✍️ কথা কোৱা কলা ✍️✍️✍️*****************************


" .......তামোল গছৰ পৰা হাতেৰেই তামোল ছিঙি আনিব পৰা বিয়াগোম ওখ ওখ নিগ্ৰো আমেৰিকান মিলিটেৰীবোৰ তেতিয়া দেৰগাঁৱৰ স্কুলৰ ফিল্ডতেই কেম্প পাতি আছিল, মই তেতিয়া স্কুলীয়া ছাত্র। গৰু ছৰাব যাওঁতে আমেৰিকান সৈনিকে লগ পালে আমাক লুজেন খাবলৈ দিয়ে। সেই কেণ্ডীবোৰৰে নাম আছিল মৰ্টন, আজিকালি আকৌ তোমালোকে সকলো কেণ্ডীকে মৰ্টন কৰিয়েই পেলালা নহয়....."।  

এইদৰেই বৰ্ত্তাই কাহিনী এটা আৰম্ভ কৰে। মন কৰিবছোন কিছুমান মানুহে কথা বা কাহিনী এটা ক'লে শুনি কিমান ভাল লাগে, অথচ সেই একেটা কথাকে হয়তো বেলেগ এজনে কলে ভাল লগাটো দূৰৰে কথা, খংহে উঠে। কথা কোৱাটো আছলতে এটা কলা। সৰু সৰু কথা কিছুমানকে কিমান যে ৰস লগাই কব পাৰে। এনে ধৰণৰ ৰসিক বক্তা প্ৰায় সকলো চুবুৰী বা অঞ্চলতে এজন হ'লেও থাকে। আমাৰ অঞ্চলতো তেনে এজন ব্যক্তি আছিল, সেয়াই হৈছে এইজন আমাৰ সকলোৰে সমজুৱা বৰ্ত্তা। 
লংপেন্ট, ছাৰ্ট পৰিহিত বৰ্ত্তা এজন উচ্চশিক্ষিত আৰু উচ্চ খাপৰ পদৱীৰ পৰা অৱসৰ লোৱা সামাজিক কামত জঢ়িত ব্যক্তি। সভাই সমিতিয়েও তেখেতক মাতে, অতি সুন্দৰ ভাষণ দিয়ে, একেবাৰে সভাশুৱনী ব্যক্তি। 
তেখেতে যেতিয়া তেখেতৰ দিনৰ কাহিনী কয়, বিস্বাস কৰক আপুনি তেতিয়া কানেৰে কাহিনী নুশুনে, আপোনাৰ চকুৰ আগত কাহিনী ভাহি উঠিব ঠিক নাটকৰ দৰে। কাহিনীৰ মাজত আপুনি এনেদৰে সোমাই পৰিব যেন আপুনিও সেই কাহিনীৰেই এটা অংশহে। 
বহুতে কয় বোলে তেখেতে কোৱা কাহিনীবোৰৰ সকলোখিনি সচাঁ নহয়, ৰহন লগাই কোৱা কল্প কাহিনীহে। কিন্তু তেওঁৰ কথন শৈলী এনে মনোমোহা যে কোনেও তাৰ মাজত থকা ত্ৰুটিবোৰ নুখুছৰে বা ধৰিবৈ নোৱাৰে। 
ধৰি লওক তেওঁ বিশ্বযুদ্ধৰ কথা কৈ আছে (ওপৰত আৰম্ভ কৰা কাহিনীটোৱেই যেনিবা)। তেওঁ তেতিয়া থুলমূল কাহিনী নকয়, দিব বিশদ বিৱৰণ। 

"................ সেইদিনা আছিল আহিন মাহৰ ১৫ তাৰিখ ৰৱিবাৰ, ইংৰাজী ছেপ্টেম্বৰৰ ৩১ তাৰিখ, খ্ৰীষ্টিয়ান চাহাববোৰ ৰাতিপুৱা দেওবৰীয়া প্ৰাৰ্থনাত ব্যস্ত। বতৰটো গোমা, শৰৎ ঋতু যদিও গুপগুপীয়া গৰম। 
আহিল নহয় তেনেতে জাপানী Imperial Airforceৰ একডজনমান বিয়াগোম বোমাৰু বিমান। প্লেনবিলাকৰ গাত থকা ৰঙা ৰঙা গোল বেলিটোৰ দৰে প্ৰতীকবোৰ তলৰ পৰাই স্পষ্টকৈ জিলিকিছিল। ছাইৰেন বাজি উঠিল, মূহুৰ্ততে আৰম্ভ হৈ গল বোমাবৰ্ষন, গুলিয়াগুলি। মই আৰু মোৰ ডাঙৰ বৰ্ত্তাই য'ৰ গৰু ততে এৰি প্ৰাণটাকি ঢাপলি মেলিলো জংঘলৰ পিনে, ঠিক তেনেতে আমাৰ কাষতে পৰিলহি এটা প্ৰকাণ্ড ব'ম ..........."

ঠিক এইদৰেই তেখেতে দিন বাৰ ঘন্টা কৈ ঘটনাবিলাকৰ স্বাক্ষুষ বিৱৰণ দি যায় ঘন্টাৰ পিছত ঘন্টা। আৰু আপুনিও কেতিয়ানো নিজে কাহিনীৰ অংশ হৈ নিজকে জাপানী বোমাবৰ্ষনৰ পৰা বচাবলৈ প্ৰানটাকি দৌৰি ফুৰে গমেই নাপায়।  🤡

বাদ বাকী জাপানী এয়াৰফৰ্চৰ নামটো বৰ্ত্তাই শুদ্ধই ক'লেনে ভুলেই কলে বা দেৰগাঁৱত কেতিয়াবা জাপানীয়ে জানো আক্ৰমণ কৰিছিলে বা জাপানী বিমান বাহিনীৰ প্ৰতীক চিহ্ন সচাকৈয়ে ৰঙা বেলিটোৰ দৰে আছিলনে নাই সেইবোৰ ভবাটো দূৰৈৰে কথা, বৰ্ত্তাই যে দিন বাৰ উল্লেখ কৰি কাহিনীটো কওতে ত্ৰিশ দিনীয়া ছেপ্টেম্বৰ মাহটোকে একত্ৰিশ দিনীয়া কৰি পেলালে সেইটোও আপোনাৰ মনলৈ নাহে বা ধৰিব নোৱাৰে!! 😊

এইয়াই হৈছে আমাৰ বাগ্মীবৰ বৰ্ত্তা আৰু কথা কোৱা শিল্প। ✍️✍️✍️✍️
----------------------------------------------------
©️ বিক্ৰম জ্যোতি বৰদলৈ 

Comments

Post a Comment

Popular posts from this blog

✍️চাহিত্ব চাভা🤑🤑🤑

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

আদা বেপাৰীক জাহাজৰ খবৰ!===========================