিল, অৱশ্যে ইয়াতকৈও অধিক সুন্দৰকৈ।
      সাৰ পাই উঠি কলেৰিজে সপোনৰ কবিতাটোৰ পংক্তি বিলাক লিখিবলৈ একান্ত মনে বহি যায়।
      ২০০ৰ পৰা ৩০০ লাইন মানৰ এই স্বপ্নৰ কবিতাটোৰ কেৱল ৫০ শাৰীমান লিখাৰ সময়তেই ওচৰৰ গাঁৱৰ এজন ব্যক্তি আহি কলেৰিজৰ লগত প্ৰায় এঘন্টামান সময় অতিবাহিত কৰে।

      ব্যক্তিজনক বিদায় দি পুনৰ কবিতাটো লিখিবলৈ বহি দেখে যে তেওঁৰ স্মৃতিৰ পৰা ইতিমধ্যেই প্ৰায়খিনি পংক্তিয়েই আতৰি গ'ল। তথাপিও চেষ্টা কৰি কোনোমতে চাৰি শাৰীমান লিখি কবিতাটো তাতেই সামৰনি মাৰে আৰু প্ৰকাশ নকৰি থৈ দিয়ে। সেয়েহে ইয়াক আধৰুৱা কৱিতা বোলা হয়।
      পিছত লৰ্ড বাইৰনে ১৮১৬ চনত ইয়াক প্ৰকাশ কৰে।

      প্ৰকাশৰ পিছত প্ৰথমে ইয়াৰ জনপ্ৰিয়তা ইমান নাছিল। দুই এটা সমালোচনাৰ বাহিৰে বিশেষ একো নাছিল। ‌‌‌‌‌‌‌‌‌‌‌‌‌‌লাহে লাহে ইয়াৰ জনপ্ৰিয়তা বাঢ়িবলৈ আৰম্ভ কৰে আৰু এতিয়াও এই জনপ্ৰিয়তা অক্ষুণ্ণ আছে লগতে অক্ষুণ্ণ আছে ইয়াক লৈ কৰা গৱেষণা।
----------------------------------------------------------
©️ বিক্ৰম জ্যোতি বৰদলৈ

Comments

  1. ভাল লাগিল পঢ়ি

    ReplyDelete

Post a Comment

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================