Posts

কঙালি বিহুৰ শুভেচ্ছা

কাতি বিহুৰনো কি শুভেচ্ছা জনাম,  মোৰ নিছিনাবোৰৰ সদায়েই 'কঙাল' 'কঙাল' feel এটা দেখোন থাকেই! মাহৰ ১-২ তাৰিখে ভালেই দেখোন থাকে, বেক পকেটটো অলপ ফুলিও থাকে, মানে ফুলায়েই ৰাখোঁ, ৰাইজে সেইবোৰ মণ নকৰে জানি  ভিৰৰ মাজত নিজেই পাৰ্ছটো ওলিয়াই ডাঙৰকৈ কও,  "চাল্লা এই শকত পাৰ্ছবোৰেই মোৰ ছায়টিকা পেইন কৰিছে"!! ৯-১০ তাৰিখমানলৈ ঠিকেই থাকে মিছা ক'লে কিডাল হ'ব- টিপ টপ ড্ৰেছত  'আম্বানী', আম্বানী ফিল এটাও আহে ! তাৰ পিছৰ পৰাহে জানো কাৰ 'নজৰ' লাগে!! উপাধিটোহে একে থাকে ফিলটো কিন্তু  মুকেশৰ নাহে, 'অনিল'ৰহে লাগে!!! ইফালে যাব নোৱাৰি, সিফালে যাব নোৱাৰি চবকে কেৱল মোৰ পইছা সোপাহে যেন লাগে,  ম'বাইলৰ কথানো কি ক'ম! পঞ্চাশটা কল আৰু মেছেজৰ পঞ্চলিছটাই কেৱল কঢ়িয়াই আনে বাৰ্তা ল' বেলেঞ্চৰ  আৰু বাকী কেইটাই ই এম আই বিচাৰে,  CIBILৰ ধমক দিয়ে !! সৰুতেযে পঢ়িছিলোঁ  "কাতি বিহু কঙালি মাঘৰ বিহু ভোগালী বহাগ বিহু ৰঙালী" পিছে কিয় জানো মোৰযে  কঙালিতে লাগি ধৰিলে আগবাঢ়িবৈ নোৱাৰিলোঁ  পাছৰ শাৰীলৈ। সেয়াই জীৱন  মোৰ। প্ৰথমতে কৈছিলোয়েই কঙালি বিহুৰনো কি শুভেচ্...

সুধা মূৰ্তি- বহুতৰে আদৰ্শ, প্ৰেৰণাৰ উৎস।

     অলপদিনৰ আগতে বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি দেখিছিলো সেইবাৰৰ কপিল শৰ্মা শ্ব'ৰ এগৰাকী অতিথি হ'ব পদ্মভূষণ সন্মানেৰে সন্মানিত সুধা মূৰ্তি। অনুষ্ঠানটোৰ প্ৰচাৰ হৈ গ'ল নিশ্চয়, যদিও মোৰ কতো ক্লিপ এটাও চাবলৈ নহ'ল। এতেকে সেই অনুষ্ঠানত মূৰ্তিয়ে কি ক'লে বা নকলে মই নাজানো কিন্তু ই মোক আকৌ মনত পেলাই দিলে এইগৰাকী সমাজ সেৱী, মানৱ হিতৈষী, বিশিষ্ট লেখিকা, অভিযন্তা, গণিতজ্ঞ, ইনফ'ছিছৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য, ইনফ'ছিছ ফাউণ্ডেশ্যনৰ স্ৰষ্টা আৰু কি কি ক'ম বা আৰু কি কি গুণসম্পন্ন নাজানো কিন্তু আৰু বহুতো বিশেষণেৰে বিভূষিত যে সেয়া নিশ্চিত বিষয়ে।       বহু বছৰৰ আগতেই এখেতৰ বিষয়ে দুই চাৰিষাৰিমান লিখিছিলোঁ আৰু তেতিয়াই ভাবিছিলো তেখেতৰ বিষয়ে অধিক অধ্যয়ন কৰি আকৌ লিখিম। পিছে আমি ক্ষুদ্ৰ মনুষ্যৰ ব্যস্ততাৰ অন্তই নাইযে !!! ক'বলৈ লাজেই লাগে। বাৰু সেইবোৰ থাকক আজি পাৰিলে তেখেতৰ বিষয়ে আকৌ দুই এষাৰ কথাকে পুনৰ লিখো। ৰিপিটেই হ'ব কিন্তু ভাল মানুহৰ বিষয়ে বাৰে বাৰে লিখিলেও আৰু পঢ়িলেও আমনি নালাগে।      ১৯৫০ চনত কৰ্ণাটকৰ এক অভিজাত, শিক্ষিত আৰু ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহ...

✍️ ব'ম ফুটাও আহক 😇

        "আৰে মই কৈছোঁ নে নাই সি মোক নোসোধাকৈ বা মোলৈ ফোন নকৰাকৈ কোনো ডিছিচনেই নলয়। ৰয়েলছত জইন কৰোতেও মোক সুধিছিল, ময়েই কলো যা অলপ এক্সপোজাৰ পাবি, গৈ আহ। কালিও লগ কৰিবলৈ বিচাৰিছিল কিন্তু মই আকৌ গুৱাহাটীলৈ যাবলৈ সময়েই মিলাব নোৱাৰিলো ন"।              এইদৰে কৈয়েই হেমন্ত দাই গ্ৰুপটোৰ মাজৰপৰা ওলাই কেপিৰ পিকসোপা পেলাই আহি আকৌ আৰম্ভ কৰিবলৈ ধৰিছিলে কিন্তু শ্ৰোতা প্ৰায় শূণ্য হোৱাত সেইদিনালৈ সমাপ্ত হ'ল , সমাপ্ত হ'ল মানে এই ব'ম ফুটুৱা কাৰ্যসূচীৰ। আপোনালোকে আকৌ সচাসচি ব'ম ফুটুৱা বুলি ভাবি থকা নাছিলটো ?        আচলতে হেমন্ত দাই কৈ আছিল ৰিয়ানৰ কথা, হেমন্ত দাই হেনো ক্লাবত খেলোতে সি তেনেই সৰু ল'ৰা আছিল আৰু তেতিয়াই হেনো হেমন্তদাই তাক ক্ৰিকেটৰ কখগঘ শিকাইছিল। সচা মিছা আমি কোনেও নাজানো, কোনো সেই সময়ৰ মানুহো লগ পোৱা নাই যি দেখিছিল আৰু কোনোদিনেই দূৰ দূৰণিলৈও ৰিয়ানৰ লগত কোনো সম্পৰ্ক থকাৰ ফটো এখনো দেখা নাই। এদিন ৰিয়াজদাইহে আমি ভাবি থকা কথাটো একদম কনফাৰ্ম কৰি দিলে বোলে হেমন্তদাই সেইবোৰ বাদেই ৰিয়ানক লাইভ দেখিয়ে...

A letter of consolation to a mother from Abraham Lincoln, who 'd lost her 5 sons in a war.Worth Reading.

Executive Mansion, Washington, Nov. 21, 1864. Dear Madam, I have been shown in the files of the War Department a statement of the Adjutant General of Massachusetts that you are the mother of five sons who have died gloriously on the field of battle. I feel how weak and fruitless must be any word of mine which should attempt to beguile you from the grief of a loss so overwhelming. But I cannot refrain from tendering you the consolation that may be found in the thanks of the Republic they died to save. I pray that our Heavenly Father may assuage the anguish of your bereavement, and leave you only the cherished memory of the loved and lost, and the solemn pride that must be yours to have laid so costly a sacrifice upon the altar of freedom. Yours, very sincerely and respectfully, A. Lincoln

✍️ ভ'কেল ফৰ ল'কেল (Vocal for local)

'ভ'কেল ফৰ ল'কেল' এই ভাগি শ্লোগান মোদী ডাঙৰীয়াই যোৱা বছৰহে দিছিল। আমি কিন্তু অসমীয়াসকল এই ক্ষেত্ৰত বহু এডভান্সড। বহু আগৰপৰাই আমিবোৰ ভ'কেল ফৰ ল'কেল। আমি সভ্যতা সংস্কৃতি আৰু দুই এটা বিষয় বাদ দি প্ৰায় সকলো ক্ষেত্ৰতে ল'কেলক প্ৰাধান্য দি আহিছোহক আৰু দি যামেই। লাগিলে যি হয় হৈ থাকক। আমি খাদ্যৰ ক্ষেত্ৰত সদায় লোকেল মাছ, লোকেল মূৰ্গী, লোকেল কণী আদিক আগস্থান দিও। দাম লাগিলে দুগুণ দিম কিন্তু খাম লোকেলেই। পানীয়ৰ ক্ষেত্ৰত মিছাটো নকও, বিলাতীক আগস্থান দিও হয়, কিন্তু লোকেলক আমি কেতিয়াও অৱহেলা কৰাৰ উদাহৰণ নাই। উৎসৱে পাৰ্বনে, জনজাতীয় খাদ্য মেলাৰ নামত বা কোনো জনজাতীয় গাঁৱত গলেই আমি লোকেল বিধহে বিচাৰোঁ। ড্ৰাই দে' হলেতো কথাই নাই, লোকেল বেটেৰি পানীও চলি যাই। লোকেলৰ প্ৰতি ইমানেই আমাৰ মৰম! লোকেলৰ প্ৰতি আমাৰ ইমানেই টান আছে যে যিকোনো কাজিয়া পেছালৰ সময়তো আমি সকলোবোৰ পাহৰি গ'লেও, হিতাহিত জ্ঞান হেৰুৱায় পেলালেও এইটো কবলৈ নাপাহৰো, "আবে চিনি পোৱা নাই মোক কে.., মই লোকেল হয় ইয়াৰ...."  চাওকচোন আমি লোকেলক লৈ কিমান ভ'কেল। চাকৰি বাকৰিৰ ক্ষেত্ৰতটো কথাই নাই, যোৰ...

✍️ লংকাকাণ্ড বনাম ৰামৰাজ্য (সাম্প্ৰতিক শ্ৰীলংকাৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ)

      শ্ৰীলঙ্কাত আজি যি হৈছে সেয়া হ'বলগীয়া আছিলেই, কেৱল মাত্ৰ সময়ৰ অপেক্ষাহে আছিল। যিকোনো মানুহৰে সহ্যৰ এটা সীমা থাকে। সকলোৰে বাবে সেই সীমা একে নহয়। আৰু যেতিয়াই অধিকাংশৰ সেই সহ্যৰ সীমা অতিক্ৰম কৰে তেতিয়াই এনে ধৰণৰ গণবিক্ষোভৰ সৃষ্টি হয়। এয়া কোনো দল সংগঠনে মানুহ গোটাই কৰা আন্দোলন নহয় এয়া স্বতঃস্ফুৰ্ত গণজাগৰন। সেয়েহে এই আন্দোলনক কোনো সুবিধাবাদী নেতাই, কোনো সুবিধাবাদী গায়ক, অভিনেতাই বিপথে পৰিচালিত কৰিব নোৱাৰে।       এনেকৈয়ে ১৭৮৯ চনত ফৰাচী বিপ্লৱৰ সূচনা হৈছিল। মানুহে খাবলৈ নাপালেও হয়তো এনে আন্দোলন নকৰিলেহেঁতেন কিন্তু যেতিয়া সৰ্ব সাধাৰণ ৰাইজে ভোকত পেটৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰে , নিজৰ ল'ৰা ছোৱালী ভোকত কলমতীয়াই মৃত্যু বৰণ কৰে চকুৰ আগত আৰু ঠিক সেই সময়তে তেওঁলোকে দেখা পায় সমাজৰ মুষ্টিমেয় অল্পসংখ্যক মানুহে সমগ্ৰ সা সুবিধাৰে ৰাজকীয় জীৱন কটোৱা, তেতিয়াই আৰম্ভ হয় এনেধৰণৰ বিক্ষোভৰ।       ফ্ৰান্সটো সেইসময়ত এইধৰণৰ ঘটনাই ঘটিছিল। সাধাৰণ ৰাইজে পেটৰ ভোকত মৃত্যু বৰণ কৰিছিল আৰু ৰাজপৰিয়াল তথা তেওঁলোকৰ চাতুকাৰ এক শ্ৰেণীৰ অভিজাত সমাজে সকলো দেখ...

✍️ বেমাৰ হোৱাটো ভাল! (তিনিবছৰ আগৰ এই লেখাটো সময়ৰ আহ্বানত পুনৰ প্ৰকাশ কৰিলোঁ)

'বেমাৰ হোৱাটো ভাল', বেমাৰত পৰিব লাগে।  হয় ঠিকেই পঢ়িছে, মাজে মাজে কেইবছৰমানৰ মূৰে মূৰে আমি বেমাৰত পৰাটো আজিৰ দিনত খুবেই জৰুৰী হৈ পৰিছে। বেমাৰ মানে মই কোনো মাৰাত্মক দূৰাৰোগ্য বেমাৰৰ কথা কোৱা নাই, কিন্তু চাৰি পাচদিনমানৰ বাবে বিচনাত পৰাকৈ জ্বৰ পানী লগা জাতীয় বেমাৰৰ কথাহে কৈছোঁ। আজিকালি এই যান্ত্ৰিক যুগত আমিবোৰ ইমানেই যন্ত্ৰ হৈ পৰিছোহক যে আনৰ লগত বাদেই দিলোঁ নিজৰ লগতো এষাৰ কথা পাতিবলৈ সময়ৰ অভাৱ হৈ পৰিছে। আৰু নিজৰ মাজত অকনমান সময় যি বিচৰণ কৰিব নোৱাৰে বা নকৰে সি প্ৰকৃতাৰ্থতে যন্ত্ৰলৈ ৰূপান্তৰিত হয়।  আগৰ দিনত মানুহে খেতি খোলা সামৰি বা অইন প্ৰয়োজনীয় কাজখিনি কৰি অ'টাই বাহিৰৰ চোতালতে বা জুহালৰ কাষত বহি সমনীয়াৰ লগত সুখ দুখৰ কথা পাতিছিল আৰু অকলশৰীয়া অৱস্থাত সুবিশাল আকাশৰ মাজত নিজৰ অৱস্থিতি বিচাৰিছিল। এই অভ্যাসৰ বাবেই তেওঁলোকৰ মনবোৰ বহল হৈছিল, মানবীয় গুণবোৰৰ বিকাশ ঘটিছিল।  মাজে মাজে যদি আপুনিও আকাশৰ ফালে একোবাৰ চোৱাৰ অভ্যাস কৰে দেখিব আপোনাৰ মনৰ পৰাও অহংকাৰ ভাব নাইকিয়া হৈছে, আপুনি বুজি উঠিব কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ আপুনি আৰু তাতোকৈ ক্ষুদ্ৰ আপোনাৰ অহংকাৰ। বৰ্তমানৰ যুগত আগতেই কৈ অহাৰ দৰেই ...