'শ্ৰাদ্ধ'ৰ পৰা 'শ্ৰদ্ধা'লৈ- এক বিৰামহীন দীঘলীয়া যাত্ৰা। (আমি সন্মান দিবলৈ কেতিয়া শিকিম- ১)
শিৰোনামটো পঢ়ি হয়তো বহুতে আচৰিত হৈছে বা একো ধৰিব পৰা নাই, নহয় জানো? এতিয়া ভালকৈ বুজাই কও। আমাৰ জাতিটোৰ এটা দুৰ্নাম আছে 'শৰাধ খোৱা জাতি' বুলি। কথাখিনি শুনিবলৈ যেনেকৈ বেয়া, মানিবলৈ আৰু বেয়া। কিন্তু মই নিজকে এই দুৰ্নামৰ এজন অংশীদাৰ বুলিবলৈ অকনো কুন্ঠাবোধ নকৰোঁ। আৰু এইযে 'আমি' বুলি কৈছোঁ সেয়াও মুখ্যতঃ মই নিজকে কোৱাৰ দৰেই।
দীঘলীয়া নকৰি পোনে পোনে আৰম্ভ কৰো।
আমি সদায় গুণী জ্ঞানী ব্যক্তিসকলক খুব কমেইহে তেখেতসকলৰ প্ৰাপ্য সন্মান জীৱিত অৱস্থাত বা কৰ্মৰত অৱস্থাত দিয়া দেখিছোঁ। কিন্তু সেই একেজন ব্যক্তিয়েই মৃত্যুৰ পিছত বা অৱসৰৰ পাছত হোৱা বিদায় সভাত হৈ পৰে মহান। 'টক শ্ব', বিভিন্ন আলোচনা বিলোচনা চলে তেওঁৰ মহানতাৰ ওপৰত বা তেখেতৰ কৰ্মৰাজীৰ ওপৰত। দুদিন আগলৈকে মানুহজন জীৱিত নে মৃত সেই খৱৰ নৰখাজনেও সলসলীয়াকৈ তেওঁৰ গুণানুকীৰ্তন কৰিব পৰা হয়।
কিন্তু মানুহ এজনৰ মৃত্যুৰ পিছত এইবোৰ 'নাটক' কৰাৰ কিবা অৰ্থ আছে জানো?
মই নাভাবো কিবা লাভ হয় বুলি।
আজিকালিৰ টেঙৰ ধূৰ্ত অলপমানক বাদ দিলে তাহানিৰ বহুতো শিল্পীৰ জীৱনটোৱেই নৰক সদৃশ আছিল। কাৰো পৰা সহায় সহযোগ বাদেই এষাৰ মাতো নোপোৱাকৈয়েই সেইসকলে পৃথিৱীৰ পৰা বিদায় ল'লে আৰু বহুতো এতিয়াও আছে এই নৰকতে।
আপুনি মনত পেলাই যাওকচোন আন নালাগে কেৱল আপোনাৰ শৈশৱৰ পৰা দেখি অহা, শুনি অহা বা তেখেতসকলৰ কৰ্মৰাজীৰ বিষয়ে পঢ়ি অহা কিমান এসময়ৰ আপোনাৰ হিৰ' সকলৰ বিষয়ে। অলপ খবৰ খাতি লৈ চাবচোন এইসকল এতিয়াও আছেনে নাই আৰু আছে যদি কেনে অৱস্থাত আছে। তেতিয়াই গম পাব আচল কথাবোৰ।
অসমীয়া চলচ্চিত্ৰ জগতৰ সঙ্গীতৰ এসময়ৰ ৰজা, অসমীয়া আৰ. ডি. বৰ্মন ৰমেন দা হেৰাই গ'ল, গ'ল যি গ'ল গ'লেই আৰু। বিচাৰিয়েই নাপালে। হেৰোৱাৰ আগতেও ইমান বছৰে তেখেতৰ বিষয়ে ৰাইজে কিবা আলাপ আলোচনা কৰিছিল বুলিও মোৰ মনে নধৰে বা দেখা-শুনা মনত নপৰে। হেৰাই গ'ল, দুদিন ব্ৰেকিং নিউজ হ'ল তাৰপিছত শেষ। এইটো মাত্ৰ এটাহে উদাহৰণ। থিক আছে মনত পৰোতেই আৰু এটা উদাহৰণ দিছোঁ, ৰমেনদাৰ ঘৰৰে, তেখেতৰ ভাতৃ অসমীয়া বোলছবি জগতৰ অন্যতম জনপ্ৰিয়, এসময়ৰ তাৰকা গায়ক দ্বীপেন বৰুৱাদাৰ খবৰ বৰ্তমান কেইজনে ৰাখিছে?
এইটো কথা ঠিক যে স্ব-গুণেৰে সমৃদ্ধ এইসকল ব্যক্তিক চৰকাৰী ভাবে সন্মান আৰু সা-সুবিধা দিব লাগে, কিন্তু তাৰ লগতে এইটোও মনত ৰখা ভাল যে সমাজৰ মানুহ হিচাপে আমাৰো অলপ দায়িত্ব থকা উচিত। কেৱল সকলো চৰকাৰে কৰি দিব আৰু নকৰিলে চৰকাৰক দোষাৰোপ কৰাটোৱেই আমাৰ শেষ কথা হোৱাতো অনুচিত।
আজিকালি আকৌ এটা ট্ৰেণ্ড চলিছে। শিল্প, সাহিত্য বা অন্যান্য কোনো কলাৰ পৰা শতযোজন ইমান দিনে আঁতৰত থকা কিছুমান ৰাতাৰাতি শিল্পী, সাহিত্যিক হৈ পৰিছে। জীৱনত বাতৰি কাকত এখন পঢ়ি নোপোৱাজনো হৈ পৰিছে সাহিত্যৰ কাণ্ডাৰী। এনে সকলৰ কথা বেলেগ, মানে প্ৰকৃত শিল্পীতকৈ। এইসকলৰ সভা সমিতি অনুষ্ঠিত হৈয়েই থাকে আৰু ইজনে সিজনক গামোচা শৰাই সঁফুৰা ন ন খিতাপ নগদ দি বা লৈ সম্বৰ্ধনা আৰু বিভিন্ন সন্মানেৰে বিভূষিত কৰিয়েই থাকে। কাৰণ তেওঁলোকৰ একমাত্ৰ উদ্দেশ্যই হৈছে সেইটো- পদবী তথা সন্মান ক্ৰয় কৰা।
ঠিক আছে মূল কথাৰ পৰা অলপ ফালৰি কাতি আহিব লগা হ'ল। আকৌ আহো প্ৰকৃত সন্মানীয় গুণি-জ্ঞানি ব্যক্তিসকলৰ কথালৈ। এইদৰে সকলোৰে বিষয়ে আলোচনা কৰিবলৈ হ'লে বহুত দীঘলীয়া হ'ব লগতে আমনিদায়কো হ'ব সেয়েহে আজি অতি চমুকৈ শিল্পী সকলৰ কথালৈ আলচ কৰো। ওপৰত কৈ অহা ৰমেনদাৰ দৰে আৰু কিমান শিল্পী সাহিত্যিক এতিয়াও চুকে কোণে পৰি ৰৈছে তাৰ কোনো হিচাপ নাই। আমিও খবৰ নাৰাখো। মৰিলে ব্ৰেকিং নিউজত দেখোৱেই আৰু তাতেই দুই চাৰিটা আমাৰ মনৰ মাজত থকা কাহিনী আৰু কল্প-কাহিনী বখানি দিও, বছ আমাৰ কাম শেষ।
বৰ দুখ লগা পৰিৱেশ!
আৰু আগতেই কৈ আহিছোঁ সকলো কথাতেই কেৱল চৰকাৰকে দোষাৰোপ কৰি থাকিলেও নহ'ব। আমাৰ দায়িত্ব একোৱেই নাই নেকি? দহ বা বিছ বছৰ ধৰি এজন শিল্পী সাহিত্যিকৰ খবৰ নাই। কিয় আমি যিসকলে তেখেতসকলক ভাল পাইছিলো ওলাই নাহো, অন্ততঃ খৱৰ এটা ল'বলৈকে? আমি জানো খবৰ এটাও ল'ব নোৱাৰো তেখেতৰ বৰ্তমান অৱস্থা কেনে?
নাই আমি নকৰোঁ কাৰণ আমাৰ সময় নাই আমি ব্যস্ত।
এইযে কথাখিনি মই লিখি আছো এইবোৰ মই নিজকে আঁতৰাই বেলেগক উদ্দেশ্যি লিখা নাই। মই নিজকে সেই ঋণাত্মক চৰিত্ৰখিনিৰে এজন বুলিহে লিখি আছো।
কাৰণ মই নিজেও তেনে ভুল কৰিছোঁ, হয় মই ভুল কৰিছোঁ। হয়তো এবাৰ বা হয়তো বহুবাৰ। আজি তাৰেই এটি উদাহৰণ দি সামৰণি মাৰিম বুলি ভাবিছোঁ। লগতে জনাও যে ধাৰাবাহিক ভাৱে লিখি যাম বুলি ভাবিছোঁ মই জনা, লগ পোৱা বা শুনা বা পঢ়া এনে ব্যক্তিসকলৰ বিষয়ে। তাত থাকিব সকলো। মানে কেৱল শিল্পী বা বিখ্যাত মানুহ সকলেই নহয়, সকলো স্তৰৰ গুণী ব্যক্তিসকল ইয়াত থাকিব পাৰে, একেবাৰে সাধাৰণ জনৰ পৰা।
বাৰু এতিয়া আজিৰ খণ্ড সামৰাৰ আগতে এটা উদাহৰণ দিও।
সঠিক মনত নাই, কিন্তু আমি তেতিয়া কলেজ সামৰিলো। ভৰপূৰ যৌৱন। প্ৰেম-ভালপোৱা, বিৰহ বেদনা এইবোৰেই চলি আছিল। জীৱনত কি কৰিম কোনো লক্ষ নাই (এতিয়াও অৱশ্যে নহলগৈ লক্ষস্থিৰ, বুঢ়াই হ'লো)।
মোৰ আকৌ তেতিয়া গান শুনাটো আৰু কিতাপ পঢ়াতো জৰুৰী দৈনন্দিন কাৰ্য্যসূচীৰ ভিতৰত পৰে। গান মানে গান আৰু, একো বাদ নপৰে। অসমীয়া, হিন্দী, বাংলা, ইংৰাজী ভাষাৰ গান শুনো। খগেনদা, ভূপেনদাৰ পৰা জুবিন গাৰ্গলৈকে শুনো। নূচৰত ফটেহ আলি খাঁ চাহাবৰ আধাঘন্টীয়া বা এঘন্টীয়া কাৱালিৰ পৰা চুফি, ৰিমিক্স'লৈকে গান শুনো। নচিকেতা, অঞ্জন দত্তৰ পৰা মান্নাদাৰ 'কফি হাউচেৰ সেই আদ্দাতা আজ আৰ নাই...' লৈকে।
পপ সঙ্গীতৰ পৰা ৰ'ক, ৰেগে। 'বাফেল' ছলজাৰ'ৰ পৰা 'অ মাই শ্লিপিং চাইল্ড', গেম্বলাৰ' লৈকে। আৰু অকলে শুনিয়েই থৈ নিদিও আনকো শুনাও, আনৰ পৰা আনি শুনো কেছেট (পিছলৈ কমপেক্ট ডিস্ক)। গানৰ ওপৰত তৰ্ক হয়, গানৰ ওপৰত বিশ্লেষণ হয়, গানক লৈ কন্দা হয়। গান শুনিটো বহুত কান্দিছিলো, সত্য।
এইধৰনেই জীৱনটো চলি আছিল।
অৰুণ দাসৰ গানো শুনিছিলো "মই এটি মুকলি পখী......" আৰু দুই চাৰিটামান গান ভাল লাগিছিল যিবোৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগেদি শুনা, সিমানেই। বিশেষ একো নাই।
বিশেষ ঘটনা ঘটিল তেতিয়াহে, যেতিয়া অৰুণদাৰ গানৰ দুটা সম্পূৰ্ণ কেছেট হাতত পৰিল। যিটো আচলতে ৰিলিজ হৈছিল বহু আগতেই কিন্তু মইহে শুনিবলৈ পোৱা নাছিলো। কেছেটৰ গানসমূহ এবাৰ শুনিয়েই পগলা হৈ পৰিলোঁ। এয়া কি শুনিছো মই... এয়া মই কান্দিছো কিয়..... ৰি কৰি কৰি কিয় শুনিছোঁ....
সাধাৰণতেই উচ্চ ভলিউমত লগাই বেলেগ কাম কৰি থাকি গান শুনা মই এতিয়া যে ভলিউম কমাই পকাতে বহি লৈ শুনা হ'লো কিয়? নাজানো। কিন্তু অৰুণদাৰ সেই ছেন্টিমেন্তেল প্ৰেম বিৰহৰ গানবোৰে মোক আৰু লগৰ কেইজনমানক সঁচাকৈয়ে পগলা কৰি তুলিছিল। গান ভাল আছিলেই লগতে আমাৰ বয়সৰ কথাটোও আছেই।
ঠিক আছে গান শুনিলো, ভাল লাগিল মানে পগলা কৰি তুলিলে কিন্তু অৰুণ দাসৰ বিষয়ে দেখোন আমি একোৱেই নাজানো। এইবাৰ আৰম্ভ হ'ল অপাৰেশ্যন হু ইজ অৰুণ দাস?
কেছেট গোটাই অনাজনেই অলপ খবৰ খাতি যোগাৰ কৰিলে। অৰুণদা আচলতে হেনো যোৰহাটৰে মানুহ।কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল আৰু তাত পঢ়ি থাকোতেই এইবোৰ সৃষ্টি কৰিছিল। পঢ়া হয়তো সম্পূৰ্ণ নকৰাকৈয়ে ওলাই আহিল (নিশ্চিত নাছিলো) আৰু সমগ্ৰ অসমতে এক নতুন সংগীত আলোড়নৰ সৃষ্টি কৰিলে। এই সংগীতৰ বাবেই হেনো চৰকাৰী চাকৰিও বাদ দিলে। আচৰিত!
যি সময়ত সাংস্কৃতিক সন্ধিয়াবোৰত লোকগীত, বিহুগীত, বা সাধাৰণতে হাৰমনিয়াম, তবলাৰে সমবেত সংগীতৰ প্ৰচলনেই বেছি আছিল, সেই সময়ত এজন চফল ডেকাই এমুখ ডাৰিৰে, লেডাৰ জেকেট আৰু জিন্স পেন্টেৰে আধুনিক সা সৰঞ্জামৰ সৈতে নিজে হাতত গীতাৰ লৈ গান গাই মঞ্চত প্ৰৱেশ কৰিছিল আৰু গাইছিল সম্পূৰ্ণ বেলেগ মাত্ৰাৰ গান। তেওঁ হৈ পৰিছিল অসমীয়া কেনী ৰ'জাৰ্চ, বব ডিলন। তেখেতৰ গানত ধৰা দিছিল প্ৰায় সকলোৰে কণ্ঠ, কাহিনী, সকলোৰে বিৰহ বেদনা।
বাৰু আধাখুণ্ডা হ'লেও, তেখেতৰ বিষয়ে অলপ হ'লেও গম পালো। সেয়াও হ'ব। এতিয়া কথা হ'ল মানুহজন বৰ্তমান ক'ত কি কৰে গান গাইনে এই সমূহ তথ্য ক'ত পাম। তেতিয়া আমাৰ ফালে গুগলৰ ইমান উন্নতী হোৱাই নাছিল। আকৌ আৰম্ভ হ'ল আমাৰ অভিযান। অভিযান অৰুণ দাসক বিচৰাৰ। অৱশ্যে বৰ বেছি কষ্ট কৰিবলগীয়া নহ'ল। আমাৰ লগৰে এজনে অসমীয়া টিভি চেনেলৰ জগতত প্ৰৱেশ কৰিছিল (এতিয়াও আছে) আৰু সিয়েই আমাক জনালে যে অৰুণদা বৰ্তমান গুৱাহাটীতে থাকে আৰু তেওঁৰ অৱস্থাও বৰ ভাল নহয়, মানে শাৰীৰিক, মানসিক আৰু আৰ্থিক সকলোফালৰ পৰা। আৰু অলপ বিচাৰ খোচাৰ কৰি সিয়েই আমাক তেখেতৰ ফোন নম্বৰটো সংগ্ৰহ কৰি দি গ'ল। যাওঁতে খালি এষাৰ কথা কৈ গ'ল, সাৱধানে থাকিবিহত দেই, আজিকালি 'মস্ত কামুৰ' মানুহটো।
অৰুণদাৰ বিষয়ে এনে টিপ্পনী শুনি বহুত বেয়া লাগিছিল যদিও একো তৰ্ক বিতৰ্কত নোসোমালো।
এতিয়া আমাৰ হাতত সকলো আছে কেৱল ফোন কৰি কথাহে পাতিব লাগে। তেখেতৰ আৰু গানৰ এলবাম বা অন্য আমি নুশুনা গান আছিল নেকি, তেখেতৰ বৰ্তমান বাসস্থান ক'ত, পৰিয়াল ইত্যাদি আৰু লাইভ শ্ব' ক'ত আৰু কেতিয়া আছে, তেখেতৰ ভৱিষ্যতৰ পৰিকল্পনা কি এইধৰণৰ অলেখ কথা পাতিব লগা আছিল।
অৱশেষত শুভদিন এটা চাই অলপ অলপ সাহস গিলি লৈ ফোনটো লগালোঁ।
স্পষ্টকৈ এতিয়া মনত নাই যদিও, সম্ভৱতঃ প্ৰথমবাৰ নে দ্বিতীয় বাৰ ফোন কৰাৰ পিছত অৱশেষত আমাৰ অৰুণদাই ফোন ধৰিলে। মাতষাৰ শুনি অলপ নাৰ্ভাছ হৈছিলো চাগৈ, সম্পূৰ্ণ মনত নাই। আমি আমাৰ পৰিচয় দি কথা বতৰা পাতিলো অলপ সময়। আৰু আমি তেখেতক আৰু তেখেতৰ গানক কিমান ভাল পাও আদি কথাৰে সামৰিলো। প্ৰথম দিনটোতেই বহুত দীঘলীয়া কথা পাতি আমনি নকৰিলোঁ। ফোনটো থৈহে মনত পৰিল শুধিম বুলি ভাবি থকা কথা এটাও সোধাই নহ'ল। তথাপি ভাল লাগিল যে পুনৰ ফোন কৰাৰ অনুমতি পালোঁ লগতে অলপ হ'লেও আমি যে তেওঁৰ 'ফেন' সেই ধাৰণাটো দিব পাৰিলো।
পিছত আকৌ এদিন ফোন কৰি যঠেষ্ট সময় কথা পাতিলো। পিছলৈ আমাৰ তেখেতলৈ ফোন কৰাটো সাধাৰণ হৈ পৰিছিল, আনকি তেওঁ নিজেও মাজে সময়ে মোলৈ আৰু লগৰ জনলৈ ফোন কৰিব ধৰিলে।
তেখেতৰ লগত কথাবাৰ্তা পাতি সাৰাংশতো আমি উলিয়ালো। অৱশ্যে এই কামটো বৰ কঠিন নাছিল কাৰণ আমি পোনপটীয়াকৈ শুধিব নোৱাৰা অথচ জানিবলৈ বিৰাট মন থকা বহুতো কথা তেখেতে নিজেই কৈ গৈছিল।
একেবাৰে পোনপটীয়াকৈ কবলগীয়া সাৰাংশ হৈছে, তেখেত খুব আৰ্থিক অনাটনৰ সন্মুখীন হৈছে। মানুহজনক বহুতেই ঠগিলে বিভিন্ন ধৰণে, তেওঁৰ ফেন ফল'ৱাৰ নাইকীয়া হ'ল, কোনো অনুষ্ঠানত তেওঁক গীত পৰিৱেশন কৰিবলৈ নমতা হ'ল ইত্যাদি।
এইখিনিতে এটা কথা কৈ ল'ব বিচাৰোঁ, মই তেতিয়া সৰু চাকৰি এটা কৰি খুটি খোৱা আৰম্ভ কৰিছিলোঁ মাত্ৰ (এতিয়াও সৰুতেই থাকিলো বাৰু)। বাকী কেইজনৰো অৱস্থা প্ৰায় একেই। তথাপিও আমি তেখেতক আমাৰ ফালৰপৰা অলপ আৰ্থিক সাহায্য আগবঢ়াম বুলি থিৰাং কৰিছিলোঁ। পৰিমাণটো শুদ্ধকৈ মনত নাই কাৰণ এই সমগ্ৰ ঘটনাৱলী আজিৰ পৰা প্ৰায় ১৮-১৯ বছৰমান আগতেই ঘটা। এতিয়া কথাটো হ'ল অৰুণদাক প্ৰস্তাৱটো (আৰ্থিক সাহায্যৰ) কোনে আৰু কেনেকৈ দিব। কাৰণ ইমান দিনে কথা পাতি গম পাইছিলো যে মানুহজন যথেষ্ট খেয়ালী মনৰ তথা স্বাভিমানী। গতিকে ভাল ভাবি কিবা এটা কৰিবলৈ যাওঁতে গালি খাই তেওঁৰ লগত যোগাযোগ বিচ্ছিন্ন কৰাৰ ইচ্ছা আমাৰ কোনো এটাৰো নাছিল।
এইবোৰকে ভাবি চিন্তি থাকোঁতেই এদিন অৰুণ দাই মোলৈ ফোন কৰিলে দিনৰ ১১ মান বজাত। কি বা হ'ল ভাবি-গুনি ফোনটো ধৰি কথা পাতিলো। দাদাই কথাবোৰ শুধিলে সদায় সোধাৰ দৰেই। পাছলৈ তেওঁ এটা কথা সুধিলে যে তোমালোকে এটা শ্ব'ৰ আয়োজন নকৰা কিয়? ব'হাগ অহাৰ আগৰপৰাই আৰু শেষ হোৱাৰ পাছতো বিহু সন্মিলনবোৰটো হৈয়েই থাকে। আন নহ'লেও তাৰেই এখনৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন মোক লৈ নকৰা কিয়?
কিংকৰ্তব্য বিমোৰ হৈ হঠাৎ অহা এনেকুৱা প্ৰস্তাৱ এটাত কি উত্তৰ দিম ভাবিয়েই নাপালোঁ। কেৱল মাত্ৰ ক'লো যে আমি সেইবোৰত বৰ এটা জড়িত নহয়। তেওঁ মোৰ অৱস্থাৰ কথা বাৰুকৈয়ে ধৰিব পাৰিলে। হ'ব একো নাই আলোচনা কৰি পাছত জনাবা বুলি কৈ সামৰিলে।
লগালগ ফোন কৰি লগৰীয়া কেইটাক কথাখিনি ক'লো আৰু সন্ধিয়াৰ আদ্দাত সোনকালে আহিবলৈ জনালোঁ।
আচলতে আমি আগতেই তেওঁৰ অনুস্থান এটা কৰিম বুলি মৃদু আলোচনা এটা নকৰা নহয়। মুকলি মঞ্চত নহ'লেও অন্ততঃ নিৰ্দিষ্ট সংখ্যক শ্ৰোতাক লৈ কোনোবা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা বন্ধ দুৱাৰৰ গৃহত/ মঞ্চত।
কিন্তু সেই আলোচনা কলিতেই মৰহিলে। তাৰ কাৰণ কেইবাটাও, এক- আমি এইবোৰ কাম কোনোদিনে কৰি পোৱা নাই, দুই- অৰুণদাৰ লগত কথা পাতি আমি বুজিছিলো যে মানুহজন সম্পূৰ্ণ ভাৱে সুস্থ হৈ থকা নাই। তিনি- আমি তেখেতক মাতি আনি যদি উচিত সন্মান দিব নোৱাৰোঁ তেনেহলে সেয়া আৰু ভয়ানক হ'ব। আৰু অন্তিম ভাৱে আগতেই কোৱাৰ দৰেই তেখেতৰ গানসমূহ সেই সময়ৰ আন গানতকৈ পৃথক আছিল, এক বেলেগ ধাৰাৰ গীত আছিল যাৰ গুণমুগ্ধ শ্ৰোতাখিনিও হয়তো অলপ বেলেগ ধাৰাৰ আছিল যিদৰে অৰুণদাও আনতকৈ পৃথক আছিল। এতেকে তেখেতক লৈ ৰাইজৰ মাজত কেনে প্ৰতিক্ৰিয়া হয় বা শ্ৰোতা দৰ্শকৰ কেনে সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় সেইবোৰ আগতীয়াকৈ অনুমান কৰিবলৈ যথেষ্ট অসুবিধা। আৰু এইবোৰেই আছিল আন বহুতো সমস্যাৰে মাজৰ কিছুমান, যিবোৰৰ বাবেই আমি ইতিমধ্যে এনে পৰিকল্পনা বন্ধই কৰিছিলোঁ।
পুনৰ আমি মুষ্টিমেয় কেইজনমানে ভাবি একেখিনি সমস্যাকে বিচাৰি পালোঁ। বা প্ৰকৃততে সমস্যা বুলি নকৈ এই ধাৰণাবোৰক আচলতে আমাৰ অকৰ্মণ্যতাক ঢাকিবলৈ ব্যৱহাৰ কৰা ঢাল বুলিলেও মিছা নহ'ব।
বাৰু চমুকৈ কৈ সামৰো।
এই সিদ্ধান্তত আমি উপনীত হলো ঠিকেই কিন্তু এই বিষয়ে অৰুণদাক ক'ব কোনে? আকৌ আহিল দায়িত্ব মোলৈ। মাজৰখিনি কাটি চমুৱাই কও। দাদালৈ ফোন কৰি অইন কথা বাৰ্তা পতাৰ পিচত অনুষ্ঠান সম্পৰ্কে মেহেঙা মেহেং কৰি থাকোতেই অৰুণদাই থাপ মাৰি মাজতে শুধিলে যে তেওঁৰ শ্ব'টোৰ বিষয়ে কি ভাবিলো? সেইটোযে আমি পাতিবলৈ অসুবিধা হ'ব তাকেই কেনেকৈ ক'ম ভাবি থাকোতেই অৰুণদাই নিজেই নিজৰ প্ৰশ্নৰ উত্তৰ দিলে। তোমালোকে মোৰ প্ৰগ্ৰেম পাতিবলৈ অসুবিধা পাইছা নহয় নে ? মই ধৰিব পাৰিছো। কথাখিনি প্ৰায় সত্য বুলি কৈ আৰু দুই চাৰিটা অজুহাত দেখুৱালত তেওঁ অলপ খঙত কোৱাদি ক'লে যে তাকেই কোৱা নাই কিয়? সেই নহ'বটো কবলৈকে ইমান সময় বা দিন লাগেনে তোমালোকক। এইদৰে আৰু কিবা দুই এষাৰ উষ্মাৰে কৈ তেখেতে সামৰিলে (সঠিককৈ কথাখিনি মনত নাই)।
ইয়াৰ পিছত আৰু অৰুণদাক আমাৰ ফালৰপৰা আৰ্থিক সাহায্য দিবলৈ ভবা কথাটো সুধিবলৈ কোনো এটাৰো সাহসে নুকুলালে।
তাৰ পিছতো অৰুণদাৰ লগত যোগাযোগ আমাৰ চলি আছিল যদিও সেয়া লাহে লাহে কমি আহিল আৰু তেখেতৰ প্ৰস্তাৱৰ ওপৰত একো এটা কৰিব নোৱাৰাৰ দুখত আৰু লাজত আমাৰো তেখেতলৈ ফোন কৰিবলৈ লাজ তথা বেয়া লগা হ'ল আৰু আৰ্থিক সাহায্যৰ কথা উত্থাপন কৰিবলৈও ভয় লগা হ'ল। ঘটনাবোৰ তেনেকৈয়ে লাহে লাহে তল পৰিল। তেওঁৰ ফোন নম্বৰো সলনি হ'ল। আৰু এসময়ত অৰুণদা আমাৰ বাবে অতীত হ'ল।
আমিও জীৱন যুঁজত ব্যস্ত হৈ পৰিলোঁ।
আৰু এদিন প্ৰথমতে কৈ অহাৰ দৰেই টিভিৰ ব্ৰেকিং নিউজত দেখি গম পালোঁ যে অৰুণদা আৰু নাই। সংগ্ৰাম কৰি কৰি সকলোৰে প্ৰতি অভিমান কৰি আঁতৰি গ'ল স্বাভিমানী এইগৰাকী মহান শিল্পী এই ধৰাৰ পৰা।
তেখেত নাইকীয়া হ'লেও কিন্তু এতিয়াও মোৰ যিকোনো এখন গানৰ তালিকা চাওক ম'বাইলতে হওক, লেপটপ বা য'তেই হওক তাত দাদাৰ গান থাকিবৈ। এতিয়াও নিয়মীয়াকৈ তেওঁৰ গান শুনি যাও, যদিও অপৰাধবোধে আৱৰি আছে আজিও।
এই প্ৰৱন্ধটো লিখি মই কাকো দোষাৰোপ কৰিবলৈ চেষ্টা কৰা নাই বা কাকো হীন বা মহান কৰিবলৈও বিচৰা নাই। এয়া মই লিখিছোঁ কেৱল এক নিষ্ঠুৰ কৰুণ বাস্তৱক সত্য হিচাপে স্বীকাৰ কৰি, যি সদায় ঘটি থকা সাধাৰণ ঘটনাত পৰিণত হ'ব ধৰিছে।
এইযে মৃত্যুৰ পিছত মহান ঘোষণা কৰা বা অৱসৰৰ পাছত গুণ গান কৰা এয়া পৰিহাৰ কৰি আমি জানো জীয়াই থাকোতেই এজনৰ গুণ খিনিক খোলা মনেৰে স্বীকৃতি দিব নোৱাৰোঁ, বিপদে আপদে খবৰ এটাও জানো ল'ব নোৱাৰোঁ?
আমি জানো অৱসৰৰ পাছত বিদায় সভাত গামোচা এসোপামান পিন্ধাই, কন্দা-কতা কৰি গুণ-গান গোৱাতকৈ, চাকৰিৰ কাৰ্যকালতে তেখেতৰ গুণানুকীৰ্তন কৰি কামত সহযোগীতা কৰিব নোৱাৰোঁ? যিটোৱে হয়তো তেখেতক আৰু উৎসাহেৰে কৰ্ম সম্পন্ন কৰি সমাজলৈ অধিক অৱদান আগবঢ়োৱাত সহায়ক হ'লহেতেন।
মই জানো যে এই লিখনীয়ে চলিত পৰম্পৰাত অকনো প্ৰভাৱ নেপেলাই। ই কোনো সাংঘাটিক পৰিবৰ্তনৰ সূচনাও নকৰে, এয়া মাথোঁ এক আত্মসমালোচনাত্মক লেখাহে। কিন্তু হ'লেও মই আশাবাদী যে এইদৰে যদি আৰু লেখা প্ৰকাশ পায়, এইদৰে যদি আৰু দুই চাৰিজনে চিন্তা কৰে, তেন্তে সমাজত ইয়াৰ অলপ হ'লেও যোগাত্মক প্ৰভাৱ পৰিব।
সেয়েহে মই আগতেই কোৱাৰ দৰেই লিখি যাম বুলি ভাবিছোঁ এনে গুণী জ্ঞানি ব্যক্তিসকলৰ বিষয়ে যাক মই জানো আৰু যি হয়তো সমাজত জনপ্ৰিয় নাম নহ'বও পাৰে।
শেষত এটাই কৈ আজিলৈ সামৰণি মাৰো যে আমি এজনৰ শ্ৰাদ্ধ পাতি, ভোজ-ভাত খাই গুণ গান কৰাতকৈ জীৱিত কালত, কৰ্মৰত অৱস্থাত শ্ৰদ্ধা নিবেদন কৰাটোহে উচিত আৰু অধিক জৰুৰী আৰু ইয়েই সময়ৰ আহ্বান।
শিৰোনামত কোৱাৰ দৰেই এই 'শ্ৰাদ্ধ'ৰ পৰা 'শ্ৰদ্ধা'লৈ- কৰিবলগীয়া পৰিবৰ্তনৰ যাত্ৰাটো বৰ বেছি দীঘলীয়া আৰু ই একেবাৰেই মসৃণ নহয়। কিন্তু গন্তব্যস্থান যিমানেই দূৰত আৰু কন্টকময় নহওক কিয় ইয়াক শেষ কৰি প্ৰকৃত স্থানত উপনীত হ'বলৈ হ'লে কোনোবা এজনেটো প্ৰথম খোজটো পেলাবৈ লাগিব, নহয় জানো?
এই শ্ৰাদ্ধতকৈ শ্ৰদ্ধা দিয়াৰ সংস্কৃতি গঢ়ি তোলাটোৱেই হৈছে আমাৰ সকলোৰে দায়িত্ব।
নহ'লে মনত ৰখা উচিত, সকলোৰে অন্তিম কিন্তু একেই।
ধন্যবাদ 🙏
২০-০৮-২০২৫ (পুৱা ৩ বজাত)
©️ বিক্ৰম জ্যোতি বৰদলৈ
Comments
Post a Comment