Posts

প্ৰেম, সুৰ, স্বপ্নৰ মহামিলনৰ মহাকাব্য- যিখন নহ'ল লিখা!

 ( আজি ভূপেনদাৰ শততম জন্মদিন উপলক্ষ্যে) ৮ ছেপ্টেম্বৰত মানে আজি সুধাকন্ঠ, ভাৰত ৰত্ন  ড° ভূপেন হাজৰিকাৰ জন্মদিৱস। এইবাৰ এই জন্মদিনটো বিশেষভাৱে বছৰজোৰা কাৰ্যসূচীৰে পালন কৰিব বিচৰা হৈছে যিহেতু তেখেতৰ এয়া জন্ম শতবাৰ্ষিকী। চৰকাৰৰ এই প্ৰচেষ্টাক সমৰ্থন তথা সন্মান জনাইছো। অৱশ্যে সমূহ অসমবাসী তথা সকলো দল সংগঠন আৰু তেখেতক ভাল পোৱা প্ৰবাসী তথা বিদেশী সকলেও স্বতঃস্ফুৰ্ত ভাৱেই এয়া উদযাপন কৰিবলৈ আয়োজন কৰিছে।  ভূপেনদাক ভাল পোৱা মানুহৰ অভাৱ নাই। তেওঁৰ মৃত্যুৰ সময়ত বিভিন্ন ৰাজ্যত আৰু বিদেশতো কিছুমান স্থানত পৰা শোকৰ ছাঁয়েই ইয়াৰ প্ৰমান। তেওঁৰ মৃত্যুত সেয়েহে কেইবাখনো দেশৰ পৰা শোকবাৰ্তা প্ৰেৰণ কৰিছিল। বাংলাদেশত খুব সম্ভৱ শোক দিৱসেই পালন কৰিছিল (?)।  ভূপেনদা কোনো দিনেই 'বিশ্ব গুৰু' হ'ব বিচৰা নাছিল কিন্তু সাধাৰণ জনগণেই তেখেতক পৰিণত কৰিছিল এজন বিশ্ব শিল্পীত।  বাৰু ভূপেন হাজৰিকাৰ গুন-গান এতিয়া মই গাই ৰাইজক জনোৱাটো মোৰ উদ্দেশ্য নহয়। কাৰণ ই নিষ্প্ৰয়োজন। ইয়াত ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সদায়েই মনলৈ আহি থকা এটা প্ৰসংগহে উত্থাপন কৰিব বিচাৰিছোঁ। আগতে লিখিছিলোঁ যদিও মনত...

'শ্ৰাদ্ধ'ৰ পৰা 'শ্ৰদ্ধা'লৈ- এক বিৰামহীন দীঘলীয়া যাত্ৰা। (আমি সন্মান দিবলৈ কেতিয়া শিকিম- ১)

শিৰোনামটো পঢ়ি হয়তো বহুতে আচৰিত হৈছে বা একো ধৰিব পৰা নাই, নহয় জানো? এতিয়া ভালকৈ বুজাই কও। আমাৰ জাতিটোৰ এটা দুৰ্নাম আছে 'শৰাধ খোৱা জাতি' বুলি। কথাখিনি শুনিবলৈ যেনেকৈ বেয়া, মানিবলৈ আৰু বেয়া। কিন্তু মই নিজকে এই দুৰ্নামৰ এজন অংশীদাৰ বুলিবলৈ অকনো কুন্ঠাবোধ নকৰোঁ। আৰু এইযে 'আমি' বুলি কৈছোঁ সেয়াও মুখ্যতঃ মই নিজকে কোৱাৰ দৰেই। দীঘলীয়া নকৰি পোনে পোনে আৰম্ভ কৰো। আমি সদায় গুণী জ্ঞানী ব্যক্তিসকলক খুব কমেইহে তেখেতসকলৰ প্ৰাপ্য সন্মান জীৱিত অৱস্থাত বা কৰ্মৰত অৱস্থাত দিয়া দেখিছোঁ। কিন্তু সেই একেজন ব্যক্তিয়েই মৃত্যুৰ পিছত বা অৱসৰৰ পাছত হোৱা বিদায় সভাত হৈ পৰে মহান। 'টক শ্ব', বিভিন্ন আলোচনা বিলোচনা চলে তেওঁৰ মহানতাৰ ওপৰত বা তেখেতৰ কৰ্মৰাজীৰ ওপৰত। দুদিন আগলৈকে মানুহজন জীৱিত নে মৃত সেই খৱৰ নৰখাজনেও সলসলীয়াকৈ তেওঁৰ গুণানুকীৰ্তন কৰিব‌ পৰা হয়। কিন্তু মানুহ এজনৰ মৃত্যুৰ পিছত এইবোৰ 'নাটক' কৰাৰ কিবা অৰ্থ আছে জানো?  মই নাভাবো কিবা লাভ হয় বুলি।  আজিকালিৰ টেঙৰ ধূৰ্ত অলপমানক বাদ দিলে তাহানিৰ বহুতো শিল্পীৰ জীৱনটোৱেই নৰক সদৃশ আছিল। কাৰো পৰা সহায় সহযোগ বাদেই এষাৰ মাতো নোপোৱ...

✍️ On saying please

  নৱম নে দশম শ্ৰেণীৰ পাঠ্যক্ৰমত পঢ়িবলৈ পাইছিলো A.G Gardiner ৰ এখন ৰচনা যাৰ শিৰোনাম আছিল ওপৰত উল্লেখিত ' On saying please' । প্ৰৱন্ধটোত কি আছিল এতিয়া মোৰ মনত সম্পূৰ্ণকৈ নাই যিহেতু আজিকালি মোৰ কথা পাহৰাটো বৰ বেছি হৈ পৰিছে। তথাপিও প্ৰৱন্ধটোৰ‌ দুই এটা কথা পাহৰিব পৰা নাই বা পাহৰিব পৰা নহয়।   গাৰ্দিনাৰে এই প্ৰৱন্ধটোত প্ৰধানকৈ গুৰুত্ব দিছিল শিষ্টাচাৰৰ বিষয়ে। কেনেকৈ সামান্য এষাৰ কথাই সমগ্ৰ বিষয়বস্তু সলনি কৰি দিব পাৰে। উদাহৰণ স্বৰূপে তেওঁ উল্লেখ কৰিছিল এজন লিফ্টমেনৰ কথাৰে। এষাৰ ভাল মাত বা কেৱল মাত্ৰ এটা শব্দ প্লীজ বা ধন্যবাদ ব্যৱহাৰ কৰিলেই লিফ্টমেনজন কিমান সন্তুষ্ট হ'লহেতেন! আৰু কিবা উদাহৰণেৰে লেখকে বৰ্তমানৰ এখন সভ্য সমাজত শিষ্টাচাৰৰ কিমান প্ৰয়োজন মূলতঃ এইখিনি কথাকে হয়তো বুজাবলৈ চেষ্টা কৰিছিল।‌ এটা এটা শব্দই এখন সমাজত কিমান সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে সেয়া অকল্পনীয়। কিমান ডাঙৰ ডাঙৰ সমস্যা কেৱল এষাৰ-দুৱাষাৰ মৃদু কথাই পলকতে সমাধান কৰিব পাৰে সেয়াও কল্পনাতীত ।   আজিকালি ডিজিটেল যুগত কিতাপ পত্ৰ পঢ়া মানুহৰ সংখ্যা তেনেই নগণ্য, বিশেষকৈ নৱপ্ৰজন্মৰ‌ মাজত। এতিয়া এই প্ৰবন্ধটো...

✍️চাহিত্ব চাভা🤑🤑🤑

"চাহিত্ব চাভাটো হৈ থাকিব লাগে  চাহিত্বিক কুন্টলে কুন্টলে, আৰু বস্তাই বস্তাই চাহিত্ব ছাপা কৰি থাকব' লাগে ন'। না হলেতো আমি ইমান দিনে মৰিয়েই গলোহয় ন' আজি আপনাৰ বাৰিৰ পৰা আপনাৰ ফটো লাগি থকা এইকিতা বস্তাৰ চাহিত্বখিনি আৰু এই বাকী কছৰাবোৰ কিলোহিচাবত অলপ বেছি দামত বিকৰি কৰিয়েতো আমি চলি আচু আৰু ন' চাৰ আৰু কিবা চাহিত্ব কৰিলে খবৰ কিনতু মোকে দিব হা, লাগলে বস্তাত দু-এক টকা বেচি লৈ লব।  আমি যাব এতিয়া হা আৰু বহু জেগাত যাব লাগে ত' চব একদম চিনাকি হৈ গেছে  "এই ভঙা ছিঙা লোহা পালাচটিক কাগজ চাহিত্ব............... " ---তুফান কছৰাৱালা -------------------------------------------------- ✍️ বিক্ৰম জ্যোতি বৰদলৈ     ১৬-১১-২০২৪

✍️পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম

✍️ পূণ্যাত্মা ৰতন টাটাৰ জীৱ-প্ৰেম =========================== শ্ৰদ্ধাৰ ৰতন টাটাৰ বিষয়ে এতিয়া মই বিশেষণ লগাই লগাই ৰচনা লিখাৰ প্ৰয়োজন নাই। সমগ্ৰ পৃথিৱীয়েই তেখেতৰ বিষয়ে জ্ঞাত। সমগ্ৰ দেশতেই তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আলোচনা বিলোচনা চলিয়েই আছে, শোকত ভাগি পৰিছে বহুতো। গতিকে এই মূহুৰ্তত মই নতুনকৈ তেওঁৰ বিষয়েনো কি লিখিম? কিন্তু মনে নমনাত ইয়াত মই ক'ব বিচাৰিছোঁ মানৱ হিতৈষী টাটাৰ জীৱ-জন্তুৰ প্ৰতি থকা ভালপোৱা। বিশেষকৈ মালিক বিহীন জীৱৰ বাবেও তেখেতেই আছিল ভগৱান। আজিৰ অন্ত্যেষ্টিক্ৰিয়াত অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ লৈ অনা হৈছিল তেওঁৰ মৰমৰ 'গোৱা'ক। প্ৰভু ভক্ত 'গোৱা'ই গম পাইছিল তাৰ গৰাকীৰ অৱস্থা। 'গোৱা' হৈছে ৰতন টাটাৰ পোহনীয়া দেশী, ৰাষ্টাত ঘূৰি ফুৰা মালিকবিহীন এটা কুকুৰ। ১১ বছৰমান আগতে এবাৰ গোৱালৈ যাওঁতে সি ৰতন টাটাৰ পিছে পিছে ঘূৰি ফুৰিছিল। তাকে দেখি মৰম লাগি টাটাই কুকুৰটোক 'বম্বে হাউচ'লৈ লৈ আহে য'ত আছিল আৰু অজস্ৰ মালিকবিহীন ৰাষ্টাৰ; আমাৰ ভাষাত কবলৈ গলে 'ভটুৱা কুকুৰ'। গোৱাৰ পৰা অনাৰ বাবে ইয়াৰ নাম দিয়া হ'ল 'গোৱা'। সকলোকে ভাল পায় যদ...

আদা বেপাৰীক জাহাজৰ খবৰ!===========================

   মামা-মামী, সা-সম্পত্তি, মিঞা, উজনি-নামনি, নানা ৰকমৰ জেহাদ, কোন বেছি অসমীয়া, সৰ্বোপৰি বিশাল, তাৰ্কিক আৰু চুমি, আকৌ চুমিয়ে পিন্ধা কোটি টকীয়া আঙঠি, অৰ্ধকোটি টকীয়া মেখেলা চাদৰ আৰু অন্যান্য কাপোৰ কানি আদিবোৰ ট্ৰেণ্ডিং নিউজ হৈ গোটেইখন জমি থকাৰ সময়তে আমাৰ প্ৰায়সকলেই নজনা বা জনা সকলেও পাহৰি পেলোৱা 'সুনীতা উইলিয়ামছ'ক লৈ কোনো ধৰণৰ উদ্বীগ্নতা কাৰো হোৱা যেন পৰিলক্ষিত হোৱা নাই। অথচ এইগৰাকী প্ৰায় ৬০ বছৰীয়া মহিলা জুন মাহৰ ৫ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ বয়িং ষ্টাৰলাইনাৰত উৰি গৈছিল মাত্ৰ ৮ দিনৰ বাবে আমাৰ বাবেই, মানে বৃহৎ অৰ্থত সমগ্ৰ পৃথিৱীৰে মঙ্গলৰ বাবেই এওলোকৰ এই যাত্ৰাবোৰ আৰু গৱেষণাবোৰ। কিন্তু ষ্টাৰলাইনাৰখনত দেখা দিয়া কাৰিকৰী সমস্যাৰ বাবে নাছাই তেওঁলোকৰ ওভতনি যাত্ৰা অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়ে। সেই তেতিয়াৰ পৰাই তেওঁ তাতেই আছে বিভিন্ন গৱেষণাত ব্যস্ত হৈ। এতিয়া খবৰ অনুসৰি তেওঁ হয়টো ২০২৫ৰ ফেব্ৰুৱাৰীতহে উলটিব পাৰে, মানে আচলতে তেখেতৰ ওভতনি যাত্ৰা এতিয়াও অনিশ্চিত। এই মূহুৰ্তত এটাই নিশ্চিত যে এইবাৰ বয়িং ষ্টাৰলাইনাৰত নহয়, এইবাৰ নাছাই সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত ন...

প্ৰকৃতিৰ ওপৰত অত্যাচাৰ

#extreme_weather ✍️✍️✍️ পাৰিপাৰ্শ্বিকতা ================================= ভাবকছোন এবাৰ, যিকোনো উন্নত দেশ এখনত কেৱল মাত্ৰ ৰাষ্টা-ঘাট বহলোৱাৰ নামত শ শ বছৰীয়া ইমান লাখে লাখে বহুমূলীয়া গছবোৰ কাতিবলৈ দিলেহেতেননে বাৰু?  য'ত পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবেই এয়াৰপৰ্ট বনোৱা প্ৰজেক্ট বন্ধ কৰি দিয়ে যাৰ কাৰণটো আছিল সেই অঞ্চলৰ অলপমান ভূমিয়েদি বিশেষ এবিধ পৰুৱা অহা যোৱা কৰে। য'ত ক্ৰিকেট ষ্টেডিয়ামৰ মাজত থকা গছজোপাও নাকাটে। আৰু এনে হাজাৰটা উদাহৰণ দিব পাৰি পিছে দিলে কি হ'ব, পঢ়িবনো কোনে বা পঢ়িনো লাভ হ'ব কি?  ঠিকেই আমাৰ ৰাষ্টা-ঘাট কেতিয়া সম্পূৰ্ণ হ'ব সেয়া সম্পূৰ্ণ গৌণ, মুখ্য হৈছে গছসোপা কাটি লোৱাটোহে। সৰুতে কিতাপত পঢ়া পৰিবেশৰ কথাবোৰ, গছ গছনিৰ অৱদানবোৰ এতিয়া আমি বাস্তৱিকতেই‌ উপলব্ধি কৰিবলৈ পাইছো যোৱা তিনি চাৰি বছৰ মানৰ পৰা। অসমো এতিয়া Extreme Weather ৰ কবলত। গছো আমাক লাগে ৰাষ্টাও আমাক লাগে কিন্তু কোনো উন্নত দেশত আৰু সমাজত এইদৰে কামখিনি কেতিয়াও যে নকৰিলেহেতেন ই ধূৰুপ। প্ৰয়োজন অনুসৰি ৰাষ্টাৰ দিশ সলনি কৰি হ'লেও অধিকাংশ গছ বছালেহেতেন। বিশেষ নকৰি মোৰ নিছিনা গাধ এটাৰ মুৰতে এটা ...