Posts

Showing posts from November, 2020

✍️ নেডাৰলেণ্ডৰ স্কুলত বাধ্যতামূলক ভাগৱত গীতাৰ অন্তৰ্ভূক্তিৰ সত্যাসত্য।

          নেডাৰলেণ্ডৰ স্কুলত পঞ্চমমানৰ পৰা ভাগৱত গীতাখন পঢ়াটো বাধ্যতামূলক কৰা এটা বাতৰি অলপ দিনৰ পৰা ভাইৰেল হৈছে। কথাটো কিমান সচা জানিবলৈ অলপ অধ্যয়ন কৰাত জানিব পাৰিলো যে কথাটো মিছা নহয় সচাই, কেৱল অশ্বত্থামা হত ইতি গজ জাতীয় সত্যহে।            মানে কথাটো এনেধৰণৰ, নেডাৰলেণ্ড দেশখন এখন অত্যন্ত উন্নত ধৰ্মনিৰপেক্ষ দেশ। এইখন দেশত প্ৰায় ২,১৫,০০০ মান হিন্দুও আছে যিসকল মূলতঃ নেডাৰলেণ্ডৰ পুৰণি উপনিৱেশ চুৰিণামৰ পৰা যোৱাটো শতিকাৰ ৭০ - ৮০ দশকমানত নেডাৰলেণ্ডলৈ প্ৰৱজন কৰা শ্ৰমিক শ্ৰেণীৰ শৰণাৰ্থী। এওঁলোকৰ গুৰিগোষ্ঠী মূলতঃ ভাৰতবৰ্ষ আৰু শ্ৰীলংকাৰ আৰু এওলোকক এসময়ত গিৰমিতীয়া বনুৱা হিচাবে ডাচ্ছ উপনিৱেশ চুৰিণামত কাম কৰিবলৈ অনা হৈছিল।  থিক এইদৰে অন্য দেশৰ পৰা প্ৰৱজন কৰা মুছলমান বা অন্য ধৰ্মীয় লোকো ইয়াত আছে।           প্ৰৱজন কৰা মানুহখিনিৰ বহুতেই নিজৰ পৰম্পৰা বা ধৰ্ম সংস্কৃতি ৰক্ষা কৰিবৰ বাবে নিজৰ পদ্ধতিত কিছুমান স্কুল খুলি লয়। যত তেওঁলোকৰ ধৰ্মীয় শিক্ষাৰ উপৰিও আধুনিক শিক্ষাও প্ৰদান কৰে। মুছলমান ধৰ্মাৱলম্বী সকলৰ...