Posts

✍️ লংকাকাণ্ড বনাম ৰামৰাজ্য (সাম্প্ৰতিক শ্ৰীলংকাৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ)

      শ্ৰীলঙ্কাত আজি যি হৈছে সেয়া হ'বলগীয়া আছিলেই, কেৱল মাত্ৰ সময়ৰ অপেক্ষাহে আছিল। যিকোনো মানুহৰে সহ্যৰ এটা সীমা থাকে। সকলোৰে বাবে সেই সীমা একে নহয়। আৰু যেতিয়াই অধিকাংশৰ সেই সহ্যৰ সীমা অতিক্ৰম কৰে তেতিয়াই এনে ধৰণৰ গণবিক্ষোভৰ সৃষ্টি হয়। এয়া কোনো দল সংগঠনে মানুহ গোটাই কৰা আন্দোলন নহয় এয়া স্বতঃস্ফুৰ্ত গণজাগৰন। সেয়েহে এই আন্দোলনক কোনো সুবিধাবাদী নেতাই, কোনো সুবিধাবাদী গায়ক, অভিনেতাই বিপথে পৰিচালিত কৰিব নোৱাৰে।       এনেকৈয়ে ১৭৮৯ চনত ফৰাচী বিপ্লৱৰ সূচনা হৈছিল। মানুহে খাবলৈ নাপালেও হয়তো এনে আন্দোলন নকৰিলেহেঁতেন কিন্তু যেতিয়া সৰ্ব সাধাৰণ ৰাইজে ভোকত পেটৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰে , নিজৰ ল'ৰা ছোৱালী ভোকত কলমতীয়াই মৃত্যু বৰণ কৰে চকুৰ আগত আৰু ঠিক সেই সময়তে তেওঁলোকে দেখা পায় সমাজৰ মুষ্টিমেয় অল্পসংখ্যক মানুহে সমগ্ৰ সা সুবিধাৰে ৰাজকীয় জীৱন কটোৱা, তেতিয়াই আৰম্ভ হয় এনেধৰণৰ বিক্ষোভৰ।       ফ্ৰান্সটো সেইসময়ত এইধৰণৰ ঘটনাই ঘটিছিল। সাধাৰণ ৰাইজে পেটৰ ভোকত মৃত্যু বৰণ কৰিছিল আৰু ৰাজপৰিয়াল তথা তেওঁলোকৰ চাতুকাৰ এক শ্ৰেণীৰ অভিজাত সমাজে সকলো দেখ...

✍️ বেমাৰ হোৱাটো ভাল! (তিনিবছৰ আগৰ এই লেখাটো সময়ৰ আহ্বানত পুনৰ প্ৰকাশ কৰিলোঁ)

'বেমাৰ হোৱাটো ভাল', বেমাৰত পৰিব লাগে।  হয় ঠিকেই পঢ়িছে, মাজে মাজে কেইবছৰমানৰ মূৰে মূৰে আমি বেমাৰত পৰাটো আজিৰ দিনত খুবেই জৰুৰী হৈ পৰিছে। বেমাৰ মানে মই কোনো মাৰাত্মক দূৰাৰোগ্য বেমাৰৰ কথা কোৱা নাই, কিন্তু চাৰি পাচদিনমানৰ বাবে বিচনাত পৰাকৈ জ্বৰ পানী লগা জাতীয় বেমাৰৰ কথাহে কৈছোঁ। আজিকালি এই যান্ত্ৰিক যুগত আমিবোৰ ইমানেই যন্ত্ৰ হৈ পৰিছোহক যে আনৰ লগত বাদেই দিলোঁ নিজৰ লগতো এষাৰ কথা পাতিবলৈ সময়ৰ অভাৱ হৈ পৰিছে। আৰু নিজৰ মাজত অকনমান সময় যি বিচৰণ কৰিব নোৱাৰে বা নকৰে সি প্ৰকৃতাৰ্থতে যন্ত্ৰলৈ ৰূপান্তৰিত হয়।  আগৰ দিনত মানুহে খেতি খোলা সামৰি বা অইন প্ৰয়োজনীয় কাজখিনি কৰি অ'টাই বাহিৰৰ চোতালতে বা জুহালৰ কাষত বহি সমনীয়াৰ লগত সুখ দুখৰ কথা পাতিছিল আৰু অকলশৰীয়া অৱস্থাত সুবিশাল আকাশৰ মাজত নিজৰ অৱস্থিতি বিচাৰিছিল। এই অভ্যাসৰ বাবেই তেওঁলোকৰ মনবোৰ বহল হৈছিল, মানবীয় গুণবোৰৰ বিকাশ ঘটিছিল।  মাজে মাজে যদি আপুনিও আকাশৰ ফালে একোবাৰ চোৱাৰ অভ্যাস কৰে দেখিব আপোনাৰ মনৰ পৰাও অহংকাৰ ভাব নাইকিয়া হৈছে, আপুনি বুজি উঠিব কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ আপুনি আৰু তাতোকৈ ক্ষুদ্ৰ আপোনাৰ অহংকাৰ। বৰ্তমানৰ যুগত আগতেই কৈ অহাৰ দৰেই ...

✍️ কুবলাই খাঁ।

      ছেমুৱেল টেইলৰ কলেৰিজে ৰচনা কৰা আৰু ইংৰাজী সাহিত্যৰ এটা বিখ্যাত কবিতা হৈছে কুবলা খাঁ। ইয়াক আন দুটা উপনামেৰেও জনা যায়। A Vision in a dream আৰু A fragment। ১৭৯৭ চনত ৰচিত এই কবিতাটো প্ৰকাশিত হৈছিল ১৮১৬ চনতহে।        এই কবিতাটোকলৈ এটা কাহিনী আছে যিটো বহুতেই জানে বিশেষকৈ ইংৰাজী সাহিত্যৰ ছাত্ৰই। সেইসময়ৰ ইংৰাজী সাহিত্যৰ কবিসকলৰ প্ৰায়সংখ্যকেই নিচাত মগ্ন হৈ বিশ্বৰ বিখ্যাত কবিতা সমূহ লিখিছিল বিশেষকৈ আফিংৰ নিচাত।        এদিন কলেৰিজে কুবলাই খাঁৰ দ্বাৰা স্থাপিত তেওঁৰ ৰাজধানী চহৰখনৰ বিষয়ে এটা লেখা পঢ়ি থাকোতেই আফিঙৰ নিচাতে টোপনিত পৰিল। আৰু টোপনিতে এই কবিতাটো সৃষ্টি হৈছিল, অৱশ্যে ইয়াতকৈও অধিক সুন্দৰকৈ।       সাৰ পাই উঠি কলেৰিজে সপোনৰ কবিতাটোৰ পংক্তি বিলাক লিখিবলৈ একান্ত মনে বহি যায়।       ২০০ৰ পৰা ৩০০ লাইন মানৰ এই স্বপ্নৰ কবিতাটোৰ কেৱল ৫০ শাৰীমান লিখাৰ সময়তেই ওচৰৰ গাঁৱৰ এজন ব্যক্তি আহি কলেৰিজৰ লগত প্ৰায় এঘন্টামান সময় অতিবাহিত কৰে।       ব্যক্তিজনক বিদায় দি পুনৰ কবিতাটো লিখিবলৈ বহি দেখে য...

আইন বহিৰ্ভূত হত্যা নে সত্যৰ হত্যা?

      আইন বহিৰ্ভূত হত্যা (Extrajudicial killing)। যাৰ নামেই কয় যে ই এক বেআইনী হত্যাৰ প্ৰক্ৰিয়া কিন্তু ইয়াক ৰূপায়ন কৰে আইন ৰক্ষকেই বা এনেধৰণৰ আইনী ব্যক্তিয়েই সকলো আইনৰ বিৰুদ্ধে গৈ।        Extrajudicial killing is executing a person illegally. It disregards human rights. It is the practice of unlawfully killing of any person without any sanction or legal process, by government authorities. The investigation hardly takes place, there is not even the proper complaint filed. It straight away violates the human rights of individuals, denying them any opportunity of contacting their legal representatives or legal advisors.         বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে পুলিচৰ জিম্মাত থাকোতেই ভালেমান অপৰাধী বা ব্যক্তিৰ অপমৃত্যু ঘটিছে। হয় আৰক্ষীক আক্ৰমণ কৰিবলৈ লওতে আৰক্ষীৰ প্ৰতি আক্ৰমণত, নহয় পলাবলৈ চেষ্টা কৰাৰ সময়ত, নহয় দুৰ্ঘটনাত। এইবোৰ সচা মিছা বিচাৰ কৰিবলৈ আজি এই লেখা আৰম্ভ কৰা নাই। কিন্তু একে সাদৃশ্যৰ ঘটনাবোৰ দেখি যিকোনো সচেতন ন...

👉 ৱেবাকুফ (পুনৰ): (২) অকণমান সজাগ হওছোন আহক ✍️

     ইন্টাৰনেট জগতৰ উৰাবাতৰি আৰু ভুৱাবাতৰিৰ বিষয়ে কিমান ক'ম আৰু কিমান লিখিম। কেইবাটাও প্ৰৱন্ধ ইতিমধ্যে লিখিলোঁ অইন বহুতেও লিখি আছে কিন্তু লাভ হ'লে তিলমাত্ৰও নহল। ছচিয়েল মেডিয়া আৰু ইন্টাৰনেটৰ সকলো কথাই চকুমুদি বিস্বাস কৰাসকলকে যে 'ৱেবাকুফ' বুলি কয় সেই বিষয়েও বিস্তৃতভাবে লিখিলো কিন্তু ফুটুকাৰ ফেন, কমক চাৰি দিনকদিনে বাঢ়িছেহে। ৰাতিপুৱা শুই উঠিয়েই তেনে ৱেবাকুফ এটাই দিয়া কিবা নহয় কিবা এটা চকুত পৰিবৈ যেনে ধৰক ভগৱানৰ ফটো এখন লাইক কৰি শ্বেয়াৰ কৰক ইমানজনক, সৌভাগ্য আপোনাৰ হাতৰ মুঠিত, শ্বেয়াৰ নকৰিলে কিন্তু দূৰ্ভাগ্যই আপোনাক ৰৌৰৱ নৰকত নেপেলোৱালৈকে খেদি ফুৰিব।  আঐ দেহি, দেখিছেনে স্বয়ং ভগৱানো এতিয়া ৰৈ আছে আপোনাৰ লাইক আৰু শ্বেয়াৰৰ বাবেহে !! ইউনিছেফ বা ইউনেস্ক'ই আমাৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰীয় সংগীতক পৃথিৱীৰ শ্ৰেষ্ঠ ঘোষণা কৰাধৰণৰ চিৰসেউজ বোৰটো আছেই।       JIOৰ 4G সেৱা আৰম্ভ হোৱাৰ পাছত যেনিবা অইন কিবা ডিজিটেল আন্দোলন হৈছে নহৈছে নাজানো কিন্তু এনে বাৰ্তাৰ প্ৰচলন তীব্ৰ গতিত বাঢ়িবযে ধৰিছে ই খাতাং। বহুবছৰ আগতেই সমাপ্ত হোৱা বুলি ভৱা মিছা বাতৰি কিছুমানো আকৌ নতুন জীৱন লাভ ...

✍️ কথা কোৱা কলা ✍️✍️✍️*****************************

" .......তামোল গছৰ পৰা হাতেৰেই তামোল ছিঙি আনিব পৰা বিয়াগোম ওখ ওখ নিগ্ৰো আমেৰিকান মিলিটেৰীবোৰ তেতিয়া দেৰগাঁৱৰ স্কুলৰ ফিল্ডতেই কেম্প পাতি আছিল, মই তেতিয়া স্কুলীয়া ছাত্র। গৰু ছৰাব যাওঁতে আমেৰিকান সৈনিকে লগ পালে আমাক লুজেন খাবলৈ দিয়ে। সেই কেণ্ডীবোৰৰে নাম আছিল মৰ্টন, আজিকালি আকৌ তোমালোকে সকলো কেণ্ডীকে মৰ্টন কৰিয়েই পেলালা নহয়....."।   এইদৰেই বৰ্ত্তাই কাহিনী এটা আৰম্ভ কৰে। মন কৰিবছোন কিছুমান মানুহে কথা বা কাহিনী এটা ক'লে শুনি কিমান ভাল লাগে, অথচ সেই একেটা কথাকে হয়তো বেলেগ এজনে কলে ভাল লগাটো দূৰৰে কথা, খংহে উঠে। কথা কোৱাটো আছলতে এটা কলা। সৰু সৰু কথা কিছুমানকে কিমান যে ৰস লগাই কব পাৰে। এনে ধৰণৰ ৰসিক বক্তা প্ৰায় সকলো চুবুৰী বা অঞ্চলতে এজন হ'লেও থাকে। আমাৰ অঞ্চলতো তেনে এজন ব্যক্তি আছিল, সেয়াই হৈছে এইজন আমাৰ সকলোৰে সমজুৱা বৰ্ত্তা।  লংপেন্ট, ছাৰ্ট পৰিহিত বৰ্ত্তা এজন উচ্চশিক্ষিত আৰু উচ্চ খাপৰ পদৱীৰ পৰা অৱসৰ লোৱা সামাজিক কামত জঢ়িত ব্যক্তি। সভাই সমিতিয়েও তেখেতক মাতে, অতি সুন্দৰ ভাষণ দিয়ে, একেবাৰে সভাশুৱনী ব্যক্তি।  তেখেতে যেতিয়া তেখেতৰ দিনৰ কাহিনী কয়, বিস্বাস কৰক আপুনি তেতিয়া কানেৰে...

✍️ বিমূৰ্ত মোৰ নিশাতি

✍️ বিমূৰ্ত মোৰ নিশাতি -----------------------------------------------------       ভূপেন হাজৰিকাৰ বিষয়ে বা তেখেতৰ গানৰ বিষয়ে দুআসাৰ লিখাৰ দুঃসাহস কেনেকৈ কৰিছো নিজেই নাজানো। হয়তো এয়া কৰি নিজকে ভুচুং পহুও সজাব পাৰো, কিন্তু ইমান দিনৰ পৰা ভাবি থকা কথাবোৰ নকলেও মনে নামানে বাবেই এই ৰচনা আৰম্ভ কৰিছো। এইখন হয়তো গোটেই ভুলৰেই সমাহাৰো হ'ব পাৰে, বিজ্ঞজনে শুধৰাই দিলে কৃতাৰ্থ হ'ম।       ভূপেন হাজৰিকাৰ গানৰ আটাইতকৈ ডাঙৰ বিশেষত্ব কি বুলি শুধিলে মোৰ উত্তৰ হ'ব যে তেখেতৰ গীতবোৰ কালজয়ী ক্লাচিক আৰু এই গীতবোৰৰ অৰ্থ, ৰস, সোৱাদ ভিন্ন সময়ত ভিন্ন আৰু ভিন্ন জনৰ বাবেও ভিন্ন। তেখেতৰ প্ৰায় সকলো গীতেই Contemporary। সকলো সময়ৰ বাবেই উপযুক্ত অৰ্থাৎ গানবোৰ ভূট, বৰ্তমান আৰু ভৱিষ্যত এই তিনিও কালতেই সমানেই প্ৰযোজ্য।        আপুনি সৰুতেই শুনা তেখেতৰ গান এটা আজিও শুনে, নহয়নে। সৰুতে সেই গানটোৰ অৰ্থ বা ৰস আপোনাৰ বাবে যি আছিল আজি সেই একেটা অৰ্থ নাই বা নাপাবও পাৰে, এতিয়া আপুনি সম্পূৰ্ণ এটা বেলেগ মাদকতাও উপলব্ধি কৰিব পাৰে। একেটা গান দিনত আঁতৰৰ পৰা মাইকত বাজি থাকোঁতে শুনি ...