✍️ উন্নত জাতি।
(এই লেখাটো দুবছৰ আগতে ৰাছিয়াত বিশ্বকাপ ফুটবল চলি থকা সময়ত লিখা)
কিছুমান সৰু সৰু কথাই এটা সমগ্ৰ জাতিৰ পৰিচয় দাঙি ধৰে। দীঘলীয়া নকৰি খুব চমুকৈ কও।
বিশ্বকাপ ফুটবল খেল ৰাছিয়াত চলি আছে আৰু তাতেই জাপানীসকলে তেওঁলোকৰ জাতিটোক আৰু এক উচ্চ খাপলৈ তুলি নিবলৈ সক্ষম হৈছে কেৱল মাত্ৰ তেওঁলোকৰ দৈনন্দিন কাম কাজৰ দ্বাৰাই।
প্ৰত্যেক দিনাই জাপানী দৰ্শকে খেল শেষ হোৱাৰ পাছত ষ্টেডিয়ামখন পৰিস্কাৰ কৰি থৈ যায়। বিশ্বকাপত অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিও অন্তিম মূহুৰ্তত জাপান দ্বিতীয় ৰাউণ্ডৰ পৰা বাহিৰ হব লগা হয়। ইয়াৰ পাছত কিন্তু জাপানী খেলুৱৈ আৰু কৰ্মকৰ্তাসকলে তেওঁলোকৰ ড্ৰেছিং ৰুমটো খঙত ভাঙি ছিঙি যোৱা নাই (যিটো সাধাৰণতে সকলো খেলতে অন্য বহুতো টিমে কৰে), বৰঞ্ছ সমগ্ৰ ৰুমটো মছি কাছি ছিকছিকিয়া কৰি ধুলিকণা এটাও নোহোৱা কৰি ৰাছিয়ান ভাষাতে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি এটা বাৰ্তা এৰি থৈ আহিছে।
চাওকছোন বাৰু কেনে এটা সুন্দৰ, সু-শৃংখলিত জাতি। এনে জাতিৰ উন্নতি নহৈ আৰু কাৰ হব বাৰু কওকছোন ?
প্ৰকৃততে উপাধিসূত্ৰে মানুহ বা জাতি এটা উন্নত বা অনুন্নত হয় নে কৰ্মসূত্ৰে ? উত্তৰ নিষ্প্ৰয়োজন।
(বিক্ৰম জ্যোতি বৰদলৈ
৯৯৫৪৩০৬৬৫৪)
Comments
Post a Comment