✍️ On saying please
নৱম নে দশম শ্ৰেণীৰ পাঠ্যক্ৰমত পঢ়িবলৈ পাইছিলো A.G Gardiner ৰ এখন ৰচনা যাৰ শিৰোনাম আছিল ওপৰত উল্লেখিত ' On saying please' । প্ৰৱন্ধটোত কি আছিল এতিয়া মোৰ মনত সম্পূৰ্ণকৈ নাই যিহেতু আজিকালি মোৰ কথা পাহৰাটো বৰ বেছি হৈ পৰিছে। তথাপিও প্ৰৱন্ধটোৰ দুই এটা কথা পাহৰিব পৰা নাই বা পাহৰিব পৰা নহয়। গাৰ্দিনাৰে এই প্ৰৱন্ধটোত প্ৰধানকৈ গুৰুত্ব দিছিল শিষ্টাচাৰৰ বিষয়ে। কেনেকৈ সামান্য এষাৰ কথাই সমগ্ৰ বিষয়বস্তু সলনি কৰি দিব পাৰে। উদাহৰণ স্বৰূপে তেওঁ উল্লেখ কৰিছিল এজন লিফ্টমেনৰ কথাৰে। এষাৰ ভাল মাত বা কেৱল মাত্ৰ এটা শব্দ প্লীজ বা ধন্যবাদ ব্যৱহাৰ কৰিলেই লিফ্টমেনজন কিমান সন্তুষ্ট হ'লহেতেন! আৰু কিবা উদাহৰণেৰে লেখকে বৰ্তমানৰ এখন সভ্য সমাজত শিষ্টাচাৰৰ কিমান প্ৰয়োজন মূলতঃ এইখিনি কথাকে হয়তো বুজাবলৈ চেষ্টা কৰিছিল। এটা এটা শব্দই এখন সমাজত কিমান সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে সেয়া অকল্পনীয়। কিমান ডাঙৰ ডাঙৰ সমস্যা কেৱল এষাৰ-দুৱাষাৰ মৃদু কথাই পলকতে সমাধান কৰিব পাৰে সেয়াও কল্পনাতীত । আজিকালি ডিজিটেল যুগত কিতাপ পত্ৰ পঢ়া মানুহৰ সংখ্যা তেনেই নগণ্য, বিশেষকৈ নৱপ্ৰজন্মৰ মাজত। এতিয়া এই প্ৰবন্ধটো...